ETV Bharat / bharat

নাগপুৰৰ ‘বাহুবলী ফুচকা’ৰ নাম শুনিছেনে ?

নাগপুৰৰ এবিধ বিশেষ ফুচকা(Fuska), যি ফুচকা দেখিলে আপুনিও ক’ব ইয়াৰ আকৃতিৰ কথা ৷ এইবিধ ফুচকা দেশৰ ভিতৰত আটাইতকৈ বৃহৎ ফুচকা বুলি একাংশৰ মাজত প্ৰচলিত ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

author img

By

Published : Oct 7, 2021, 9:43 AM IST

bahubali-fuska
বাহুবলী ফুচকা

নিউজ ডেস্ক, 7 অক্টোবৰ : পানীপুৰি অথবা ফুচকা(Fuska), ঝালমুড়ী, চাট্ এনেবোৰ স্পাইচী খাদ্যৰ নাম শুনিলে আমাৰ প্ৰায়ভাগৰে জিভাৰ পানী পৰাতো স্বাভাৱিক ৷ এনেধৰণৰ ষ্ট্ৰীট ফুড(Street Food) প্ৰায়সংখ্যক লোকৰে প্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত । ফুচকা খাই বেয়া পোৱা লোক বহু কম সংখ্যকহে থকা বুলি গণ্য কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

পথৰ কাষত ফুচকা ষ্টলত প্ৰতিদিনেই আমি মানুহৰ ভিৰ দেখিবলৈ পাও ৷ ফুচকাৰ প্ৰসংগ ওলাওতেই আমি যাব লাগিব মহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন ফুচকা ষ্টললৈ, য’ত পোৱা যায় এবিধ বিশেষ ধৰণৰ ফুচকা ৷ বাহুবলী ফুচকা(Bahubali Fuska).... নামেই যাৰ পৰিচয় ৷ আপুনি হয়তো নাম শুনিয়েই বুজিব পাৰিছে এয়া কি ধৰণৰ ফুচকা ৷ এইবিধ ফুচকাত কেইবাটাও সোৱাদৰ পানীয় সংযোগ কৰা হয়, যাৰ ফলস্বৰূপে ইয়াৰ সোৱাদো সুকীয়া হৈ পৰে ৷

বাহুবলী ফুচকাৰ আকৃতিও সাধাৰণ ফুচকাৰ তুলনাত যথেষ্ট ডাঙৰ ৷ বাহুবলীৰ দৰে দেখিবলৈ ডাঙৰ হোৱা বাবে এইবিধ ফুচকাৰ নাম বাহুবলী ফুচকা ৰাখিছে বিক্ৰেতাই ৷ এইবিধ ফুচকাৰ সোৱাদ লোৱা একাংশ গ্ৰাহকে পূৰ্বতে এনেধৰণৰ ফুচকা নেদেখা বুলিও উল্লেখ কৰিছে ৷ গতিকে, ষ্ট্ৰীট ফুড বিশেষকৈ ফুচকা লাভাৰসকলে সুবিধা অনুযায়ী নাগপুৰৰ এইখন ফুচকা ষ্টললৈ এবাৰ যাব পাৰে ৷

লগতে পঢ়ক : অনাৰসৰ পৰা ভেগান চামৰা প্ৰস্তুত কৰিব মেঘালয় চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.