নেশ্যনেল ডেস্ক, 30 জুলাই : ভাৰতৰ পৰা গৈ পাকিস্তানী যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা অঞ্জুৱে নস্যাৎ কৰিছে এই অভিযোগ ৷ উল্লেখ্য যে, অঞ্জুৱে তেওঁৰ দেউতাকৰ সৈতে 15 মিনিট ধৰি ভিডিঅ’ কলত কথা পাতিছিল । ভিডিঅ’ কলৰ সময়ত অঞ্জুৰ পিতৃ গয়া প্ৰসাদ থমাছে অঞ্জুক পৰিয়ালক মিছা কথা কৈ কিয় পাকিস্তানলৈ গ’ল আৰু তাতে কিয় বিয়া পাতিলে বুলি সোধাত অঞ্জুৱে দেউতাকক এই সকলোবোৰ উৰাবাতৰি বুলি কয় ।
ফেচবুকৰ বন্ধু নছৰুল্লাক লগ কৰিবলৈ পাকিস্তানলৈ যোৱা অঞ্জু নামৰ এগৰাকী বিবাহিত ভাৰতীয় মহিলাই মঙলবাৰে বিবাহপাশত আৱদ্ধ হয় । কন্যাৰ এই কার্যক লৈ দুখ আৰু হতাশা প্রকাশ কৰি গয়া প্রসাদ থমাছে অঞ্জুৰ হোৱাটছএপত মেছেজ প্রেৰণ কৰি তেওঁ কন্যাৰ সৈতে কথা পাতিব বিচাৰে বুলি কয় ৷ ইয়াৰ পিছতে অঞ্জু আৰু তেওঁৰ দেউতাকে ভিডিঅ’ কলত 15 মিনিট কথা পাতে । বিয়া সন্দৰ্ভত সোধাত এই সকলোবোৰ উৰাবাতৰি বুলি কয় অঞ্জুই ।
ইয়াৰ পিছতে গয়া প্ৰসাদে অঞ্জুক পৰিয়ালক মিছা কথা কোৱাৰ বাবে পৰিয়ালটোৰ বাবে অঞ্জু মৃত বুলি কয় । গয়া প্ৰসাদ থমাছে অঞ্জুৰ পৰা মোবাইলত এটা মেছেজ পাইছিল যে, "মই তোমাৰ বাবে মৰিছো, গতিকে এতিয়া মোক ফোন নকৰিবা ।" ইটিভি ভাৰতৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত অঞ্জুৰ পিতৃ গয়া প্ৰসাদ থমাছে কয় ‘‘তেওঁ বিবাহিত হওক বা নহওক এই সকলোবোৰ উৰাবাতৰি পাকিস্তানৰ পৰাই প্ৰচাৰ হৈছিল । মই ইয়াত কোনো সত্য দেখা নাপালোঁ । কেৱল সংবাদ মাধ্যমতহে প্ৰচাৰ কৰা হৈছে যে তাইৰ বিয়া হৈছিল ।"
অঞ্জুৰ পিতৃৰ ওপৰত নিৰাপত্তা সংস্থা আৰু স্থানীয় আৰক্ষীয়ে নজৰ ৰাখিছে । থমাছৰ সকলো নথি নিৰাপত্তা সংস্থাই লাভ কৰিছে আৰু তেওঁক জেৰা কৰা হৈছে । ইয়াৰ পূৰ্বে অঞ্জুৰ দেউতাকে কৈছিল যে তেওঁ অঞ্জুৰ সৈতে কথা পাতিব নিবিচাৰে । তেওঁ লগতে কয় যে, মোৰ ছোৱালীজনী আমাৰ বাবে মৃত ।
ঘটনাটোত দুখ প্ৰকাশ কৰি গাঁওবাসীয়ে কয় যে, অঞ্জুৱে কেৱল গাঁওখনতে নহয় সমগ্ৰ দেশখনলৈ বদনাম কঢ়িয়াই আনিছে । এই গাঁৱত তাইক ভৰি দিবলৈ দিয়া নহ’ব বুলি কয় যদি অঞ্জুৰ পৰিয়ালৰ লোক এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ ঘনীভূত হয় তেন্তে তেওঁলোককো গাঁৱৰ পৰা পঠিওৱাৰ ব্যৱস্থা ল’ব লাগে ।
লগতে পঢ়ক : Anju Pakistan news: অঞ্জুক গ্ৰহণ নকৰে স্বামীয়ে; তৰিব অপৰাধমূলক গোচৰ