ETV Bharat / bharat

নতুন পদোন্নতি নীতি 2021 অনুমোদন: খালী হ’ব বহু পদ - Amid pandemic gloom Tripura employees have all reasons to rejoice etv bharat news

নতুন পদোন্নতি নীতি 2021 কাৰ্যকৰী হোৱাৰ ফলত ত্ৰিপুৰা চৰকাৰৰ বিভিন্ন বিভাগত বহু পদ খালী সৃষ্টি হ’ব ৷ চৰকাৰে ইয়াৰ ফলত খালী পদসমূহ পূৰণ কৰিবলৈ নিযুক্তি অভিযান আৰম্ভ কৰিব ৷

নতুন পদোন্নতি নীতি 2021 অনুমোদন: খালী হ’ব বহু পদ
পদোন্নতি নীতি 2021 অনুমোদন: খালী হ’ব বহু পদ
author img

By

Published : Jun 23, 2021, 5:22 PM IST

নিউজ ডেস্ক, 23 জুন : ক’ভিড (Covid 19)মহামাৰীৰ বাবে ত্ৰিপুৰাত হোৱা বিত্তীয় সীমাবদ্ধতা স্বত্বেও চৰকাৰখনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ত্ৰিপুৰা মন্ত্ৰী পৰিষদে নতুন পদোন্নতি নীতি 2021 (New Promotion Policy 2021)অনুমোদন জনাইছে ৷ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক তেওঁলোকৰ জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি এড-হক আধাৰত পদোন্নতি দিয়াৰ সিদ্ধান্ত লৈছে ৷ যিটো উচ্চতম ন্যায়ালয় (Supreme Court)ত দাখিল কৰা এছএলপি (বিশেষ ছুটি আবেদন)ৰ বাবে দীৰ্ঘদিন ধৰি স্থগিত হৈ আছিল ।

কিন্তু এতিয়াৰে পৰা এছ এল পি(SLP) ৰ ফলাফল সাপেক্ষে পদোন্নতি প্ৰদান কৰা হ'ব । ত্ৰিপুৰাৰ আইনমন্ত্ৰী ৰতনলাল নাথে (Tripura Law Minister Ratan Lal Nath) মঙলবাৰে অসামৰিক সচিবালয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰে এই কথা ৷ ৰাজ্যখনৰ আইনমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰাৰ লগতে কয় যে, ত্ৰিপুৰাত পদোন্নতিৰ অচলাৱস্থাৰ কাৰণে বহুতো চৰকাৰী কৰ্মচাৰী হতাশগ্ৰস্ত হৈছিল । প্ৰশাসনক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।

লগতে পঢ়ক : সান্ধ্য আইন ভংগ কৰি আৰক্ষীৰ জালত 4 যুৱক

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Tripura Chief Minister Biplab Kumar Deb)ৰ বাহিৰে আন কাৰো বাবে এই সিদ্ধান্ত লোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যসমূহক ত্ৰিপুৰাৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰে । তেওঁ এই পদোন্নতিৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ব্যাখ্যা কৰি কয় যে, বিভাগসমূহে পদোন্নতি লাভ কৰিব লগা যোগ্য প্ৰাৰ্থীৰ এখন তালিকা প্ৰস্তুত কৰিব । সেৱাৰ সময় আৰু গ্ৰেড বিবেচনা কৰি দুটাৰ পৰা তিনিটা পদোন্নতি বাকী থকা লোকসকলৰ কিছু বিলম্ব হ’ব পাৰে ৷ কিন্তু সকলো ক্ষেত্ৰতে কেৱল এটা পদোন্নতি দিয়া হ'ব ।

পৰৱৰ্তী পদত বিষয়াসকলক স্থান দিয়াৰ ক্ষেত্ৰত কোনো সমস্যা উদ্ভৱ হ’লে, বিভাগসমূহক অতিৰিক্ত পদ সৃষ্টি কৰিবলৈ অনুমতি দিয়া হ’ব । সকলো ক্ষেত্ৰতে, বিত্ত বিভাগক অৱগত কৰিব লাগিব যদিও বিত্ত বিভাগৰ সন্মতি এই ক্ষেত্ৰত প্ৰয়োজন নাই বুলি আইনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে, চৰকাৰৰ এই সিদ্ধান্তই অধিক খালী পদ সৃষ্টি কৰাত সহায় কৰিব ।

পদোন্নতি প্ৰক্ৰিয়া টি পি এছ (TPS) আৰু টি চি এছ (TCS)ৰ দৰে উচ্চশ্ৰেণীৰ পৰা আৰম্ভ হ'ব আৰু নিম্নস্তৰলৈকে অব্যাহত থাকিব । এই নীতিৰ বাবে বিভিন্ন খালী পদ সৃষ্টি হোৱাত চাকৰি প্ৰাৰ্থীসকলৰ বাবে ই এক ভাল খবৰ । চৰকাৰে তেতিয়া খালী কৰা পদসমূহ পূৰণ কৰিবলৈ নিযুক্তি অভিযান আৰম্ভ কৰিব পাৰিব বুলি মন্ত্ৰী ৰতনলাল নাথে উল্লেখ কৰে ৷

লগতে পঢ়ক : খালী আসন তিনিখন কিন্তু উপ-নিৰ্বাচন পাঁচটা‌ সমষ্টিত, কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.