ETV Bharat / bharat

Amit Shah Shivpuri visit : ৩৭০ অনুচ্ছেদক লৈ কংগ্ৰেছক আক্ৰমণ অমিত শ্বাহৰ - Election campaign in MP

মধ্যপ্ৰদেশত বিজেপিৰ প্ৰাৰ্থীৰ হৈ অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ । ৩৭০ অনুচ্ছেদ প্ৰসংগত কংগ্ৰেছক আক্ৰমণ অমিত শ্বাহৰ । ৰাহুল গান্ধী আৰু দ্বিগ্বিজয় সিঙকো সমালোচনা শ্বাহৰ ।

Amit Shah Shivpuri visit
মধ্যপ্ৰদেশত কংগ্ৰেছক তীব্ৰ সমালোচনা অমিত শ্বাহৰ
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:18 PM IST

নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ : দেশৰ নিৰ্বাচনমুখী ৫ খনকৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে । নিৰ্বাচনমুখী মধ্যপ্ৰদেশত শাসকীয় বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ চলাইছে । তাৰ অংশস্বৰূপে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শিৱপুৰী জিলা ভ্ৰমণ কৰে । তেওঁ জিলাখনৰ কৰৈৰা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন ৰাজহুৱা সভা সম্বোধন কৰে । প্ৰচাৰ সভাত তেওঁ কংগ্ৰেছ দল আৰু নেতাসকলক তীব্ৰ আক্ৰমণ কৰে ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, দিগ্বিজয় সিং আৰু কমল নাথকো তেওঁ সমালোচনা কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিগ্বিজয় সিঙৰ চৰকাৰক বিভাজন চৰকাৰ বুলি অভিহিত কৰি কয় যে সেই সময়ত ৰাজ্যখনত বিদ্যুতৰ পৰা আৰম্ভ কৰি বাটপথৰ অৱস্থাও উন্নত নাছিল । অমিত শ্বাহে কয় যে কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ একাউণ্ট ভৰ্তি কৰাৰ কাম কৰিছিল । কংগ্ৰেছে মধ্যপ্ৰদেশক ৰোগীয়া ৰাজ্য কৰিছিল বুলিও তেওঁ অভিযোগ কৰে । আনহাতে বিজেপিয়ে ১৮ বছৰত ৰাজ্যখনত উন্নয়নমূলক কাম কৰিছে বুলিও তেওঁ দাবী কৰে ।

ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয় যে কংগ্ৰেছ চৰকাৰে ৭০ বছৰ ধৰি কাশ্মীৰত ৩৭০ অনুচ্ছেদ বলবৎ কৰি আহিছিল । অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাহুল বাবা আখ্যা দি কয় যে ৰাহুল গান্ধীয়ে কৈছিল যদি কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা হয়, তেন্তে তেজৰ নৈ বৈ যাব । কিন্তু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাশ্মীৰক চিৰদিনৰ বাবে ভাৰতৰ এক অবিচ্ছেদ্য অংগ কৰি তুলিছে । অমিত শ্বাহে পুনৰ ৰাহুল গান্ধীক উদ্দেশ্যি কয় তেজৰ নৈ বৈ যোৱাটো দূৰৰ কথা ৫ বছৰৰ পাছত কোনেও শিল তুলিবলৈ সাহস নকৰিব ।

ইফালে ৰাজহুৱা সভাৰ অন্তত গৃহ মন্ত্ৰী অমিত শ্বাহে ৪০ কিলোমিটাৰৰ ৰোড শ্ব'ত অংশ লয় । মধ্যপ্ৰদেশ ভ্ৰমণৰ সময়ত অমিত শ্বাহে কৰৈৰাৰ উপৰিও কেইবাখনো স্থানত ৰাজহুৱা সভা সম্বোধন কৰে ।

লগতে পঢ়ক :Bhupesh Baghel slams BJP : ডুবাইৰ লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ কি সম্পৰ্ক আছে: ভূপেশ বাঘেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.