ETV Bharat / bharat

Parliament monsoon session 2023 : সদনত মণিপুৰৰ বিতৰ্কত উত্তৰ দিবলৈ সাজু অমিত শ্বাহ

author img

By

Published : Jul 21, 2023, 11:30 AM IST

বিৰোধীৰ হুলস্থূলৰ মাজতে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী একপ্ৰকাৰ ব্যৰ্থ হয় । মণিপুৰৰ বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী কৰে বিৰোধীয়ে । বিজেপি চৰকাৰৰ সূত্ৰৰ মতে বিৰোধীয়ে সংসদক সুশৃংখলভাৱে চলি যোৱাত সহযোগিতা কৰিলে অমিত শ্বাহে বিতৰ্কৰ উত্তৰ দিব ।

Parliament monsoon session 2023
সদনত মণিপুৰৰ বিতৰ্কত উত্তৰ দিবলৈ সাজু অমিত শ্বাহ

নেশ্যনেল ডেস্ক,২১ জুলাই : মণিপুৰৰ বিষয়ত আলোচনাৰ বাবে সাজু আছে কেন্দ্ৰীয় চৰকাৰ । গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ বিতৰ্কৰ ওপৰত উত্তৰ দিব । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে মণিপুৰৰ ভাইৰেল ভিডিঅ' গোচৰত বিৰোধীক কোনো সুবিধা দিবলৈ ইচ্ছা কৰা নাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিৱেশনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে এই জঘন্য কাৰ্যক গৰিহণা দিয়া সন্দৰ্ভত বিষয়টোত প্ৰাৰম্ভিক বিবৃতি দিয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বৃহস্পতিবাৰে কৈছিল যে গৃহ মন্ত্ৰী অমিত শ্বাহে সংসদত আলোচনাৰ সময়ত বিতংভাৱে উত্তৰ দিব । যোশীয়ে লোকসভাত কৈছে যে ৰাজনাথ সিঙকে ধৰি অন্যান্য নেতাসকলেও স্পষ্ট কৰি দিছে যে দুয়োখন সদনতে চৰকাৰে বিষয়টো আলোচনা কৰিবলৈ সাজু । মণিপুৰ হৈছে এক সংবেদনশীল বিষয় সেয়ে চৰকাৰে বিতংভাৱে আলোচনাৰ লগতে উত্তৰ দিব বিচাৰে ।

উল্লেখ্য যে মণিপুৰৰ ভাইৰেল ভিডিঅ'টোক লৈ সংসদৰ দুয়োখন সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে । বৃহস্পতিবাৰে সদনৰ প্ৰথম দিনটোত বিৰোধীয়ে সদনত প্ৰধানমন্ত্ৰীৰ পৰা এক বিবৃতি আৰু সংঘৰ্ষগ্ৰস্ত উত্তৰ-পূব ৰাজ্যৰ ওপৰত বিতৰ্ক দাবী কৰিছিল ।

মণিপুৰৰ পৰিস্থিতিক লৈ চৰকাৰে আলোচনাৰ বাবে সাজু স্বত্বেও বিৰোধীয়ে দুয়োখন সদনতে হুলস্থূলৰ সৃষ্টি কৰিছিল যাৰ বাবে প্ৰথম দিনা লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰম ব্যৰ্থ হৈছিল ।

বিৰোধী সাংসদসকলে 'মণিপুৰ মণিপুৰ' আৰু 'মণিপুৰ জ্বলি আছে'ৰ দৰে বিভিন্ন শ্ল'গান দিয়া দেখা গৈছিল । সদন শুকুৰবাৰলৈ স্থগিত ৰখাৰ পূৰ্বে দুয়োখন সদনে সঘনাই স্থগিত ৰাখিবলগীয়া হৈছিল । বৃহস্পতিবাৰে পুৱাই বিৰোধী দলৰ কেইবাজনো নেতাই ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বৈঠকত মিলিত হৈছিল । তেওঁলোকে যুটীয়াভাৱে দুয়োখন সদনতে প্ৰধানমন্ত্ৰীয়ে দুয়োখন সদনত বিবৃতি আগবঢ়োৱাৰ দাবী জনাইছিল ।

অৱশ্যে দলীয় সূত্ৰই জনোৱা মতে যদিহে বিৰোধীয়ে সংসদক সুশৃংখলভাৱে চলি যোৱাত সহযোগিতা কৰে তেনেহ'লে চৰকাৰে মণিপুৰৰ ওপৰত বিতৰ্কৰ বাবে ইচ্ছুক । অৱশ্যে দ্বিতীয় দিনাৰ বিৰোধীয়ে মণিপুৰৰ বিষয়ক লৈ কি স্থিতি গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Monsoon Session : মণিপুৰৰ যৌন নিৰ্যাতনৰ ভিডিঅ' সন্দৰ্ভত সদনক জনাওক; প্ৰধানমন্ত্ৰীক দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.