নিউজ ডেস্ক, ১৭ জানুৱাৰী : মেগাষ্টাৰ অমিতাভ বচ্চন (mega star Amitabh Bachchan), জয়া বচ্চন, অনিল আম্বানী, টিনা আম্বানী আৰু অন্যান্য চেলিব্ৰিটিসকলে মঙলবাৰে আম্বানী গ্ৰুপৰ কোকিলাবেন (Kokilaben Dhirubhai Ambani Hospital) চিকিৎসালয় উদ্বোধন কৰিবলৈ ইন্দোৰত উপস্থিত হয় । মঙলবাৰে আবেলি ৪ বজাত ইন্দোৰত চিকিৎসালয়খন উদ্বোধন কৰা হ'ব । ইয়াৰ বাবে জয়া বচ্চনে পুৱা মুম্বাইৰ পৰা মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে আহি ইন্দোৰ বিমানবন্দৰত অৱতৰণ কৰে । তাৰ পৰা তেওঁলোক পোনে পোনে নিপানিয়াৰ হোটেললৈ যায় (Dhirubhai Ambani Hospital in Indore) । তাতেই নিৰ্মাণ কৰা চিকিৎসালয়খন অমিতাভ বচ্চন, অনিল আম্বানী আদিয়ে উদ্বোধন কৰিব ।
আনহাতে, আজি বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ৰিলায়েন্স গ্ৰুপৰ বিষয়াসকলে অমিতাভ বচ্চনৰ সৈতে জয়া বচ্চনকো আদৰণি জনায় (Relaince group welcomed Amitabh Bachchan) । সেই সময়তো বিমানবন্দৰৰ কৰ্মচাৰীসকলে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ ফটো তুলিবলৈ আৰম্ভ কৰে । ইয়াৰ বাবে কিছু সময়ৰ বাবে জয়া বচ্চনক অসন্তুষ্ট দেখা যায় (Jaya Bachchan Angry with Indore Airport staff) । আনকি তেওঁ খঙৰ ভমকত এইটোও কয় যে এনেকুৱা কৰ্মচাৰীক চাকৰিৰ পৰায়ে বৰ্খাস্ত কৰিব লাগে ।
তাৰ পিছত তেওঁ পোনে পোনে হোটেললৈ ৰাওনা হয় । উল্লেখ্য যে এইটোৱে প্ৰথম ঘটনা নহয় যে বিমানবন্দৰৰ কৰ্তৃপক্ষ তথা কৰ্মচাৰীয়ে নিজে এনে ভুল কৰিছ । পূৰ্বতেও ভিআইপিয়ে ফটো উঠিবলৈ অস্বীকাৰ কৰাৰ পিছতো বিমানবন্দৰৰ কৰ্মচাৰীসকলে ফটো তোলাৰ ঘটনা ঘটিছিল । আজিৰ ঘটনাটোৰ পিছত বিমানবন্দৰ কৰ্তৃপক্ষ তথা কৰ্মচাৰীৰ ভুল ছ'চিয়েল মিডিয়াৰ চৰ্চাৰ বিষয় হৈ পৰিছে ।
উল্লেখ্য, কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ উদ্বোধন আৰু ৰাইজৰ সেৱাত উছৰ্গা উপলক্ষে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ভাৰ্চুৱেলী উপস্থিত থাকিব ৷ অনুষ্ঠানটোৰ মুখ্য অতিথি হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন । যাৰ বাবে চিকিৎসালয় চৌহদৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা অৱলম্বন কৰা হৈছে ৷ উল্লেখ্য যে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলে এতিয়া ইন্দোৰৰ লগতে মধ্য ভাৰতৰ স্বাস্থ্য খণ্ডত স্বাস্থ্য সুবিধা সুলভ কৰাত বিশেষ ভূমিকা পালন কৰিব ।
লগতে পঢ়ক :Guwahati Pollution Situation : দ্বিতীয় দিল্লীৰ দিশে গুৱাহাটী ! ভয়ংকৰ বায়ু প্ৰদূষণ গুৱাহাটী মহানগৰীত