ETV Bharat / bharat

উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আহি আছে আয়ুষ্মান খুৰানাৰ 'অনেক'

author img

By

Published : May 5, 2022, 9:03 PM IST

মুকলি হ’ল উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে নিৰ্মাণ কৰা আয়ুষ্মান খুৰানাৰ নতুন ছবি (Ayushmann Khurrana latest movie ) 'অনেক'ৰ ট্ৰেইলাৰ ৷ শেহতীয়াকৈ, সমগ্ৰ দেশতে যেতিয়া 'দ্যা কাশ্মীৰ ফাইলচ'কলৈ ব্যাপক চৰ্চা চলিছিল সেই সময়তে বিভিন্নজনে সামাজিক মাধ্যমত উত্তৰ-পূব ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ আধাৰত 'দ্যা কাশ্মীৰ ফাইলচ'ৰ দৰেই 'নৰ্থ ইষ্ট ফাইলচ' বুলিও ছবি এখন নিৰ্মাণ হ’ব লাগে বুলি ব্যাপক চৰ্চা চলোৱা দেখা গৈছিল ৷ নাম 'নৰ্থ ইষ্ট ফাইলচ' নহ’লেও এতিয়া একে বিষয় বস্তুৰে নিৰ্মাণ হোৱা 'অনেক' ছবিখনে দৰ্শকৰ চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে ৷

anek-trailer-out-ayushmann-says-gave-it-my-best-shot
উত্তৰ-পূব ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আয়ুষ্মান খুৰানাৰ 'অনেক' আহি আছে...

নিউজ ডেস্ক, 5 মে’: বৃহস্পতিবাৰে মুকলি হ’ল আয়ুষ্মান খুৰানাৰ নতুন ছবি (Ayushmann Khurrana upcoming movie ) 'অনেক'ৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটোৰ মুক্তিৰ লগেই লগেই ছবিখনকলৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে (Anek movie trailer) ৷ উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ ছবিখনৰ পৰিচালনা কৰিছে অনুভৱ সিন্হাই ৷ ইয়াৰ পূৰ্বে অনুভৱ আৰু আয়ুষ্মানৰ যুটিটোৱে 'Article-15'ৰ দৰে ছবি দৰ্শকক উপহাৰ দিছে ৷ বক্স অফিচ সফলতাৰ লগতে 'Article-15' ছবিখনে চলচিত্ৰ পণ্ডিত সকলৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল ৷

ইপিনে, বাস্তৱ ধৰ্মী সামাজিক ঘটনাক বিষয়বস্তু হিচাপে লৈ ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অনুভৱ সিনহাৰ আছে বিশেষ নাম, ইয়াৰ পূৰ্বে 'আৰ্টিকল 15' ৰ ওপৰিও তেওঁ নিৰ্মাণ কৰা 'মুল্ক', 'থাপ্পড়' আদিয়েও লাভ কৰিছিল চলচিত্ৰ সমালোচকৰ লগতে ছবি প্ৰেমী ৰাইজৰ সমাদৰ ৷ 'অনেক'ৰ বিষয়বস্তু আৰু অনুভৱ সিনহা, আয়ুষ্মান খুৰানাৰ পূৰ্বৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি সেয়ে এতিয়া অহা 27 মে’ত মুক্তি লাভ কৰিব লগীয়া ছবিখনকলৈ সৃষ্টি হৈছে আলোচনা আৰু উৎসুকতা (Ayushmann Khurrana Anek ) ৷

মন কৰিব লগীয়া যে, চলিত বৰ্ষৰ 11 মাৰ্চত মুক্তি লাভ কৰা বলিউড ছবি 'দ্যা কাশ্মীৰ ফাইলচ'কলৈ যেতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছিল সেই সময়তে বিভিন্ন জনে সামাজিক মাধ্যমত উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ আধাৰত 'দ্যা কাশ্মীৰ ফাইলচ'ৰ দৰেই 'নৰ্থ ইষ্ট ফাইলচ' বুলিও ছবি এখন নিৰ্মাণ হ’ব লাগে বুলি ব্যাপক চৰ্চা চলোৱা দেখা গৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নাম 'নৰ্থ ইষ্ট ফাইলচ' নহ’লেও এতিয়া একে বিষয় বস্তুৰে নিৰ্মাণ হোৱা 'অনেক' ছবিখনে দৰ্শকৰ চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে ৷ বিশেষকৈ, দেশৰ আন প্ৰান্তৰ ৰাইজৰ অজ্ঞাতে থকা উত্তৰ-পূৱৰ সশস্ত্ৰ বিপ্লৱৰ বহু অধ্যায় ছবিখনে উন্মোচন কৰিব বুলিও আশা কৰিছে ছবি প্ৰেমী ৰাইজে ৷

ছবিখনৰ মুখ্য ভূমিকা ৰূপায়ন কৰা আয়ুষ্মান খুৰানাই কয় যে, এই ছবিখনে তেওঁক শাৰিৰীক আৰু মানসিক দুয়োফালৰ পৰা যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে ৷ পৰিচালক অনুভৱ সিনহাৰ সফল নেতৃত্বত আয়ুষ্মানে নিজৰ ফালৰ পৰা সৰ্বোচ্চ উজাৰি অভিনয় কৰাৰ কথা স্বীকাৰ কৰিছে অভিনেতা গৰাকীয়ে ৷ ইপিনে, এই ছবিখনে অসমৰ বাবেও কঢ়িয়াই আনিছে এক ভাল খবৰ ৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছে বলীউডৰ সফল সংগীত পৰিচালক তথা অসম সন্তান অনুৰাগ শইকীয়াই ৷ শইকীয়াই ইয়াৰ পূৰ্বেও পৰিচালক অনুভৱ সিনহাৰ কেইবাখনো ছবিৰ সংগীত পৰিচালকৰ ভূমিকা ৰূপায়ন কৰিছে ৷

লগতে পঢ়ক : ৭৫ তম কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব সত্যজিৎ ৰায়ৰ 'প্ৰতিদ্বন্দী'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.