নেশ্যনেল ডেস্ক, ৫ জুলাই : পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডক (Sidhu Moose Wala murder case) লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । আৰক্ষীৰ লগতে তদন্তকাৰী সংস্থাই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । শেহতীয়াকৈ এই হত্যাকাণ্ডত জড়িত দুজন শ্বুটাৰ অংকিত ওৰফে চোতা আৰু শচীন চৌধুৰী ওৰফে শচীন ভিৱানীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সোমবাৰে দুয়োজনকে দিল্লীৰ পাটিয়ালা হাউচ আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে (Sidhu Moosewala murder accused sent to police remand)।
মুখ্য দণ্ডাধীশ স্নিগ্ধা চাৰ্ভাৰিয়াৰ আদালতে দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । আদালতে কয় যে গোটেই ষড়যন্ত্ৰটো পোহৰলৈ আনিবলৈ তেওঁলোক দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাটো দৰকাৰ । দিল্লী আৰক্ষীয়ে দুয়োকে হাজিৰ কৰাৰ সময়ত আদালতক কৈছিল যে অভিযুক্ত দুজনে ব্যৱহাৰ কৰা অস্ত্ৰ আৰু ম'বাইল বিচাৰি উলিওৱাৰ বাবে পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু দিল্লী-এনচিআৰত তেওঁলোকৰ কিছুমান গোপন স্থানত অভিযান চলোৱাৰ প্ৰয়োজন আছে । অৱশ্যে দিল্লী আৰক্ষীয়ে অভিযুক্ত দুজনক সাত দিনৰ জিম্মাত বিচাৰিছিল ।
দিল্লী আৰক্ষীৰ মতে, তেওঁলোকে এক তথ্য লাভ কৰিছিল যে অভিযুক্ত দুজনে কাশ্মীৰীৰ গেট অঞ্চলত তেওঁলোকৰ কেইজনমান সহযোগীক লগ কৰিবলৈ আহি আছিল । তেওঁলোক দুয়ো দিল্লীত ডাঙৰ অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল । দুয়োকে ৩ জুলাইত দিল্লীৰ কাশ্মীৰী গেটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।
দুয়োজন লৰেন্স বিষ্ণোই-গ'ল্ডি ব্ৰাৰ দলৰ সদস্য । ২৯ জুনত, আদালতে সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত ট্ৰেঞ্জিট ৰিমাণ্ডত গেংষ্টাৰ জগ্গু ভগৱানপুৰীয়াক পাঞ্জাৱ আৰক্ষীক হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছিল ।
লগতে পঢ়ক :Moosewala's killing: গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈয়ে প্ৰত্যাহাৰ কৰিলে নিৰাপত্তাৰ আবেদন