ETV Bharat / bharat

G20 2023 : ভাৰত মণ্ডপমত ৰাষ্ট্ৰপতি মুৰ্মুৱে আয়োজন কৰা নৈশ ভোজৰ পৰা বাদ পৰিল বিৰোধী নেতা; কেন্দ্ৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

সকলো কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী, সকলো মুখ্যমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ সচিবসকলক নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু এইচডি দেৱগৌড়াকো আমন্ত্ৰণ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে যদিও দেৱগৌড়াই কয় যে স্বাস্থ্যৰ অৱস্থাৰ বাবে তেওঁ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিব।

G20 Summit
কেন্দ্ৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 10:04 PM IST

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ : ৰাষ্ট্ৰপতি সদনৰ দ্বাৰা নৈশ ভোজৰ আমন্ত্ৰণৰ বিন্যাস সলনি হোৱাৰ কেইদিনমান পিছত, বিৰোধী দলবোৰে শুকুৰবাৰে পুনৰ কয় যে শনিবাৰে প্ৰগতি ময়দানত বিশ্বনেতাসকলে অংশগ্ৰহণ কৰিবলগা গালা ডিনাৰৰ বাবে কোনো বিৰোধী নেতাই কোনো আমন্ত্ৰণ নোপোৱাৰ পিছত শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে গণতন্ত্ৰ বা বিৰোধী দলত বিশ্বাস নকৰে ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলৰ মুৰব্বী তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক জি-২০ গালা ডিনাৰলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে কয় আৰু চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে ই ভাৰতৰ জনসংখ্যাৰ ৬০ শতাংশ নেতাক মূল্য নিদিয়ে ৷

ইফালে নতুন দিল্লীত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (চিপিআই) সাধাৰণ সম্পাদক ডি ৰাজাই ইটিভি ভাৰতক কয়, "আমি কোনো নিমন্ত্ৰণ পোৱা নাই" ৷ তেওঁ কয় যে কেন্দ্ৰই গণতন্ত্ৰত বিশ্বাস নকৰে সেয়েহে তেওঁলোকে বিৰোধীৰ কথা নকয় ৷ একেই দৃষ্টিভংগীৰে প্ৰাক্তন সাংসদ তথা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (চিপিআই-মাৰ্ক্সবাদী) নেতা হান্নান মোল্লাই কয় যে বৰ্তমানৰ কেন্দ্ৰই দেশখনক স্বৈৰাচাৰী ভাৱে শাসন কৰি আছে ৷ মোল্লাই কয় যে, "বিজেপিৰ বাবে কোনো বিৰোধী থাকিব নালাগে ৷ সেয়েহে তেওঁলোকে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ফৰ্মূলাৰ সৈতে আগবাঢ়ি আছে ৷"

শেহতীয়াকৈ, ৰাষ্ট্ৰপতিৰ জি-২০ নৈশভোজ অনুষ্ঠানটোৰ আমন্ত্ৰণৰ পিছত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে ৷ য’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৰম্পৰাগত 'ইণ্ডিয়াৰ ৰাষ্ট্ৰপতি'ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি' বুলি উল্লেখ কৰা হৈছে ৷ এই পদক্ষেপক বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰিছে ৷ য’ত চৰকাৰৰ বিৰুদ্ধে দেশৰ নাম ভাৰতলৈ সলনি কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

সূত্ৰ অনুসৰি সকলো কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী, সকলো মুখ্যমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ সচিবসকলক নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু এইচডি দেৱগৌড়াকো আমন্ত্ৰণ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যদিও দেৱগৌড়াই কয় যে স্বাস্থ্যজনিত অৱস্থাৰ বাবে তেওঁ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিব ৷

অৱশ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা কোনো নিশ্চিত বতৰা হোৱা হোৱা নাই ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীজন দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে ৷ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত বিহাৰৰ নীতিশ কুমাৰ, ঝাৰখণ্ডৰ হেমন্ত সোৰেন, পশ্চিম বংগৰ মমতা বেনাৰ্জী, তামিলনাডুৰ এম কে ষ্টালিন, দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ ভগৱন্ত মানৰ লগতে আন সকলে ইতিমধ্যে তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও শুকুৰবাৰে নিশা গালা ডিনাৰত অংশ ল'বলৈ দিল্লীত উপস্থিত হৈছে ৷

সূত্ৰ অনুসৰি আমন্ত্ৰণ জনোৱা সকলো অতিথিক শনিবাৰে সন্ধিয়া ছয় বজাত সংসদ ভৱনত উপস্থিত হ'বলৈ কোৱা হৈছে য'ৰ পৰা তেওঁলোকক এক বিশেষ পৰিবহন ব্যৱস্থাৰ দ্বাৰা প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমলৈ লৈ যোৱা হ'ব আৰু ঘূৰি অহাৰ ব্যৱস্থাও কৰা হ’ব ৷

অৱশ্যে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই বিৰোধী নেতাসকলে কৰা এনে সমালোচনাক একাষৰীয়া ৰাখিছে ৷

কলিতাই কয় যে, "ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দ্বাৰা আয়োজিত গালা ডিনাৰৰ বাবে আমন্ত্ৰণ জনোৱাৰ কিছুমান চৰ্ত আছে ৷ দৰাচলতে, বিশ্বৰ নেতাসকলে অংশগ্ৰহণ কৰিব লগীয়া কাৰ্যসূচীলৈ বিজেপিৰ সাংসদসকলকো আমন্ত্ৰণ জনোৱা হোৱা নাই ৷ এইটো এটা গোলকীয় অনুষ্ঠান আৰু বিৰোধী দলবোৰৰ ফালৰ পৰা বিষয়টোৰ ৰাজনীতি কৰাটো অপ্ৰয়োজনীয় ৷"

তেওঁ কয় যে বিমানবন্দৰত বিদেশী নেতাসকলক আদৰণি জনোৱাৰ দায়িত্ব কেন্দ্ৰীয় মন্ত্ৰীসকলক দিয়া হৈছে ৷ "কাৰ্যসূচীটোৰ বাবে আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰোঁতে অতি কঠোৰ চৰ্ত অনুসৰণ কৰা হৈছে ৷"

লগতে পঢ়ক : G20 Summit 2023 : মাহোবাত তৈয়াৰী পিতলৰ গোলাপ উপহাৰ দিব বিদেশী ৰাষ্ট্ৰপ্ৰধানসকলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.