ETV Bharat / bharat

দুমাহৰ ভিতৰত দুবাৰকৈ পশ্চিমবংগ ভ্ৰমণ কৰিব অমিত শ্বাহে !

author img

By

Published : Sep 18, 2022, 11:59 AM IST

তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে পশ্চিমবংগত বিজেপিৰ আন্দোলন অব্যাহত আছে (BJP protest against Bengal TMC govt)। শেহতীয়া বিজেপিৰ আন্দোলনে ৰাজ্যখনত হিংসাত্মক ৰূপ লৈছে । ইয়াৰ মাজতে দেশৰ গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে পশ্চিমবংগ ভ্ৰমণৰ পৰিকল্পনা কৰিছে । অক্টোবৰ আৰু নৱেম্বৰ মাহত একেৰাহে দুবাৰকৈ ৰাজ্যখনলৈ যোৱাৰ কথা আছে গৃহ মন্ত্ৰীগৰাকী ।

Amit Shah
দুমাহৰ ভিতৰত দুবাৰকৈ পশ্চিমবংগ ভ্ৰমণ কৰিব অমিত শ্বাহে

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : ২০২৪ত দেশৰ লোকসভা নিৰ্বাচন (Lok Sabha Election 2024)। তাৰ প্ৰাকক্ষণত বিৰোধী দলসমূহৰ লগতে কেন্দ্ৰত থকা বিজেপিয়ে ইতিমধ্যে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে । দেশৰ বিভিন্ন ৰাজ্যত নিজৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় নেতৃত্বই ৰণনীতি প্ৰস্তুত কৰিছে (BJP strategy for upcoming election)।

লক্ষণীয়ভাৱে বিজেপি শাসনত নথকা ৰাজ্যসমূহত বিজেপিয়ে বেছিকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । তাৰ ভিতৰত অন্যতম হৈছে তেলেংগানা আৰু পশ্চিমবংগ । বাকী ৰাজ্যৰ উপৰিও এই দুখন ৰাজ্যত দৃষ্টি নিবদ্ধ ৰাখিছে বিজেপিয়ে । আগন্তুক বিধানসভা নিৰ্বাচনৰ (Telengana next assembly election) প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপিয়ে তেলেংগানালৈ প্ৰেৰণ কৰিছে ইজনৰ পাছত সিজন নেতাক ।

অসমৰ মুখ্যমন্ত্ৰী তথা বিভিন্ন সময়ত বিতৰ্কৰ মাজত থকা ড৹ হিমন্ত বিশ্ব শৰ্মাকো শেহতীয়াকৈ তেলেংগানালৈ প্ৰেৰণ কৰিছে (Assam CM at Telengana)। ইফালে সময় পালেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দল ৰক্ষা অভিযানত নামি পৰে ।

আনহাতে বিজেপিৰ টাৰ্গেটত থকা আন এখন ৰাজ্য হৈছে পশ্চিমবংগ । তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে প্ৰায়ে বিজেপিৰ মতানৈক্য হোৱা দেখা যায় । বিভিন্ন সময়ত ৰাজ্যখনত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সংঘাতৰ ঘটনাও সংঘটিত হৈ আহিছে । শেহতীয়াকৈ বিজেপিয়ে মমতা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যখনত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (BJP protest at West Bengal)। এই আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ লগে লগে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

এই অভিযানক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে গৃহ মন্ত্ৰী অমিত শ্বাহে পুনৰ ৰাজ্যখনলৈ যোৱাৰ পৰিকল্পনা কৰিছে । অহা নৱেম্বৰ মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পশ্চিমবংগ চৰকাৰৰ সচিবালয় নৱান্নলৈ যোৱাৰ সম্ভাৱনা আছে (Amit Shah may visit Nabanna in November)।

প্ৰশাসনৰ এক সূত্ৰ অনুসৰি, কলকাতাত পূব জোনেল নিৰাপত্তা পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হ'ব (Zonal Security Council meeting at West Bengal), য'ত শ্বাহ উপস্থিত থাকিব বুলি আশা কৰা হৈছে । পশ্চিমবংগ, ওডিশা, বিহাৰ, ঝাৰখণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসকলো এই বৈঠকত উপস্থিত থকাৰ কথা আছে ।

বৈঠকখন ৰাজ্যিক সচিবালয় নৱান্নত অনুষ্ঠিত হ'ব । তেওঁৰ উপৰিও বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব উপস্থিত থাকিব বুলি আশা কৰা হৈছে । অৱশ্যে, প্ৰশাসনৰ পৰা কোনো নিশ্চিত তথ্য এতিয়ালৈ পোৱা হোৱা নাই । কিন্তু প্ৰশাসনৰ এটা অংশই দাবী কৰা মতে মমতা বেনাৰ্জীও এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ।

সূত্ৰটোৱে ইয়াৰ কেইবাটাও কাৰণ বাখ্যা কৰিছে । প্ৰথম কথা হ'ল বৈঠকখন নৱান্নত অনুষ্ঠিত হ'ব । দ্বিতীয়তে, যদি অমিত শ্বাহ নিজে উপস্থিত থাকে, মুখ্যমন্ত্ৰীয়ে ইয়াক এৰাই চলিব নোৱাৰিব । আনহাতে, যদি অমিত শ্বাহ নৱেম্বৰত কলকাতালৈ আহে তেন্তে তেওঁ দুমাহৰ ভিতৰত পশ্চিমবংগ দুবাৰ ভ্ৰমণ কৰিব । অক্টোবৰ মাহত তেওঁ কলকাতা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক কলকাতাৰ প্ৰাচীন ঐতিহ্যক্ষেত্ৰ সন্তোষ মিত্ৰ স্কোৱেৰৰ দুৰ্গা পূজা উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ হ'ল মেডিকেল কলেজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.