ETV Bharat / bharat

Amritpal Singh updates: অমৃতপালক সাক্ষাতৰ বাবে ডিব্ৰুগড় কাৰাগাৰত পত্নী কিৰণদ্বীপ কৌৰ

author img

By

Published : May 4, 2023, 4:58 PM IST

Updated : May 4, 2023, 6:12 PM IST

আজি অমৃতপালক প্ৰায় ডেৰামাহৰ অন্তত সাক্ষাতৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয়, তেওঁৰ পত্নী (Amritpal wife in Dibrugarh) ৷ অমৃতপালৰ পত্নী কিৰণদ্বীপ কৌৰৰ লগতে ডিব্ৰুগড়ত পঞ্জাৱৰ পৰা আহি উপস্থিত হয় খালাস্তিনী নেতা দলজিৎ সিং কালচিৰ পৰিয়ালো ৷

Amritpal Singh
Amritpal Singh

অমৃতপালক সাক্ষাতৰ বাবে ডিব্ৰুগড় কাৰাগাৰত পত্নী কিৰণদ্বীপ কৌৰ

ডিব্ৰুগড়, 4 মে’: ডিব্ৰুগড়ত উপস্থিত খালিস্তানী নেতা অমৃতপাল সিঙৰ পত্নী ৷ অমৃতপালক সাক্ষাৎ কৰিবৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পত্নী কিৰণদ্বীপ কৌৰ (Amritpal wife Kirandeep kaur) ৷ কিৰণদ্বীপ কৌৰৰ লগতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় আন এক কাৰাবন্দী নেতা দলজিৎ সিং কালচিৰ পত্নী নীৰু কালচি আৰু পুত্ৰ চিমাৰজিৎ সিং (Khalisatani family in Dibrugarh) ৷

উল্লেখ্য যে, অমৃতপালৰ সিঙৰ লগতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে আন 9 খালাস্তানী নেতা ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত 27 এপ্ৰিলত পঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ দুই অধিবক্তাৰ আন কেইবাগৰাকীও খালাস্তিনী নেতাৰ আত্মীয় ৷ মুঠ 12 গৰাকী লোক 27 এপ্ৰিলত উপস্থিত হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৷ কাৰাগাৰৰ পৰাই অমৃতপাল সিঙে অধিবক্তাক দিছিল তেওঁৰ হাতে লিখা এখন চিঠি (Amritpal Singh case) ৷

উল্লেখ্য যে, প্ৰায় এমাহৰো অধিক দিন ধৰি আত্মগোপন কৰি থকা অমৃতপাল সিঙে যোৱা 23 এপ্ৰিল তাৰিখে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাচতেই গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ ইয়াৰ পূৰ্বে 9 খালিস্তানী নেতাক অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত 10 খালিস্তানী নেতা ৰাজ আতিথ্যত থাকিলেও সন্মুখীন হৈছে তীব্ৰ জেৰাৰ ৷ আনহাতে, অমৃতপাল সিঙক ৰখা হৈছে সুকীয়া কোঠাত ৷ ইফালে, ডিব্ৰুগড়ত বন্দী 10 খালিস্তানী নেতাক পঞ্জাৱৰ কাৰাগাৰলৈ স্থানান্তৰিত কৰিবলৈ ন্যায়িক যুঁজ আৰম্ভ কৰা হ’ব বুলিও বিগত 27 এপ্ৰিলত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল পঞ্জাৱৰ অধিবক্তাই ৷

স্মৰ্তব্য যে, পূৰ্বে অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰে লণ্ডনলৈ যোৱাৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৷ মূলতঃ এগৰাকী প্ৰবাসী ভাৰতীয় হোৱাৰ বাবেহে কিৰণদ্বীপ কৌৰে লণ্ডনলৈ যাবলৈ বিচাৰিছে বুলি জনোৱাৰ লগতে ভাৰতত তেওঁ মাত্ৰ 180 দিনহে থাকিব পাৰে বুলি ইমিগ্ৰেচনে চলোৱা জেৰাৰ সময়ত উল্লেখ কৰে ৷

লগতে পঢ়ক: Amritpal Singh arrest: আৰক্ষীৰ নিদ্ৰাহৰণকাৰী কোন এই অমৃতপাল সিং

Last Updated : May 4, 2023, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.