ETV Bharat / bharat

Nagaland Meghalaya assembly election: নাগালেণ্ড আৰু মেঘালয়ত সোমবাৰে ভোট গ্ৰহণ; নিৰ্বাচনী পটভূমিত এভুমুকি - নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন

সোমবাৰে অনুষ্ঠিত হ’ব মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন (Meghalaya and Nagaland Assembly elections) ৷ শনিবাৰে অন্ত পৰে পাহাৰীয়া ৰাজ্য দুখনত নিৰ্বাচনী প্ৰচাৰ ৷ দুয়োখন ৰাজ্যৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় দল বিজেপিৰ স্থিতি কি ? সৱিশেষ এই প্ৰতিবেদনত ৷

Nagaland Meghalaya assembly election
নাগালেণ্ড আৰু মেঘালয়ত কাইলৈ ভোট গ্ৰহণ; কি কৌশল অৱলম্বন কৰিছে বিজেপিয়ে
author img

By

Published : Feb 26, 2023, 7:41 AM IST

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ উল্লেখ্য যে, 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ল ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন ৷ তিনিওখন ৰাজ্যৰে ভোট গণনা হ’ব 2 মাৰ্চত ৷ শনিবাৰে অন্ত পৰিল মেঘালয় আৰু নাগালেণ্ডৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযান (Assembly elections 2023) ৷

মেঘালয়ৰ বিধানসভা নিৰ্বাচন:

মেঘালয় আৰু নাগালেণ্ডত কোন দলে চৰকাৰ গঠন কৰিব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ আছে সকলোৰে ৷ স্মৰ্তব্য যে, বিগত নিৰ্বাচনত মেঘালয়ত মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে 21 খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাবে পৰিগণিত হৈছিল ৷ য’ত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ দুখন আসন (Meghalaya Assembly elections) ৷

অৱশ্যে, বিজেপিয়ে 19 খন আসন লাভ কৰা নেচনেলিষ্ট পিপলছ পাৰ্টি (NPP)ৰ সৈতে মিত্ৰতা কৰাৰ লগতে ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট (UDF), পিপলছ ডেমক্ৰেটিক ফ্ৰণ্ট (PDF) আৰু হিল ষ্টেট পিপলছ ডেমক্ৰেটিক পাৰ্টি (HSPDP)কে ধৰি অন্যান্য আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰি 31 খন আসন লাভ কৰি NPP ৰ সৈতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল (Meghalaya elections) ৷

অৱশ্যে সময় আগবঢ়াৰ লগে লগে বিজেপি আৰু এনপিপিৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰে ৷ 2022 চনৰ জুলাই মাহত মোঘালয়ৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড আৰ মাৰাকক বেশ্যালয় চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ পাচতেই BJP আৰু NPPৰ মাজত সম্পৰ্ক একেবাৰে শেষ পৰ্যায়ত উপনীত হয় ৷

উল্লেখ্য যে, মেঘালয়ত বিজেপিক শক্তিশালী কৰি তুলিবলৈ বাৰ্ণাৰ্ড আৰ মাৰাকক সকলো ক্ষমতা প্ৰদান কৰা হৈছিল ৷ ফলত 24 খন আসন থকা গাৰো পাহাৰত বাৰ্ণাৰ্ড আৰ মাৰাকে দলটো শক্তিশালী কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবে শংকিত হৈ বিজেপিৰ সৈতে নিজৰ সম্পৰ্ক ছেদ কৰিবলৈ বাধ্য হৈছিল কনৰাড চাংমা (BJP in Meghalaya) ৷

ইয়াৰ পাচৰে পৰা মেঘালয়ত কনৰাড চাংমা নেতৃত্বাধীন NPP চৰকাৰে অপশাসন চলোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে বিজেপিয়ে ৷ এনেবোৰ কাৰণতে এইবাৰৰ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিছে NPP য়ে ৷ গতিকে 2018 চনত মাত্ৰ দুখন আসন লাভ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া স্পষ্ট হ’ব 2 মাৰ্চত ৷ ইফালে, বিগত নিৰ্বাচনত মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছে 21খন আসন কৰিবলৈ সক্ষম হৈছিল যদিও শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে মুকুল চাংমাই ৷ সেয়েহে, মেঘালয়ত তৃণমূল কংগ্ৰেছ হৈ পৰিছে এক শক্তিশালী প্ৰতিদ্বন্দী ৷

নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন:

মেঘালয়ৰ দৰে নাগালেণ্ডৰো নিৰ্বাচনী প্ৰেক্ষাপট হৈ পৰিছে অতি আকৰ্ষণীয় ৷ বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিজেপিৰ সহযোগত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই NPF ক প্ৰত্যাহ্বান জনাই জন্ম দিছিল এটা নতুন আঞ্চলিক ৰাজনৈতিক দল এনডিপিপি(NDPP) ৷ আমোদজনকভাৱে, নাগালেণ্ডৰ NPF দল আছিল উত্তৰ-পূবত বিজেপিৰ আটাইতকৈ পুৰণি সহযোগী ৷ অৱশ্যে নগা শান্তি চুক্তিক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নগা ৰাইজৰ সমৰ্থন আদায় কৰি ক্ষমতালৈ আহিছিল নেফিঅ’ ৰিঅ' ৷ উল্লেখ কৰা প্ৰয়োজন যে, NPF দলৰো মুখ্যমন্ত্ৰী আছিল নেফিঅ’ ৰিঅ' (Nagaland Assembly elections) ৷

এইবাৰৰ নিৰ্বাচনত যদিও বিজেপিয়ে NDPPৰ সৈতে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে তথাপিও বিজেপিয়ে নিজকে নাগালেণ্ডত শক্তিশালী কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ 2018 চনৰ নিৰ্বাচনৰ দৰেই 60 খন আসন থকা নাগালেণ্ডত NDPP দলে 40 খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে 20 খন আসনত প্ৰতিদ্বন্দিতা কৰিছে বিজেপিয়ে (BJP in Nagaland) ৷ যদিহে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অধিক আসন লাভ কৰিবলৈ সক্ষম হয় তেন্তে চৰকাৰ গঠন কৰাত বিজেপিৰ ক্ষমতা বৃদ্ধি পাব ৷ সেয়া যি কি নহওক, 2 মাৰ্চত স্পষ্ট হ’ব সকলো (Nagaland elections) ৷

লগতে পঢ়ক: PM Narendra Modi election campaign at Nagaland: উত্তৰ-পূবক ATM হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.