ETV Bharat / bharat

মানিক সৰকাৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে : সুব্ৰত চক্ৰৱৰ্তী

author img

By

Published : Mar 14, 2021, 10:34 AM IST

মানিক সৰকাৰৰ বিৰুদ্ধে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অভিযোগ ৷ তথ্য বিকৃত ৰূপত উপস্থাপন কৰি যুৱ প্ৰজন্মক উচতনি দিছে বুলি সৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰিছে বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে ৷

allegation against former chief minister manik sarkar
মানিক সৰকাৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে : সুব্ৰত চক্ৰৱৰ্তী

আগৰতলা, 14 মাৰ্চ: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ বিৰুদ্ধে তথ্য বিকৃত কৰাৰ অভিযোগ ৷ বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে এই কাৰ্যৰ জৰিয়তে ৰাজ্যখনৰ যুৱপ্ৰজন্মক বিপথে পৰিচালিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

চক্ৰৱৰ্তীয়ে কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে মেন পাৱাৰ প্লেনিঙ বিভাগৰ পৰা প্ৰকাশিত এখন স্মাৰক পত্ৰ সন্দৰ্ভত সংবাদমাধ্যমৰ আগত এক বিশেষ বক্তব্য প্ৰদান কৰিছিল ৷ তেঁও নিজৰ বক্তব্যত কিছুমান বিশেষ শব্দ যেনে- যুৱ প্ৰজন্মৰ বিৰুদ্ধে যুদ্ধ, ব্যৱহাৰ কৰা, দলিয়াই দিয়া নীতি আদি ব্যৱহাৰ কৰিছিল ৷

চক্ৰৱৰ্তীয়ে অভিযোগ কৰে যে, এই শব্দ সমূহ ৰাজ্যৰ যুৱ প্ৰজন্মক প্ৰৰোচিত কৰাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে প্ৰয়োগ কৰা হৈছিল ৷ কিছু সংবাদমাধ্যমে বিষয়টো উপস্থাপন কৰাৰ পাছতে সংশ্লিষ্ট বিভাগে এক স্পষ্টীকৰণৰ দিয়া বুলি দাবী কৰি চক্ৰৱৰ্তীয়ে কয় যে স্পষ্টীকৰণৰ জৰিয়তে কি কি ভিত্তিত নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব সেই সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছিল ৷

ৰাজ্যখনত অনাহাৰে লোকৰ মৃত্যু হোৱা বুলি সৰকাৰে প্ৰদান কৰা মন্তব্যক লৈ বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক এই সন্দৰ্ভত উপযুক্ত প্ৰমাণ লৈ তথ্য উপস্থাপন কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷

লগতে পঢ়ক: ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েচন সচিবৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.