ETV Bharat / state

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিজেপি নেতাক আটক - ATTEMPT TO RAPE

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 5:47 PM IST

Sexual harassment: অভয়াকাণ্ডই সমগ্ৰ দেশত প্ৰতিক্ৰিয়া অব্যাহত ৰখাৰ সময়তে ৰাজ্যত পুনৰ সংঘটিত আন এক যৌন নিৰ্যাতনৰ ঘটনা । এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ । আৰক্ষীৰ জালত অভিযুক্ত ।

BJP leader held for sexually assaulting minor girl in Cachar
নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিজেপি নেতাক আটক (ETV Bharat Assam)

শিলচৰ, ১৭ ছেপ্টেম্বৰ: আৰ জি কৰ ধৰ্ষণকাণ্ড, ধিঙৰ ধৰ্ষণকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ যোৱা নাই বৰ্তমান পৰ্যন্ত । তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে আন বহুকেইটা ধৰ্ষণকাণ্ড । যাৰ বিৰুদ্ধে ৰুজু হৈছে কেইবাটাও গোচৰ । ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ গোচৰত আটক কৰা হৈছে বহুকেইজন লোকক । তথাপিও যেন গা-লৰা নাই একাংশৰ । নিকৃষ্ট মানসিকতাৰ একাংশ লোকে বৰ্তমানো নাৰীৰ ওপৰত চলাই গৈছে যৌন আতিশয্য ।

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিজেপি নেতাক আটক (ETV Bharat)

ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনা । কাছাৰৰ লায়লাপুৰত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক দোকানৰ ভিতৰত ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মায়াজুল আলী লস্কৰ নামৰ এগৰাকী গাঁওৰক্ষী বাহনীৰ লোকক । অভিযোগ অনুসৰি, অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে নিজ বিদ্যালয়ৰ কাষতে থকা অভিযুক্ত মায়াজুল আলীৰ দোকানলৈ গৈছিল কলম ক্ৰয় কৰিবলৈ । ছাত্ৰীগৰাকীক অকলে পাই সুযোগ বুজি জোৰজৱৰদস্তি কৰি দোকানৰ ভিতৰলৈ লৈ গৈ ধৰ্ষণৰ চেষ্টা চলায় অভিযুক্ত লোকজনে ।

পিছে নাবালিকা ছাত্ৰীগৰাকীয়ে লোকজনৰ হাতত কামুৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে সমগ্ৰ ঘটনা বিদ্যালয়ৰ এজন শিক্ষকক ভুক্তভোগী নাবালিকা ছাত্ৰীগৰাকীয়ে অৱগত কৰে । ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই নাবালিকা ছাত্ৰীগৰাকীৰ পিতৃক অৱগত কৰোৱাৰ পিচতে নাবালিকাগৰাকীৰ পিতৃয়ে লায়লাপুৰ আৰক্ষী চকীত মায়াজুলৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ ।

লগে লগে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃৰ গোচৰ ভিত্তিত নিশা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মায়াজুল আলীক । ধৃত মায়াজুল ধলাই চন্নীঘাটৰ বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মীৰ লগতে হাওয়াইথাঙৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: নাবালিকাক ধৰ্ষণ কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড ৬ কিশোৰৰ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ - MINOR RAPE CASE

আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যু: উচ্চ ন্যায়ালয়ত আজি প্ৰথমটো শুনানি - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.