ETV Bharat / bharat

Amritpal Singh update : কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা যুৱ সমাজলৈ বিশেষ আহ্বান অমৃতপালৰ - পত্ৰযোগে ইতিহাস সুৱঁৰিলে অমৃতপালে

ডিব্ৰুগড় কাৰাগাৰত 10 গৰাকী সতীৰ্থৰ সৈতে কাৰাৰুদ্ধ হৈ থকা অমৃতপাল সিঙে কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা এখন চিঠি লিখিছে ৷ শিখ সম্প্ৰদায়টোৰ বাবে জীৱন ত্যাগ কৰা বিভিন্নজন শ্বহীদৰ বিষয়ে চিঠিখনত অৱতাৰণা কৰাৰ লগতে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰোপৰি যুৱ সমাজলৈকো পত্ৰযোগে জনায় আহ্বান ৷

Etv Bharat
Etv Bharat
author img

By

Published : Jul 8, 2023, 8:25 AM IST

ডিব্ৰুগড়, ৮ জুলাই : ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত একাংশ সহযোগীৰ সৈতে অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ ডে’ সংগঠনৰ মুৰব্বী অমৃতপাল সিং । শেহতীয়াকৈ অমৃতপাল সিঙে কাৰাগাৰৰ ভিতৰৰ পৰা এখন চিঠি লিখে । এই পত্ৰৰ জৰিয়তে অমৃতপাল সিঙে বিগত কিছুদিনত খালিস্তানী সমৰ্থকৰ মৃত্যুকে ধৰি অন্যান্য বিষয় উত্থাপন কৰিছে।

অমৃতপাল সিঙে পত্ৰখনত কেইবাটাও বিষয় উনুকিওৱা পৰিলক্ষিত হৈছে ৷ খালিস্তানী সমৰ্থকৰ মৃত্যু সন্দৰ্ভতো কাৰাৰুদ্ধ সিঙে পত্ৰখনত উল্লেখ কৰে ৷ শিখসকলৰ বাবে অৱতাৰ সিং খাণ্ডা আৰু ভাই হৰদীপ সিং নিজহৰ ত্যাগৰ লগতে অৱতাৰ সিং খাণ্ডওঁৰ পিতৃ শ্বহীদ ভাই কুলৱন্ত সিং খুখৰানাকো স্মৰণ কৰে পত্ৰযোগে । ইয়াৰোপৰি দুইজনৰ ক্ষেত্ৰত চৰকাৰে পোষণ কৰা মনোভাৱকো সমালোচনা কৰে অমৃতপাল সিঙে ৷ দুইজনকে ‘ৰাষ্ট্ৰীয় শ্বহীদ’ৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰে সিঙে ।

Amritpal letter from Jail
যুৱ সমাজলৈ বিশেষ আহ্বান অমৃতপালৰ

শিখ সম্প্ৰদায়ৰ ইতিহাস সুঁৱৰি সিঙে শিখসকলে প্ৰতিটো শোষণ-নিৰ্যাতনৰ প্ৰত্যুত্তৰ দিছিল বুলি তেওঁ কয় ৷ পাকিস্তানী পাঞ্জাবী সাহিত্যিক আফজল আহছান ৰান্ধৱাই লিখা "মোৰ ডুব যোৱা সূৰ্য উদয় হ'ব, ৰাতি শেষ হ'ব " কবিতাটিৰ উদ্ধৃতি দি শোষণ-নিৰ্যাতনৰ বেহু ফালি এদিন স্বাধীনতাৰ সূৰ্য উদয় হ’ব বুলি আশাবাদী মন্তব্য প্ৰকাশ কৰে । শিখ সম্প্ৰদায়ৰ উন্নতি-উত্তৰণৰ ক্ষেত্ৰত নিজকে নিয়োজিত হ’বলৈ আহ্বান জনাই শিখ যুৱসমাজক ড্ৰাগছ ত্যাগ কৰিবলৈ কয় ৱাৰিছ পঞ্জাৱ ডে’ৰ মুৰব্বীগৰাকীয়ে ৷ ইয়াৰোপৰি, অমৃতপাণ কৰাৰ লগতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকিবৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়ায় । অমৃতপাল সিঙে ৫ জুলাইৰ দিনা চিঠিখন লিখিছিল বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অমৃতপাল সিঙৰ পত্নী গুৰপ্ৰীত কৌৰে অমৃতপাল সিঙৰ লগতে তেওঁৰ সহযোগীসকলে কাৰাগাৰৰ ভিতৰত আমৰণ অনশনত বহা বুলি চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ পত্ৰখনত গুৰপ্ৰীত কৌৰে কাৰাগাৰত খাদ্য প্ৰস্তুত কৰা কৰ্মচাৰীসকলে ধঁপাত ব্যৱহাৰ কৰে আৰু তেওঁলোকে একেখন হাতেৰেই খাদ্য প্ৰস্তুত কৰে বুলি উল্লেখ কৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল । অৱশ্যে ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষই নস্যাৎ কৰিছিল এই অভিযোগ ৷

উল্লেখ্য যে, পঞ্জাবৰ গুৰুমুখী ভাষাত লিখা এই চিঠিখনত অমৃতপাল সিঙৰ লগতে আছে হৰজিৎ সিং, পাপলপ্ৰীত সিং, দলজিৎ সিং কালসী, কুলৱন্ত সিং, ভগৱন্ত সিং, বসন্ত সিং, সৰবজিৎ সিং, সুৰিন্দৰ সিং, গুৰমীত সিং গুৰ আউজলাৰ স্বাক্ষৰ ৷

লগতে পঢ়ক : Illegal Timber Seized at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত চোৰাং কাঠ ভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.