নেশ্যনেল ডেস্ক, 17 জানুৱাৰী: দেশৰ ৰাজধানী দিল্লীত হাড় কপোৱা শীত ৷ ৰাষ্ট্ৰীয় ৰাজধানীখনত ইতিমধ্যে নূন্যতম তাপমাত্ৰা 4 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে । ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই) বিমানবন্দৰৰ পৰা যাত্ৰা কৰা কেইবাখনো বিমান পলম হয় । এজন যাত্ৰীয়ে ANI ক কয়, "বতৰ বেয়াৰ বাবে মোৰ বিমানখন দুঘণ্টাৰো অধিক পলম হৈছে । অৱশ্যে আমি কাকো দোষ দিব নোৱাৰো । আমি ইয়াৰ বাবে একো কৰিব নোৱাৰো ।"
কুঁৱলীৰ বাবে দৃশ্যমানতাৰ অভাৱৰ মাজতে কেবাখনো ৰে’ল পলম হোৱাৰ বাবে নতুন দিল্লী ৰে’ল ষ্টেচনত যাত্ৰী ৰৈ থকা পৰিলক্ষিত হৈছিল । এজন যাত্ৰীয়ে ANI ক কয়, "মই কেৰালালৈ যাত্ৰা কৰি আছো । মোৰ ৰে'ল কেৰালা এক্সপ্ৰেছ নিৰ্ধাৰিত সময়তকৈ পাঁচ ঘণ্টা দেৰি হৈছে ।"
বতৰ বিজ্ঞান বিভাগৰ মতে, 500 মিটাৰ পৰ্যন্ত দৃশ্যমানতা হ’লে কুঁৱলীক ‘অগভীৰ’ বুলি গণ্য কৰা হয় । দৃশ্যমানতা 200 মিটাৰ পৰ্যন্ত থাকিলে ‘মধ্যমীয়া’ কুঁৱলীৰ সৃষ্টি হয় । দৃশ্যমানতা 50 মিটাৰ পৰ্যন্ত হ’লে কুঁৱলীক ‘ঘন’ হিচাপে শ্ৰেণীভুক্ত কৰা হয় । দৃশ্যমানতা 50 মিটাৰৰ তললৈ গ’লে ইয়াক ‘অতি ঘন’ হিচাপে শ্ৰেণীভুক্ত কৰা হয় ।
বতৰ বিভাগৰ মতে, ইয়াৰ পূৰ্বে সোমবাৰে ৰাজস্থান, পাটিয়ালা, আম্বালা, চণ্ডীগড়, পালাম, চফদৰজং (নতুন দিল্লী), বৰেলী, লক্ষ্ণৌ, বাহৰেইচ, বাৰাণসী, প্ৰয়াগৰাজ, আৰু তেজপুৰত এইবাৰৰ শীতকালত প্ৰথমবাৰৰ বাবে দৃশ্যমানতা ‘শূন্য’ হিচাপে বুলি ৰেকৰ্ড হৈছিল ।
ৰহিমালি নামৰ এজন ব্যক্তিয়ে ANI ক জনোৱা মতে, "আমি ঠাণ্ডা বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জুইৰ কাষত বহি থাকো । জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰাই ঠাণ্ডা বৃদ্ধি হৈ আহিছে ।"
ঠাণ্ডা পৰা নিজকে ৰক্ষা কৰিবলৈ চৰকাৰী আশ্ৰয় গৃহত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছিল কেবাজনো লোক । জুইৰ আশে-পাশে বহি থকা দেখা গ’ল । এনে ঠাণ্ডা মাজতে কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ আখৰা ।
লগতে পঢ়ক: দিল্লীত ৫ দিনলৈ বিদ্যালয় বন্ধৰ ঘোষণা