ETV Bharat / bharat

Amit Shah on Manipur crisis: ৰাজ্যৰ অখণ্ডতাৰ ওপৰত কোনো প্ৰভাৱ নপৰে: অমিত শ্বাহ

author img

By

Published : May 15, 2023, 8:33 PM IST

নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে সকলোকে আশ্বাস দিয়ে যে হৈ যোৱা ঘটনাই কোনো প্ৰকাৰেই ৰাজ্যৰ অখণ্ডতাক প্ৰভাৱিত কৰিব নোৱাৰে (Manipur CM on Manipur violence) ৷

Amit Shah  on manipur incident
মণিপুৰৰ ঘটনা সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্য

তেজপুৰ, 15 মে’ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক আশ্বাস দিয়ে যে ৰাজ্য আৰু কেন্দ্ৰীয় বাহিনীক লৈ গঠিত যুটীয়া নিৰীক্ষণ গোটে উগ্ৰপন্থীসকলক নিজৰ নিৰ্দিষ্ট স্থানলৈ ঘূৰাই পঠাবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে । তেওঁলোকে SoO অধীনস্থ উগ্ৰপন্থী সংগঠনৰ বাহিৰেও বন্দুকধাৰী গোটসমূহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাত জড়িত নেকি সেই সন্দৰ্ভতো পৰীক্ষা কৰি আছে ৷ সংবাদ মাধ্যমক অৱগত কৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি জানিবলৈ দিয়ে যে গৃহমন্ত্ৰীয়ে শেহতীয়া হিংসাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে কি কৰিব পাৰি তাৰ বিৱৰণ দাখিল কৰিবলৈও কৈছে আৰু লগতে শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছে ।

১০ জন বিধায়কে পৃথক প্ৰশাসনৰ দাবী উত্থাপন কৰাৰ পিচত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে এনে কোনো পৰিস্থিতি নাই যিয়ে ৰাজ্যৰ অখণ্ডতাক প্ৰভাৱিত কৰিব বা পৰিৱৰ্তন কৰিব (Union Home minister Amit Shah)। তেওঁ জনোৱা মতে, তেওঁ আৰু তেওঁৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য মহাৰাজা লেইচেম্বা সনাজাওবাই দেওবাৰে সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ প্ৰচলিত পৰিস্থিতিৰ বিষয়ে অৱগত কৰে (Amit Shah assures Manipur CM to restore peace) ।

শ্বাহে আশ্বাস দিয়ে যে কেন্দ্ৰই ৰাজ্যখনৰ প্ৰচলিত পৰিস্থিতিৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰিব আৰু শান্তি আৰু স্বাভাৱিকতা পুনৰুদ্ধাৰ কৰাটো তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । তেওঁ লগতে আশ্বাস দিয়ে যে ৰাজ্যৰ ঐক্য আৰু অখণ্ডতা কোনো মূল্যৰ বিনিময়ত প্ৰভাৱিত নহয় । লগতে মুখ্যমন্ত্ৰী সিঙে সকলো জনসাধাৰণক কোনো ধৰণৰ সমাৱেশ, ধৰ্ণা বা শ্ল’গানৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই লগতে কয় যে এনে কাৰ্যকলাপে ৰাজ্যখনৰ শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত বাধাৰ সৃষ্টি কৰিব পাৰে (Manipur Chief Minister N Biren Singh) ।

Amit Shah  on manipur incident
মণিপুৰৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ বিবৃতি

ৰাজ্যৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে (Manipur news) । তেওঁ আৰু কয় যে পাহাৰৰ পাদদেশত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু বিভিন্ন স্থানত খোলা আশ্ৰয় শিবিৰত থকা লোকসকলৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত চকু ৰখা হৈছে । তেওঁ জনসাধাৰণক উৰাবাতৰি আৰু পৰীক্ষা নকৰা তথ্যত বিশ্বাস নকৰিবলৈ আহ্বান জনাই লগতে কয় যে প্ৰচলিত পৰিস্থিতি অতি গুৰুত্বপূৰ্ণ আৰু যদি নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মৰ শান্তিপূৰ্ণ সহাৱস্থান প্ৰভাৱিত কৰিব পাৰে । শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত তেওঁ নাগৰিক সমাজ সংগঠনৰ সমৰ্থন বিচাৰিছে (Manipur violence)।

তেওঁ বিগত সময়ত ঘটা ঘটনাবোৰ একাষৰীয়া কৰি মণিপুৰবাসীক ৰাজ্যত স্বাভাৱিকতা অনাৰ ক্ষেত্ৰত সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় (Manipur latest updates) । প্ৰেছ বিবৃতিৰ সময়ত বিদ্যুৎ মন্ত্ৰী থংগাম বিশ্বজিৎ, এমএইচইউডিৰ মন্ত্ৰী য়ুম্নাম খেমচান্দ, মন্ত্ৰী গোবিন্দাস কনথৌজাম, আইপিআৰ মন্ত্ৰী ড৹ সপম ৰঞ্জন আৰু ৰাজ্যিক পৰিকল্পনা পৰিষদৰ উপাধ্যক্ষ সোৰোখাইবাম ৰাজেনো উপস্থিত আছিল ।

লগতে পঢ়ক : Karnataka Political updates: ডি কে শিৱকুমাৰৰ জন্মদিনৰ উপহাৰ হ’ব নেকি মুখ্যমন্ত্ৰীৰ পদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.