ETV Bharat / bharat

Cauvery Water Issue : প্ৰতিবাদৰ মাজতে কৰ্ণাটকক তামিলনাডুলৈ পানী এৰাৰ পৰামৰ্শ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:03 PM IST

সমিতিখনে বিতৰ্কিত বিষয়টোৰ ওপৰত আলোচনা অনুষ্ঠিত কৰাৰ পিছত এই বিষয়ত উন্নয়ন ঘটে । চুবুৰীয়া ৰাজ্য তামিলনাডুলৈ কাবেৰী নদীৰ পানী মুকলি কৰাৰ বাবে কৰ্ণাটকৰ কানাড়াপন্থী, কৃষক আৰু প্ৰতিবাদী বিৰোধীৰ সৈতে বৈঠকত মিলিত হয় । মঙলবাৰে বৈঠকত মিলিত হোৱা সমিতিখনে কৰ্ণাটক চৰকাৰক ২৮ ছেপ্টেম্বৰৰ পৰা ১৮ দিনৰ বাবে পানী এৰি দিবলৈ পৰামৰ্শ দিয়ে ।

Cauvery Water Issue
Cauvery Water Issue

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : কাবেৰী জল নিয়ন্ত্ৰণ সমিতিয়ে মঙলবাৰে অনুষ্ঠিত এখন বৈঠকত কৰ্ণাটকক ২৮ ছেপ্টেম্বৰৰ পৰা তামিলনাডুলৈ প্ৰতিদিনে ৩,০০০ কিউছেক পানী এৰি দিবলৈ পৰামৰ্শ দিয়ে ।

সমিতিখনে বিতৰ্কিত বিষয়টোৰ ওপৰত এক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰাৰ পিছত এই উন্নয়ন ঘটে আৰু সমিতিখনে চুবুৰীয়া ৰাজ্য তামিলনাডুলৈ কাবেৰী নদীৰ পানী মুকলি কৰাৰ বাবে কৰ্ণাটকৰ কানাড়াপন্থী, কৃষক আৰু প্ৰতিবাদী বিৰোধীৰ সৈতে বৈঠকত মিলিত হয় । মঙলবাৰে মিলিত বৈঠকত হোৱা সমিতিখনে কৰ্ণাটক চৰকাৰক ২৮ ছেপ্টেম্বৰৰ পৰা ১৮ দিনৰ বাবে পানী এৰি দিবলৈ পৰামৰ্শ দিয়ে ।

কৰ্ণাটকে দাখিল কৰা আবেদনত ৰাজ্যখনত পানীৰ অভাৱ আৰু খৰাং পৰিস্থিতিৰ কথা উল্লেখ কৰা হৈছে । "কৰ্ণাটক চৰকাৰে ১৩ ছেপ্টেম্বৰৰ নিৰ্দেশত ৰাজ্যখনৰ ১৬১ টা তালুকক গুৰুতৰভাৱে খৰাং প্ৰভাৱিত আৰু ৩৪ টা তালুকক মধ্যমীয়া খৰাং প্ৰভাৱিত বুলি ঘোষণা কৰিছে । ইয়াৰ ভিতৰত ৩২ টা গুৰুতৰভাৱে খৰাং প্ৰভাৱিত তালুক আৰু ১৫ টা মধ্যমীয়া খৰাং প্ৰভাৱিত তালুক কাবেৰী অৱবাহিকাত পৰে । এই দিশটোক উচিত স্বীকৃতিৰ প্ৰয়োজন আৰু সমিতিৰ দ্বাৰা গুৰুত্বপূৰ্ণ বিবেচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।" আবেদনখনত কোৱা হৈছে ।

আবেদনখনত লগতে কোৱা হৈছে যে কৰ্ণাটকে ইয়াৰ জলাশয়ৰ পৰা কোনো পানী এৰি দিয়াৰ অৱস্থাত নাই । নাইবা ইয়াৰ জলাশয়ৰ পৰা বিলিগুণ্ডলুৰ আন্তঃৰাজ্যিক সীমান্তত জমা কৰিবলৈ কোনো সোঁত সৃষ্টি কৰাৰ অৱস্থাত নাই ।

উল্লেখ্য যে যোৱা সপ্তাহত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু উপ-মুক্যমন্ত্ৰী ডি কে শিৱকুমাৰে আন বিষয়াসকলৰ সৈতে নতুন দিল্লীত মিলিত হয় আৰু সংবাদ মাধ্যমৰ আগত জনায় যে কৰ্ণাটকে তামিলনাডুলৈ পানী এৰি দিব পৰা অৱস্থাত নাই । লগতে তেওঁলোকে কেন্দ্ৰ আৰু উচ্চতম ন্যায়ালয়ক এই বিষয়ে ব্যাখ্যা কৰিব বুলিও উল্লেখ কৰে ।

আনহাতে, চিডব্লিউআৰচিৰ এই নিৰ্দেশনা কৰ্ণাটকৰ বাবে এক মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে । কিয়নো সমগ্ৰ পুৰণি মহীশূৰ অঞ্চলত ইয়াৰ বাবে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে । যদিও কৰ্ণাটকৰ সংগঠনসমূহে আহ্বান জনোৱা প্ৰতিবাদ অব্যাহত আছে, তাৰ মাজতে তামিলনাডুৰ কৃষকসকলেও প্ৰতিবাদ কৰি আছে ।

লগতে পঢ়ক :PM Modi on Diplomacy : বিগত এটা মাহত দেশৰ কূটনীতিয়ে নতুন উচ্চতা অৰ্জন কৰিছে; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.