ETV Bharat / bharat

ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ পঞ্জাৱ নেশ্যনেল বেংকৰ কোষাধ্যক্ষ

অৱশেষত আৰক্ষীৰ জালত পৰিল পঞ্জাৱ নেশ্যনেল বেংক(Punjab National Bank) ৰ পলাতক মুখ্য কোষাধ্যক্ষ ৰাজকুমাৰ নৰৱাৰিয়া । ইন্দোৰৰ পৰা অৰ্থনৈতিক অপৰাধ শাখাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কোষাধ্যক্ষগৰাকীক । ২০১৭ চনৰ ১৫ জুলাইৰ পৰা ২০১৯ চনৰ ২ আগষ্টৰ ভিতৰত ৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাজকুমাৰ নৰৱাৰিয়াৰ বিৰুদ্ধে ।

author img

By

Published : Jun 19, 2021, 8:33 PM IST

An absconding cashier of PNB has been arrested for embezzling Rs 3 cr
৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী

নেশ্যনেল ডেস্ক, ১৯ জুন : পঞ্জাৱ নেশ্যনেল বেংক(Punjab National Bank) ৰ পলাতক মুখ্য কোষাধ্যক্ষ ৰাজকুমাৰ নৰৱাৰিয়াক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে । ৰাজকুমাৰ নৰৱাৰিয়া পঞ্জাৱ নেশ্যনেল বেংকৰ মধ্য প্ৰদেশৰ উজ্জয়িনী জিলাৰ বদৰনগৰ শাখাৰ কাৰ্য়ালয়ৰ মুখ্য কোষাধ্যক্ষ আছিল । ৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে । ইয়াৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছিল ।

বেংকৰ প্ৰবন্ধক অজয় কুমাৰ ৰামৰ মতে, ৬ গৰাকী গ্ৰাহকৰ পৰা লোৱা ৩৬,৬৫,১৮৫ টকা বেকত জমা দিয়া নাছিল নৰৱাৰিয়াই । ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল । তেওঁ গ্ৰাহকসকলৰ পৰা ২০১৭ চনৰ ১৫ জুলাইৰ পৰা ২০১৯ চনৰ ২ আগষ্টৰ ভিতৰত মুঠ ৩ কোটি টকা লৈছিল আৰু তেওঁলোকক আশ্বাস দিছিল যে, এই ধনৰাশি তেওঁলোকৰ একাউণ্টত জমা কৰিব । মুখ্য কোষাধ্যক্ষগৰাকীয়ে পলায়ন কৰাৰ পিছত গ্ৰাহকসকলে বেংক প্ৰবন্ধক অজয় কুমাৰ ৰামক ৰাজকুমাৰৰ বিষয়ে প্ৰশ্ন কৰে ।

পিছত প্ৰবন্ধকগৰাকীয়ে কোষাধ্যক্ষগৰাকীৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ শাখাত এক অভিযোগ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিতে অৰ্থনৈতিক অপৰাধ শাখাৰ বিষয়াই তদন্ত আৰম্ভ কৰে । শুকুৰবাৰে গোপন সূত্ৰ লাভ কৰাৰ পাছত অৰ্থনৈতিক অপৰাধ শাখাৰ বিষয়াসকলে অভিযুক্তক নৰৱাৰিয়াক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু আদালতত হাজিৰ কৰে ।

২০১৮ চনত কোষাধ্যক্ষগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকুমাৰ নৰৱাৰিয়াক । উল্লেখ্য যে, ২০১৮ চনতে পঞ্জাৱ নেশ্যনেল বেংকৰ দুই বিলিয়ন মাৰ্কিন ডলাৰ হৰলুকিৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল নীৰৱ মোডী আৰু মেহুল চৌকছিৰ বিৰুদ্ধে ৷ বৰ্তমান দক্ষিণ-পশ্চিম লণ্ডনৰ ৱাণ্ডছ ৱৰ্থ কাৰাগাৰত আছে নীৰৱ মোডী ।

আনহাতে, ডমিনিকাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে মেহুল চৌকছি । যোৱা ৯ জুনত এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে হংকঙৰ পৰা নীৰৱ মোডী আৰু ৰাহুল চৌকচিৰ ফাৰ্মৰ ২৩ হাজাৰ কিল’গ্ৰাম হীৰা-মুকুতা উভতাই আনিছে । এই অলংকাৰখিনিৰ মূল্য ১,৩৫০ কোটি টকা ৷

লগতে পঢ়ক: 'flying sikh' খ্যাত মিলখা সিঙৰ মৃত্যুত শোক প্ৰকাশ হিমা দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.