ETV Bharat / bharat

Chandrababu Naidus bail petition : চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন ১৫ নৱেম্বৰলৈ স্থগিত

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 7:53 AM IST

অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে দক্ষতা বিকাশ নিগম কেলেংকাৰী গোচৰত টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ নিয়মীয়া জামিন আবেদন ১৫ নৱেম্বৰলৈ পিছুৱাই দিছে । নাইডু বৰ্তমান ২৮ নৱেম্বৰলৈকে গোচৰটোত অস্থায়ী জামিনত আছে । আনহাতে, অন্ধ্ৰপ্ৰদেশ চিআইডিয়ে অমৰাৱতী ভূমি কেলেংকাৰী গোচৰ পুনৰ খোলাৰ বাবে আন এখন আবেদন দাখিল কৰিছে, ইয়াৰ বিতৰ্ক সম্পূৰ্ণ হৈছে ।

চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন ১৫ নৱেম্বৰলৈ স্থগিত
Chandrababu Naidus bail petition

নিউজ ডেস্ক, ১১ নৱেম্বৰ : অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে দক্ষতা বিকাশ নিগম কেলেংকাৰী গোচৰত টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন ১৫ নৱেম্বৰলৈ স্থগিত ৰাখিছে । উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ২৮ নৱেম্বৰলৈকে এই গোচৰটোত অস্থায়ী জামিনত আছে । দক্ষতা বিকাশ কেলেংকাৰী বাতিল কৰাৰ বাবে তেওঁৰ আবেদন উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে । আনহাতে, ন্যায়ালয়ে প্ৰকাশ কৰিছে যে দেৱালী বন্ধৰ পিছত ৰায় প্ৰদান কৰিব ।

ইফালে চিআইডিয়ে উচ্চ ন্যায়ালয়ত অমৰাৱতী ভূমি কেলেংকাৰী পুনৰ মুকলি কৰিবলৈ আবেদন জনাইছে । এই গোচৰত চন্দ্ৰবাবু নাইডু আৰু জ্যেষ্ঠ টিডিপি নেতা পি নাৰায়ণক অভিযুক্ত হিচাপে নামকৰণ কৰা হৈছে । নাইডুক এই গোচৰত জি চুব্বা ৰাৱে প্ৰতিনিধিত্ব কৰিছে । তেওঁৰ বিৰুদ্ধে চিআৰপিচি আৰু অন্যান্যৰ ধাৰা ৪৮২-ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

উল্লেখ্য যে, উচ্চ ন্যায়ালয়ে অমৰাৱতী ভূমি কেলেংকাৰীৰ গোচৰটো ২২ নৱেম্বৰলৈকে স্থগিত ৰাখিছে । মঙ্গলাগিৰিৰ বিধায়ক এ ৰাম কৃষ্ণ ৰেড্ডীয়ে ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত টিডিপিৰ শাসনকালত অনুসূচিত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ ভূমি দখল কৰাৰ অভিযোগত চন্দ্ৰবাবু নাইডু আৰু নাৰায়ণৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

আনহাতে, বৃহস্পতিবাৰে ফাইবাৰনেট গোচৰত আগতীয়া জামিন বিচাৰি নাইডুৱে কৰা আবেদনৰ শুনানি ৩০ নৱেম্বৰলৈ স্থগিত ৰখা হয় । অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে বিষয়টো স্থগিত ৰাখি কয় যে দক্ষতা বিকাশ কেলেংকাৰীৰ গোচৰটো বাতিল কৰিবলৈ নাইডুৰ আবেদনৰ ৰায় আদালতৰ দেৱালী বন্ধৰ পিছত প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :PB Acharya Passes Away : অসমৰ প্ৰাক্তন ৰাজ্যপাল পিবি আচাৰ্যৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.