ETV Bharat / bharat

Law Minister praises Savarkar : সাভাৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অৰ্জুন ৰাম মেঘৱাল

author img

By

Published : Jun 3, 2023, 3:46 PM IST

মহাত্মা গান্ধীৰ হত্যাৰ সৈতে সাভাৰকাৰৰ কোনো সম্পৰ্ক নাই । এই মন্তব্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ (Law Minister praises Savarkar)। সাভাৰকাৰক সমালোচনা কৰা সকলক উভতি ধৰে মন্ত্ৰীগৰাকীয়ে ।

Law Minister praises Savarkar
সাভাৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অৰ্জুন ৰাম মেঘৱাল

নেশ্যনেল ডেস্ক,৩ জুন: "কেইবা দশক ধৰি লগতে এতিয়াও বহু লোকে ভি ডি সাভাৰকাৰক মহাত্মা গান্ধীৰ হত্যাৰ মূল সূত্ৰধাৰ হিচাপে গণ্য কৰে । কিন্তু সঁচা কথাটো হ'ল যে এই হত্যাকাণ্ডত তেওঁৰ কোনো ভূমিকা নাছিল আৰু হত্যাকাৰীক সাভাৰকাৰে সমৰ্থনো কৰা নাছিল ।" এই মন্তব্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ (Law Minister praises Savarkar)। মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল ড০ আম্বেদকাৰৰ সহায়ৰ বাবেই সত্যটো পোহৰলৈ আহিছে যে সাভাৰকাৰে গান্ধীক হত্যা কৰা নাই ।

নতুন দিল্লীৰ ৰাজহুৱা পুথিভঁৰালত শুকুৰবাৰে 'অমৃত কাল মহোৎসৱ' উপলক্ষে আয়োজিত 'বীৰ সাভাৰকাৰ জয়ন্তী' শীৰ্ষক এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Veer Savarkar Jayanti)। আইন মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে ৰাজনৈতিক লাভালাভৰ বাবে ইচ্ছাকৃতভাৱে সাভাৰকাৰক বদনাম কৰাৰ বাবে পৰোক্ষ ভাৱে কংগ্ৰেছে সমালোচনা কৰি আহিছে (Arjun Ram Meghwal slams Congress)।

আইন মন্ত্ৰীগৰাকীৰ মতে সেই সময়ছোৱাত পৰিৱেশ অত্যন্ত উত্তেজনাপূৰ্ণ আৰু বিশৃংখল আছিল । বীৰ সাভাৰকাৰে দেশৰ জনসাধাৰণৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিছিল । ব্ৰিটিছসকলে তেওঁক এক দশকধৰি কাৰাগাৰত ৰখা তেওঁৰ কাৰাগাৰৰ কোঠাটো চালে সাভাৰকাৰৰ ত্যাগ আৰু সাহসৰ বিষয়ে জানিব পৰা যাব । কিন্তু ইয়াৰ স্বত্ত্বেও তেওঁ মৃত্যুৰ পাছতো যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল ।

মেঘৱালে লগতে কয় যে কেৱল ড০ বি আৰ আম্বেদকাৰৰ সহায়ৰ বাবে হে সত্যটো সকলোৰে সন্মুখত ওলাই আহিছিল । গান্ধীৰ হত্যাত তেওঁৰ কথিত ভূমিকাৰ বাবে এজাহাৰত সাভাৰকাৰৰ নাম যোগ কৰা হৈছিল । কিন্তু ড০ আম্বেদকাৰে এদিন সাভাৰকাৰৰ অধিবক্তাক এখন সভাৰ বাবে মাতিছিল । সেই বৈঠকত আম্বেদকাৰে তেওঁৰ অধিবক্তাৰ ওচৰত কেইটামান টোকা উপস্থাপন কৰে আৰু তেওঁক এই টোকাবোৰ ব্যৱহাৰ কৰি গোচৰটোৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায় আৰু তেওঁ সেইটো কৰে । তাৰ ফলস্বৰূপে, গান্ধীৰ হত্যাৰ এবছৰৰ পাছত আদালতে ঘোষণা কৰে যে তেওঁৰ হত্যাত সাভাৰকাৰৰ কোনো ভূমিকা নাই । কিন্তু কোনেও এই বিষয়ে একো নকয় বুলিও তেওঁ উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে সাভাৰকাৰে নাথুৰাম গডছেক মহাত্মা গান্ধীক হত্যা কৰিবলৈ বন্দুক বিচাৰি উলিওৱাত সহায় কৰাৰ সকলো দাবী খাৰিজ কৰে আৰু সাভাৰকাৰক বদনাম কৰিবলৈ এয়া এক প্ৰচাৰ বুলি অভিহিত কৰে । কোৱা হয় যে সাভাৰকাৰে কাৰাগাৰত থাকোতে ব্ৰিটিছসকলৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তেওঁক মুক্ত কৰিবলৈ অনুৰোধ জনাইছিল । সঁচা কথাটো হ'ল যে আবেদনৰ বিন্যাস তেনেধৰণৰ আছিল আৰু মানুহে মিছা কথা বিয়পাইছিল যে সাভাৰকাৰে ব্ৰিটিছসকলৰ ওচৰত নমস্কাৰ কৰিছিল । কিন্তু জৱাহৰলাল নেহৰুক মুক্ত কৰি দিবলৈ অনুৰোধ কৰি ব্ৰিটিছলৈ মতিলাল নেহৰুৱে দিয়া পত্ৰৰ বিষয়ে কি হ'ব বুলিও তেওঁ প্ৰশ্ন কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত যিসকলে কাৰাগাৰত আছিল তেওঁলোক উদ্বিগ্ন হৈ পৰিছিল । ঘৰলৈ কেনেকৈ ঘূৰি আহিব আৰু তেওঁলোকৰ সম্পত্তিৰ কথা ভাবি হতাশ হৈছিল । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে সাভাৰকাৰে সেইসকলক সহায় কৰিছিল । যিহেতু তাত থকা কয়দীসকল বিভিন্ন ৰাজ্যৰ পৰা আহিছিল আৰু বিভিন্ন ভাষাত কথা কৈছিল । সেয়ে তেওঁলোকৰ মাজত যোগাযোগৰ সমস্যা হৈছিল । যাৰ বাবে সাভাৰকাৰে সেই সকলো বন্দীক হিন্দী শিকাইছিল ।

লগতে পঢ়ক :Excise policy scam: মণীষ ছিছোডিয়াক পত্নীক সাক্ষাতৰ অনুমতি ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.