নেশ্যনেল ডেস্ক, 5 মাৰ্চ: উৰন্ত বিমানত যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা ভাৰতীয় যুৱকক মুকলি কৰিলে দিল্লী আৰক্ষীয়ে ৷ আৰ্য ভোহৰা নামৰ ছাত্ৰজনক শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ সোধা-পোচাৰ পাচতে মুকলি কৰি দিয়া হয় ছাত্ৰজনক (Indian citizen urinate on co passenger) ৷
উল্লেখ্য যে, নিউয়ৰ্কৰ পৰা নতুন দিল্লীলৈ অহা আমেৰিকান এয়াৰলাইনছৰ (এএ-২৯২) বিমানত এজন ভাৰতীয় যাত্ৰীয়ে আমেৰিকাৰ সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা বুলি উত্থাপন হৈছে অভিযোগ ৷ মদ্যপান কৰি যহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা যুৱকজনক আমেৰিকাত অধ্যয়ন কৰি থকা বুলি জানিব পৰা হৈছে ৷ শনিবাৰে, সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰ্য ভোহৰা নামৰ ছাত্ৰজনে ৷ এই ঘটনাৰ পাচতে আমেৰিকান এয়াৰলাইনছৰ এক গোচৰৰ ভিত্তিত শনিবাৰে ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে (Indian citizen urinated on mid flight) ৷
আমেৰিকান এয়াৰলাইনছৰ বিবৃতি অনুসৰি, ‘‘বিমান উৰণৰ সময়ত অত্যাধিক নিচাগ্ৰস্ত আছিল যুৱকজন ৷ বিমানত থকা কৰ্মচাৰীৰ নিৰ্দেশনা পালন নকৰাৰ লগতে বাৰে বাৰে বিতৰ্কতো লিপ্ত হৈছিল ৷ নিৰ্দিষ্ট স্থানত বহিবলৈয়ো ইচ্ছুক নাছিল ৷ সেই যুকজনেই সহযাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰিছিল ৷’’
সহযাত্ৰীৰ ওপৰত যুৱকজনে প্ৰস্ৰাৱ কৰাৰ পাচতে আমেৰিকান এয়াৰলাইনছৰ পাইলটে বিমানখনত থকা যুৱকজনৰ সন্দৰ্ভত দিল্লী এটিচিৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল ৷ এই অভিযোগৰ ভিত্তিতেই চিআইএছএফৰ জোৱানে বিমান অৱতৰণৰ পাচতেই উদণ্ড যুৱকজনক আটক কৰে ৷ চিআইএছএফৰ কৰ্মচাৰীৰ সৈতেও যুৱকজনে দুৰ্ব্যৱহাৰ কৰা বুলি উঠিছিল অভিযোগ (Indian student barred from flying) ৷
আৰ্য ভোহৰা যুৱকজনক জেৰা চলোৱাৰ পাচতে দেওবাৰে মুকলি কৰি দিয়া হয় বুলি দিল্লী আৰক্ষীয়ে সদৰী কৰে ৷ ইতিমধ্যেই এই সন্দৰ্ভত এক গোচৰো ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে ৷ সেই গোচৰৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত কৰি যুৱকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে দিল্লী আৰক্ষীয়ে ৷ ইফালে, যুৱকজনক ভৱিষ্যতে যিকোনো আমেৰিকান বিমানত উৰণ নিষিদ্ধ কৰিছে আমেৰিকান এয়াৰ লাইনছে (American Airlines bars Indian citizen) ৷
ইয়াৰ পূৰ্বে যোৱা বছৰৰ ২৬ নৱেম্বৰত শংকৰ মিশ্ৰ নামৰ নিচাসক্ত এজন ব্যক্তিয়ে এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-নতুন দিল্লীৰ এখন বিমানৰ ব্যৱসায়িক শ্ৰেণীত এগৰাকী ৭০ বছৰীয়া মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।
লগতে পঢ়ক: Air India horror: এয়াৰ ইণ্ডিয়া বিমানত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা সুৰাসক্ত কোন এই শংকৰ মিশ্ৰ ?