ETV Bharat / bharat

মহিলাই পৰিচালনা কৰিব ছান ফ্ৰাঞ্চিছকো-বেঙ্গালুৰুৰ প্ৰথমখন বিমান - ককপীট

শনিবাৰে প্ৰথমখন বিমান আমেৰিকাৰ ছান ফ্ৰাঞ্চিছকোৰ পৰা উৰা মাৰিব ভাৰতলৈ । তাৰ প্ৰাকক্ষণত ভাৰতৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ টুইটযোগে ঘোষণা- "ঐতিহাসিক বিমান সেৱাৰ প্ৰথমখন বিমান কেৱল মহিলা ককপীট চালকে পৰিচালনা কৰিব ।"

মহিলাই পৰিচালনা কৰিব ছান ফ্ৰাঞ্চিছকো-বেঙ্গালুৰুৰ প্ৰথমখন বিমান

author img

By

Published : Jan 9, 2021, 5:06 PM IST

নিউজ ডেস্ক , ৯ জানুৱাৰী : বহু প্ৰত্য়াশিত ছান ফ্ৰাঞ্চিছকো আৰু বেঙ্গালুৰুৰ মাজত আৰম্ভ হ'ব বিমান সেৱা । বিমান যাত্ৰাৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বাধিক দূৰত্বৰ ভিতৰত অন্য়তম হ'ব বেঙ্গালুৰু আৰু ছান ফ্ৰাঞ্চিছকোৰ মাজৰ দূৰত্ব । শনিবাৰে প্ৰথমখন বিমান আমেৰিকাৰ ছান ফ্ৰাঞ্চিছকোৰ পৰা উৰা মাৰিব ভাৰতলৈ । তাৰ প্ৰাকক্ষণত ভাৰতৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ টুইটযোগে বিশেষ ঘোষণা । ঘোষণা অনুসৰি দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা এই ঐতিহাসিক বিমান সেৱাৰ প্ৰথমখন বিমান কেৱল মহিলা ককপীট চালকে পৰিচালনা কৰিব । এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন পৰিচালনা কৰা মহিলাসকলৰ ভিতৰত থাকিব কেপ্তেইন জয়া আগৰৱাল, কেপ্তেইন পাপাগৰি থানমাই, কেপ্তেইন আকাংক্ষা সোনাৱাৰে আৰু কেপ্তেইন শিবানী মানহাছ । মহিলা সকলক উদ্দেশ্য়ি মন্ত্ৰীগৰাকীয়ে কয় যে এয়াৰ ইণ্ডিয়াৰ মহিলা শক্তিয়ে ইতিমধ্য়ে বিশ্বজুৰি বিমান পৰিচালনা কৰিছে ।

  • Air India’s woman power flies high around the world.

    All women cockpit crew consisting of Capt Zoya Aggarwal, Capt Papagari Thanmai, Capt Akansha Sonaware & Capt Shivani Manhas will operate the historic inaugural flight between Bengaluru & San Francisco.@airindiain @MoCA_GoI pic.twitter.com/HKT6IYo2Dw

    — Hardeep Singh Puri (@HardeepSPuri) January 9, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ মাজতে বিমান কতৃপক্ষৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে উত্তৰ মেৰুৰ পৰা যাত্ৰা আৰম্ভ কৰিব লগা এই বিমানখন আটলান্টিক মহাসাগৰৰ ওপৰেৰে আহি বেঙ্গালুৰুত অৱতৰণ কৰিব । AI176 বিমানখন আমেৰিকাৰ ছান ফ্ৰাঞ্চিছকোৰ পৰা শনিবাৰে স্থানীয় সময় অনুসৰি নিশা ৮.৩০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু সোমবাৰে পুৱা ৩.৪৫ বজাত কেম্পেগৌড়া আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিব ।

লগতে পঢ়ক : এইচ-১ ভিছাৰ নিষেধাজ্ঞাক লৈ আমেৰিকাৰ সৈতে আলোচনা ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.