ETV Bharat / bharat

Andhra Pradesh flood: মৃতকৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি

author img

By

Published : Nov 27, 2021, 2:18 PM IST

অন্ধ্ৰ প্ৰদেশৰ প্ৰলয়ংকাৰী বানত (Andhra Pradesh flood) প্ৰায় ৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে বানপীড়িতৰ সহায়ৰ বাবে বিশেষ সাহাৰ্য ঘোষণা কৰিছে চৰকাৰে (Andhra Pradesh govt support for flood victims)। এতিয়াও বহু স্থানত বান পৰিস্থিতি ভয়ংকৰ হৈয়ে আছে ।

Andhra Pradesh flood
মৃত্যুৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে অন্ধ্ৰপ্ৰদেশত । শেহতীয়াকৈ হোৱা বৃষ্টিপাতৰ ফলত ৰাজ্যখনত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে (Unprecedented rain in Andhra Pradesh) । অন্ধ্ৰপ্ৰদেশ চৰকাৰে শুকুৰবাৰে জনোৱা মতে ৰাজ্যখনত বৰষুণৰ ফলত হোৱা বানপানীত (Andhra Pradesh flood) প্ৰায় ৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

চৰকাৰৰ বিবৃতি অনুসৰি কাডাপা, চিত্তুৰ, অনন্তপুৰ আৰু নেল্লোড় জিলা কেইখন বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । বানপানীৰ ফলত চাৰিওখন জিলাৰে ১১৯ টা মণ্ডলৰ প্ৰায় ১৯৯০ খন গাঁও প্ৰভাৱিত হৈছে । ইয়াৰে প্ৰায় ২১১ খন গাঁও সম্পূৰ্ণৰূপে প্লাবিত হৈছে । সেই অঞ্চলবোৰৰ পৰা এতিয়াও ১৬ গৰাকী লোক সন্ধানহীন হৈ আছে ।

বিবৃতিমতে ৰাজ্যখনৰ ইতিহাসত কেতিয়াও এনেধৰণৰ বৰষুণ হোৱা নাই । বানপানীৰ ফলত ৰায়ালসীমা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে (Rayalaseema effected by Andhra Pradesh Flood) । কেৱল এয়াই নহয় তিৰুমালাৰ পথবোৰ আৰু তিৰুপতি চহৰত বাহনবোৰ যিধৰণে বানপানীত উটি গৈছে সেয়া অতি ভয়ংকৰ ।

বানপানীৰ সময়ত বিভিন্ন স্থানত ৪ খন বাছ আবদ্ধ হৈ আছিল । ইয়াৰে এখন বাছ নাদালুৰু দলঙৰ পৰা পানীত পৰি যোৱাৰ ফলত ১০ গৰাকী লোকৰ মৃত্যু হৈছিল । অৱশ্যে বাকীসকলক এছডিআৰএফৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । শিৱলয়মত আন ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

চৰকাৰে ইতিমধ্যে প্লাৱিত অঞ্চলবোৰৰ ক্ষেত্ৰত বান সাহাৰ্য ঘোষণা কৰিছে ( Andhra Pradesh government announced flood relief measures) । চৰকাৰৰ তথ্য অনুসৰি বানপানীৰ দ্বাৰা প্ৰভাৱিত জিলা কেইখনত বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰা হৈছে লগতে বানপীড়িত ৯৫,৯৪৯ টা পৰিয়ালক সাহাৰ্য প্ৰদান কৰা হৈছে ।

ইফালে বানপানীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰা আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত কৰা ঘৰসমূহৰ ক্ষেত্ৰত ক্ষতিপূৰণৰো ঘোষণা কৰিছে চৰকাৰে । সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ গৰাকীলৈ চৰকাৰে ১.৮ লাখ টকা আৰু সামান্য ক্ষতিগ্ৰস্ত ঘৰবোৰৰ পুনঃনিৰ্মাণৰ বাবে চৰকাৰে সৰ্বাধিক ৯৫,০০০ টকা দিয়াৰ কথা ঘোষণা কৰিছে ।

বানপানীত পশুধনৰো বিস্তৰ ক্ষতি হোৱা দেখা গৈছে । বানপানীৰ ফলত শ শ পশুধনৰ মৃত্যু হৈছে । যাৰ বাবে চৰকাৰে গৰু বা পশুধনৰ গৰাকীলৈ ক্ষতিপূৰণ দিয়াৰ কথা চিন্তা কৰিছে । ইফালে গৰুবোৰৰ টীকাকৰণ প্ৰক্ৰিয়াও ক্ষীপ্ৰতাৰে কৰাৰ বাবে নিৰ্দেশ দিছে ।

গৰুৰ পৰ্যাপ্ত খাদ্য যোগানৰো নিৰ্দেশ দিছে চৰকাৰে । ইয়াৰোপৰি শস্যৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত গণনা প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে চৰকাৰে । বানপানীৰ ফলত ধ্বংস হোৱা পথৰ নিৰ্মাণৰ বাবে জিলা উপায়ুক্তক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে চৰকাৰে ।

ইয়াৰ পূৰ্বে বানাক্ৰান্ত পৰিয়ালসমূহক ২৫ কিলোগ্ৰামকৈ চাউল, ১ কিল’গ্ৰামকৈ দাইল, ১ লিটাৰ পাম তেল, পিয়াজ ১ কিল’গ্ৰাম, আলু ১ কিল’গ্ৰামকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰে । চৰকাৰে অসামৰিক যোগান আয়ুক্ত আৰু প্ৰধান সচিবক অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ভাৰতত প্ৰয়োজন অত্যাৱশ্যকীয় পৰিকল্পনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.