ETV Bharat / bharat

কৰ'ণাৰে যুঁজিবলৈ প্ৰতিখন ৰাজ্যকে পৰ্যাপ্ত সুবিধা প্ৰদান কৰিছে কেন্দ্ৰই : ডা৹ হৰ্ষ বৰ্ধন

author img

By

Published : Apr 18, 2021, 2:47 PM IST

সমগ্ৰ দেশতে বৰ্ধিত ক'ভিড-১৯ ঘটনাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে দেওবাৰে আশ্বাস দিয়ে যে ৰেমডেচিভিৰ উৎপাদন আৰু যোগান দুগুণ কৰা হৈছে, অক্সিজেনৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰা হৈছে, নিৰন্তৰভাৱে ক'ভিড-১৯ প্ৰতিষেধক যোগান আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যসমূহক সকলো ফালৰ পৰা সমৰ্থন আগবঢ়োৱা হৈছে ।

কৰ'ণাৰ সৈতে যুঁজিবলৈ প্ৰতিখন ৰাজ্যকে পৰ্যাপ্ত সুবিধা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল : দেশৰ বহু ৰাজ্যত এতিয়া হাস্পতালৰ বিচনা, অক্সিজেন আৰু স্বাস্থ্যসেৱাৰ লগত জড়িত সামগ্ৰীসমূহৰ নাটনি দেখিবলৈ পোৱা গৈছে । কিন্তু সমগ্ৰ দেশতে বৰ্ধিত ক'ভিড-১৯ ঘটনাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে দেওবাৰে আশ্বাস দিয়ে যে ৰেমডেচিভিৰ উৎপাদন আৰু যোগান দুগুণ কৰা হৈছে, অক্সিজেনৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰা হৈছে, নিৰন্তৰভাৱে ক'ভিড-১৯ প্ৰতিষেধক যোগান আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যসমূহক সকলো ফালৰ পৰা সমৰ্থন আগবঢ়োৱা হৈছে ।

সমগ্ৰ দেশতে টীকাকৰণ অভিযান শক্তিশালী কৰাৰ কথা উল্লেখ কৰি তেওঁ এক বিশেষ টুইট কৰে আৰু তাত মন্ত্ৰীগৰাকীয়ে কয় যে ডাঙৰ ৰাজ্যসমূহৰ বাবে প্ৰতি ৭ দিনত আৰু প্ৰতি ৪ দিনত সৰু ৰাজ্যবোৰৰ বাবে ক'ভিড-১৯ প্ৰতিষেধকৰ যোগান ধৰা হৈছে । প্ৰতিষেধকৰ বাস্কেট দ্ৰুততাৰে বৃদ্ধি কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে আৰু ২০২১ চনৰ ছেপ্টেম্বৰৰ ভিতৰত কোভেক্সিনৰ উৎপাদন ১০ গুণ বৃদ্ধি হ'ব বুলিও আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনৰ চিকিৎসালয়সমূহত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দেশত ৰোগীসকলৰ বাবে চিকিৎসালয়ৰ বিচনাৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে চৰকাৰে "অস্থায়ী চিকিৎসালয় স্থাপন" কৰিছে ।

মন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে ইতিমধ্যে ভাৰত চৰকাৰে অতিৰিক্ত ভেণ্টিলেটৰ প্ৰদানৰ ব্যৱস্থা কৰিছে । সেই অনুসৰি মহাৰাষ্ট্ৰক ১,১২১, উত্তৰ প্ৰদেশক ১,৭০০, ঝাৰখণ্ডক ১,৫০০, গুজৰাটক ১,৬০০, মধ্য প্ৰদেশক ১৫২ আৰু ছত্তিশগড়ক ২৩০ ভেণ্টিলেটৰ প্ৰদান কৰা হৈছে ।

অক্সিজেন যোগান সন্দৰ্ভতো তেওঁ কয় যে দেশত অক্সিজেনৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু ঔদ্যোগিক ব্যৱহাৰৰ পৰা চিকিৎসা ব্যৱহাৰলৈ পৰিৱৰ্তন কৰা হৈছে । সমগ্ৰ দেশত ১৬২ টা পিএছএ প্ৰকল্প স্থাপন কৰা হৈছে আৰু ৰাজ্যসমূহক সহায় কৰা বাবে ২৪ ঘণ্টা উপলব্ধ এটা বিশেষ সমন্বয় কোষ আছে ।

ৰেমডেচিভিৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাৰত চৰকাৰে মে মাহৰ ভিতৰত উৎপাদন দুগুণ কৰি ৭৪.১ লিটাৰ প্ৰতি মাহে কৰা হ'ব বুলিও আশ্বাস দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ মতে উৎপাদন বৃদ্ধিৰ বাবে ২০ টা নিৰ্মাণ কাৰখানাক অনুমতি দিয়া হৈছে । লগতে ৰপ্তানি নিষিদ্ধ আৰু দামৰ ক্ষেত্ৰত স্থগিতকৰণ কৰা হৈছে । যিকোনো অনিয়ম,কেলেংকাৰী, হৰ্ডিং আৰু ক'লা বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে পশ্চিমবংগত বাতিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.