ETV Bharat / bharat

তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকক সহায়ৰ হাত হোটেল-হাউচবোট স্বত্বাধিকাৰীৰ - জম্মু-কাশ্মীৰ

বিগত 4 দিনে জম্মু-কাশ্মীৰত ব্যাহত হৈ পৰিছে জনজীৱন ৷ অত্যাধিক হাৰত হোৱা তুষাৰপাতৰ বাবে দেওবাৰৰ পৰা কাশ্মীৰৰ সকলো বিমানো বাতিল কৰা হৈছে ৷ যাৰ বাবে কাশ্মীৰৰ ভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকক সহায়ৰ হাত হোটেল-হাউচবোট স্বত্বাধিকাৰীৰ ৷

তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকতুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটক
তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটক
author img

By

Published : Jan 7, 2021, 8:55 AM IST

নেশ্যনেল ডেসেক, 7 জানুৱাৰী: অত্যাধিক হাৰত হোৱা তুষাৰপাতৰ বাবে জম্মু-কাশ্মীৰত বিগত 4 দিনে ব্যাহত হৈ পৰিছে জনজীৱন ৷ যাৰ বাবে দেওবাৰৰ পৰা কাশ্মীৰৰ সকলো বিমানো বাতিল কৰা হৈছে ৷

বিমানসেৱা বাতিল হোৱাৰ বাবে কাশ্মীৰৰ ভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ লগতে শ্ৰীনগৰ-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হোৱাৰ বাবেও আবদ্ধ হৈ পৰিছে বহু পৰ্যটক ৷ অৱশ্যে স্থানীয় হোটেল, হাউচবোট আদিৰ স্বত্বাধিকাৰীসকলে আৱদ্ধ হৈ পৰা পৰ্যটকসকলক উদ্ধাৰৰ বাবে আগুৱাই আহে ৷ সেই পৰ্যটকসকল সম্প্ৰতি শ্ৰীনগৰৰ হোটেল আৰু হাউচবোটসমূহত আছে ৷

তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকক সহায়ৰ হাত হোটেল-হাউচবোট স্বত্বাধিকাৰীৰ

2019 চনত 370 অধিনিয়মৰ সংশোধনৰ পাচত আৰু 2020 বৰ্ষৰ মাৰ্চৰ পৰা Covid-19 ৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে কাশ্মীৰত পৰ্যটকৰ আগমন ঘটা নাছিল ৷ প্ৰায় ডেৰটা বছৰে পৰ্যটকবিহীনভাৱে আছিল কাশ্মীৰ ৷ অৱশ্যে নৱবৰ্ষৰ লগে লগে উপত্যকাখনত আগমন ঘটিছে পৰ্যটকৰ ৷ নৱবৰ্ষ উদযাপনৰ লগতে পৰ্যটকসকলে কাশ্মীৰৰ তুষাৰপাতৰ সাক্ষী হৈ ৰয় ৷

কিন্তু অত্যাধিক তুষাৰপাত আৰু যাতায়াত ব্যাহত হৈ পৰাৰ বাবে সম্প্ৰতি পৰ্যটকসকলে উপত্যকাখনৰ পৰা যোৱাৰ সিদ্ধান্ত লয় ৷ উল্লেখ্য যে, বতৰ উন্নত নোহোৱালৈ আৱদ্ধ পৰ্যটকসকলক সহায়ৰ বাবে বৰ্তমান হোটেল আৰু হাউচবোটৰ মালিক কৰ্তৃপক্ষই তেওঁলোকৰ থকাৰ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া কৰি দিছে ৷ যেতিয়ালৈ তেওঁলোক পুনৰ নিজ গৃহলৈ উভতি যাব নোৱাৰে তেতিয়ালৈ বিনামূলীয়াকৈ তেওঁলোকে তাতেই থাকিব পাৰিব ৷

এই ক্ষেত্ৰত এখন হোটেলৰ স্বত্বাধিকাৰী এগৰাকীয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কয় যে, পৰ্যটকসকল হৈছে কাশ্মীৰৰ অতিথি ৷ গতিকে তেওঁলোকক সহায় কৰাতো হৈছে আমাৰ কৰ্তব্য ৷ তেওঁলোকক সহায় কৰি আমি আমাৰ কৰ্তব্য পালন কৰিছো ৷

লগতে পঢ়ক: বায়ুসেনাৰ ৫৬ খন পৰিবহণ বিমান ক্ৰয়ৰ চুক্তি চূড়ান্ত হোৱাৰ পথত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.