ETV Bharat / state

এতিয়াও নিশ্চিত হোৱা নাই প্ৰাৰ্থী: তথাপিও সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰচাৰ অভিযান - Assam bye elections 2024

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 5:44 PM IST

BJP candidature for Assam bye elections: উপ-নির্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক লৈ দুৰ্গা পূজাৰ পূৰ্বে বৈঠকত মিলত হ’ব শাসকীয় বিজেপি দল । বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৷

ASSAM BYE ELECTIONS 2024
সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প্ৰচাৰ অভিযান (Etv Bharat Assam)

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: বিধানসভা উপ-নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই যদিও উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ বিশেষকৈ কোন সমষ্টিৰ পৰা কাক প্ৰক্ষেপ কৰা হ’ব এই লৈ দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ ইফালে ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

দুৰ্গোৎসৱৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিজেপি:

উপ-নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "প্ৰাৰ্থী এতিয়াও ঠিক হোৱা নাই । কিন্তু দুৰ্গা পূজাৰ আগত বিজেপিৰ এখন সভা অনুষ্ঠিত কৰা হ'ব । তাতে উপ-নিৰ্বাচনক লৈ আৰু প্ৰাৰ্থী সন্দৰ্ভত আমি আলোচনা কৰিম । সেই সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰিম । যিসকলে উপ-নিৰ্বাচন খেলিম বুলি ভাবিছে তেওঁলোকে বৰ্তমান ফিল্ডত নামি পৰিছে ।"

দুর্গোৎসৱৰ পাছতেই অনুষ্ঠিত হ’ব বিধানসভাৰ উপ-নিৰ্বাচন:

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত অনুষ্ঠিত হ'ব ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচন । ইতিমধ্যে উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নির্বাচন আয়োগে । এই সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতেও নির্বাচন আয়োগৰ বৈঠক অনুষ্ঠিত হৈছে । যদিহে সকলো ঠিকে থাকে তেনেহ'লে অক্টোবৰৰ শেষত নাইবা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ৰাজ্যত উপ-নির্বাচন অনুষ্ঠিত হ'ব ।

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, নির্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত নির্বাচন আয়োগে ৰাজ্য চৰকাৰৰ পৰা আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত এখন প্রতিবেদন বিচাৰিছিল । সেই অনুসৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দুর্গা পূজাৰ পাছতেই উপ-নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ।

উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচ-কাৱাজ :

ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও এইবাৰৰ উপ- নির্বাচন পুৰণি বিধানসভা সমষ্টিৰ সীমা মতেই অনুষ্ঠিত হ'ব । নিৰ্বাচনৰ দিন ঘোষণা কৰা নহ'লেও উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া চামগুৰি, চিদলী, ধলাই, বঙাইগাঁও আৰু বিহালীত নির্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে । প্ৰতিটো সমষ্টিতেই ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে ।

লগতে পঢ়ক: বিৰোধী একত্ৰিত হৈয়ো বিজেপিক ৰোধ কৰিব নোৱাৰে : ভৱেশ কলিতা - By election 2024

ইতিমধ্যে শাসকীয় বিজেপিয়ে উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত ধলাই, বিহালী আৰু চামগুৰি সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ বিপৰীতে বঙাইগাঁও সমষ্টিটো মিত্রদল অগপক আৰু চিদলী সমষ্টিটো মিত্রদল ইউ পি পি এলক এৰি দিয়াৰ সিদ্ধান্ত লৈছে । আনহাতে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা চামগুৰি সমষ্টিটো দখল কৰাৰ বাবে বিজেপিয়ে এইবাৰ বিশেষ ৰণনীতি গ্ৰহণ কৰিছে ।

২০০১ চনৰ পৰা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰিত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন হোৱাৰ সম্ভাৱনা আছে । আনহাতে শাসকীয় দল বিজেপিয়ে দলৰ ৰাজ্যিক সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে সমষ্টিটো দখলৰ বাবে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত বিজেপিৰ এটা দলে চামগুৰিৰ গাঁৱে গাঁৱে গৈ দিপ্লু ৰঞ্জন শৰ্মাৰ সমৰ্থনত প্ৰচাৰ আৰম্ভ কৰিছে ।

ইফালে বঙাইগাঁও সমষ্টিটোত অগপই কাক প্রার্থিত্ব প্ৰদান কৰিব সেয়া ঠিক কৰা নাই যদিও সমষ্টিটোত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আঠবাৰ প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰীৰ পত্নীয়ে প্রার্থিত্ব লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । অৱশ্যে ফণীভূষণ চৌধুৰীৰ পত্নীয়ে টিকট নাপালেও তেওঁৰ পুত্ৰই উপ-নির্বাচনত প্রার্থিত্ব লাভ কৰিব বুলি দলৰ মজিয়াত চৰ্চা চলিছে ।

লগতে পঢ়ক: উপ-নির্বাচন: পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে - Assam Bye Election 2024

লক্ষণীয় বিষয় যে দিল্লীলৈ গ'লেও ধলাইৰ মোহ এৰিব পৰা নাই পৰিমল শুক্লবৈদ্যই । যাৰবাবে সমষ্টিটোত তেওঁ পুত্ৰ উৎপল শুক্লবৈদ্যক প্রার্থিত্ব প্ৰদানৰ বাবে চেষ্টা চলাই আছে । শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ গৱেষক ছাত্ৰ উৎপল শুক্লবৈদ্যই সমষ্টিটোত ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে ।

ইফালে বিহালী সমষ্টিত বিজেপিয়ে কাক প্রার্থিত্ব প্ৰদান কৰিব তাক লৈ সমস্যাৰ সৃষ্টি হৈছে। প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে সমষ্টিটোত নিৰ্বাচন খেলাৰ বাবে মন মেলিছে যদিও দলৰ আন কেইবাজনো নেতাই এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে । বিশেষকৈ পূৰ্বৰ বিধায়ক ৰঞ্জিত দত্ত আৰু মন্ত্ৰী অশোক সিংহালৰ সৈতে থকা সংঘাতৰ বাবে পল্লৱ লোচন দাসৰ প্রার্থিত্বক লৈ সমস্যাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে বিজেপিৰ লগতে অগপ আৰু ইউ পি পি এলে ইতিমধ্যে সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে যদিও এই ক্ষেত্ৰত বিৰোধী দল কংগ্ৰেছ এতিয়াও বহু পিছপৰি আছে । কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চক সমষ্টিটো এৰি দিব নে নিদিয়ে তাক লৈ কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই । এতিয়ালৈকে একমাত্র বিহালী আৰু চামগুৰিতহে কংগ্ৰেছে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । অৱশ্যে প্রার্থিত্ব প্রত্যাশীসকলে ইতিমধ্যে নিজাববীয়াকৈয়ে সমষ্টিসমূহত নামি পৰিছে । এনে পৰিস্থিতিত অনাগত সময়ত উপ-নির্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি গৰম হৈ পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: চামগুৰিত ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ সাজু বিজেপি - ASSAM BY ELECTION 2024

উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিত কি আছিল ভোটৰ অংক :

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঢলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ইতিমধ্যে সংশোধনীৰে ভোটাৰ তালিকা প্ৰকাশ কৰি উপ-নির্বাচনৰ বাবে সাজু হৈছে । ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত উক্ত সমষ্টিকেইটাৰ চাৰিটা সমষ্টি আছিল মিত্ৰজোঁটৰ হাতত । আনহাতে এটা সমষ্টি আছিল বিৰোধী কংগ্ৰেছৰ হাতত । বিজেপিয়ে দখলত থকা চাৰিওটা সমষ্টি পুনৰ লাভ কৰাৰ কথা ঘোষণা কৰাৰ লগতে চামগুৰিত বীৰৰ দৰে যুঁজিব বুলিও ঘোষণা কৰিছে ।

চামগুৰি সমষ্টিটোৰ উপ-নির্বাচনৰ বাবে বিজেপিৰ নেতা দীপ্লু ৰঞ্জন শৰ্মাই প্রার্থিত্বৰ বাবে আৱেদন জনোৱাৰ কথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যেই ৰাজহুৱা কৰিছে । উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিত্তিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ল যদিও উপ-নির্বাচন অনুষ্ঠিত হ'ব পুৰণা সমষ্টিৰ ভিত্তিত ।

লগতে পঢ়ক: ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে বহু কংগ্রেছীয়েও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী; এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম - Assam bye elections

উল্লেখ্য যে চামগুৰি সমষ্টিত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰায় ২৬ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল । পুনৰ গঠিত সমষ্টিৰ ভিত্তিত অনুষ্ঠিত লোকসভা নিৰ্বাচনত চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ ব্যৱধান বৃদ্ধি পালে ৮৬ হাজাৰলৈ । ইফালে বিহালী সমষ্টি ২০২১ৰ নিৰ্বাচনত মহাজোঁটৰ অংশীদাৰ দল চি পি আই এম এলক এৰি দিয়া হৈছিল আৰু দলটোৱে লাভ কৰিছিল প্রায় ২২ হাজাৰ ভোট ।

লোকসভা নিৰ্বাচনত বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰায় ৪৩ হাজাৰ ভোট লাভ কৰে । বিৰোধী ঐক্যমঞ্চত চি পি আই এম এল আছে যদিও উপ-নির্বাচনত কংগ্ৰেছেহে উক্ত সমষ্টিটোত প্ৰাৰ্থী থিয় কৰোৱাৰ সম্ভাৱনা আছে । বিহালীত ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীয়ে ৩২ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল যদিও লোকসভাৰ নিৰ্বাচনত বিজেপিৰ ব্যৱধান ২৭ হাজাৰ ভোটলৈ হ্ৰাস পায় । দলসমূহে লাভ কৰা ভোটৰ সংখ্যাৰ পৰা এই কথা স্পষ্ট হৈছে যে যোৱা বিধানসভাৰ নিৰ্বাচনৰ ফল উপ-নিৰ্বাচনত বাহাল থকাৰ সম্ভাৱনা থাকিলেও চিদলী আৰু বিহালীত বিৰোধী পক্ষই এঘড়ী যুঁজিব ।

ইফালে উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া বঙাইগাঁও, ধলাই সমষ্টি দুটা ক্ৰমে অগপ আৰু বিজেপিৰ দখলত আছিল । এই সমষ্টি দুটাত বিধানসভা আৰু লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভৰ ব্যৱধান বৃহৎ আছিল । উপ-নির্বাচনৰ প্রার্থিত্বকেন্দ্ৰিক তৎপৰতা আটাইকেইটা সমষ্টিত শাসক আৰু বিৰোধী পক্ষই ইতিমধ্যে আৰম্ভ কৰিছে । কিছুদিনৰ ভিতৰত সমগ্ৰ দৃশ্যপট স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক: উপ-নিৰ্বাচনত কংগ্ৰেছে আসনৰ সংখ্য়া চিন্তা কৰা নাই - Gaurav Gogoi On By Election

পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন : সাজু হৈছে নিৰ্বাচন আয়োগ, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা - BYE ELECTIONS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.