ETV Bharat / bharat

শ্বপিয়ানত সন্ত্ৰাসবাদী-নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ - সংঘৰ্ষ

বুধবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ শিৰমল অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা সংঘটিত হয় । জানিব পৰা মতে, অঞ্চলটোত ২-৩ জন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে । উক্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।

An encounter broke out between security forces and terrorists in JK Shopian
শ্বপিয়ানত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ
author img

By

Published : Jun 23, 2021, 8:36 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুন : পুনৰ জম্মু-কাশ্মীৰত অশান্ত হৈ পৰিছে পৰিস্থিতি । বুধবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ শিৰমল অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । টুইটযোগে কাশ্মীৰ আৰক্ষীয়ে জনাইছে যে, আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলাইছিল । শ্বপিয়ানৰ শিৰমল অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান চলায় ।

বৰ্তমানেও আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত আছে । আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটো ঘেৰাও কৰাৰ পিছত আৰু সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি তালাচী অভিযান আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদীৰে সংঘৰ্ষ হয় । সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা স্থানত নিৰাপত্তা বাহিনী উপস্থিত হোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । অঞ্চলটোত ২-৩ জন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ নাওগামত এগৰাকী আৰক্ষী বিষয়াক মঙলবাৰে আবেলি সন্ত্ৰাসবাদীয়ে গুলীয়াইছিল । আৰক্ষী পৰিদৰ্শক পাৰভেজ আহমেদে সেই সময়ত নামাজৰ বাবে মছজিদলৈ গৈছিল । ঘটনাৰ পিছতে সংকটজনক অৱস্থাত তেওঁ হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয় ।

যোৱা ২ মাহত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা চতুৰ্থগৰাকী আৰক্ষী বিষয়া হৈছে পাৰভেজ আহমেদ । আৰক্ষীয়ে এক চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে । বিগত কেইমাহমান ধৰি জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী বিচাৰি অভিযান চলাইছে সুৰক্ষা বাহিনীয়ে ।

লগতে পঢ়ক: নতুন পদোন্নতি নীতি 2021 অনুমোদন: খালী হ’ব বহু পদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.