ETV Bharat / bharat

AICC President Election 2022 : গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ব কংগ্ৰেছৰ সভাপতি পদ !

সোমবাৰে কংগ্ৰেছে দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচিত কৰিবলৈ সাজু হৈছে এগৰাকী অগান্ধী সভাপতি (Congress president election)৷ দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত মুখামুখি হ'ব দলটোৰ জেষ্ঠ মল্লিকাৰ্জুন খৰ্গে(Congress leader Mallikarjun Kharge) আৰু সাংসদ শশী থাৰুৰ(MP Shashi Tharoor) ।

CONGRESS PRESIDENT ELECTION
কোনে মাৰিব শেষ হাঁহি?
author img

By

Published : Oct 17, 2022, 11:42 AM IST

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ: ২৪ বছৰতকৈ অধিক সময়ৰ অন্তত সোমবাৰে কংগ্ৰেছে দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচিত কৰিবলৈ সাজু হৈছে এগৰাকী অগান্ধী সভাপতি (Congress president election)৷ দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত মুখামুখি হ'ব দলটোৰ জেষ্ঠ মল্লিকাৰ্জুন খৰ্গে(Congress leader Mallikarjun Kharge) আৰু সাংসদ শশী থাৰুৰ(MP Shashi Tharoor) । প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৯ হাজাৰৰো অধিক প্ৰতিনিধিয়ে গোপন বেলটত দলৰ নতুন মুৰব্বী নিৰ্বাচনৰ বাবে আজি ভোটদান কৰিব ।

প্ৰদেশ কংগ্ৰেছ কমিটিৰ (All India Congress Committee) দিল্লীৰ মুখ্য কাৰ্যালয় আৰু সমগ্ৰ দেশৰ ৬৫ টাতকৈও অধিক ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । দলটোৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে কংগ্ৰেছে নিৰ্বাচনী প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ সভাপতি নিৰ্বাচন কৰিব(137 years Congress history) । ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে সোমবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ পৰ্যন্ত ৷ ফলাফল ঘোষণা কৰা হ’ব ১৯ অক্টোবৰৰ দিনা ।

"সকলো ৰাজ্যৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত তেওঁলোকে সমৰ্থন কৰা প্ৰাৰ্থীগৰাকীক 'টিক' মাৰ্ক দি ভোটদান কৰিব । ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসুদন মিষ্ট্ৰীয়ে জানিবলৈ দিয়ে(Central Election Authority Chairman of Congress Madhusudan Mistry) । ১৮ অক্টোবৰত বেলট বক্স দিল্লীলৈ লৈ যোৱা হ'ব আৰু ১৯ অক্টোবৰত ভোট গণনা কৰা হ'ব ।

এআইচিচিৰ কাৰ্যালয়তো এটা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব । য’ত ৫০ জনতকৈ অধিক লোকে ভোটদান কৰিব পাৰিব । গতিকে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো যে শুদ্ধ আৰু নিকা হ'ব সেয়া খাতাং বুলি নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী(Sonia Gandhi) আৰু দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress general secretary Priyanka Gandhi Vadra)প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় দিল্লীত স্থাপন কৰা ভোটদান কেন্দ্ৰত ভোটদান কৰাৰ সম্ভাৱনা আছে ৷

ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বল্লৰীৰ সংগনকাল্লুৰ ভাৰত জোড়ো যাত্ৰা শিবিৰত ভোটদান কৰিব লগতে আন প্ৰায় ৪০ জন ভাৰত জোড়ো যাত্ৰা শিবিৰৰ অংশগ্ৰহণকাৰীয়ে এই কেন্দ্ৰতে ভোট প্ৰদান কৰিব(Bharat Jodo Yatra) । কেৰেলা কংগ্ৰেছৰ তিৰুৱনন্তপুৰমস্থিত মুখ্য কাৰ্যালয়ত ভোটদান কৰিব সভাপতি পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী থাৰুৰে ।

সভাপতি নিৰ্বাচন সম্পৰ্কে যদি কাৰোবাৰ মনত "ভয় বা সন্দেহ" আছে, এয়া গোপন বেলট হ'ব বুলি দলটোৱে স্পষ্ট কৰি দিয়ে ৷ লক্ষ্ণৌত এই ঘোষণা কৰাৰ লগতে নতুন দলৰ সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰাৰ সময়ত কংগ্ৰেছ প্ৰতিনিধিসকলক তেওঁলোকৰ হৃদয়ৰ কথা শুনিবলৈ আহ্বান জনায় খাৰ্গেই । আনহাতে খাৰ্গে শিবিৰে খাৰ্গেৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় থকাৰ সময়তে ভোট বিচৰা এটা প্ৰচাৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল য'ত ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো আন্দোলনত খোজ কঢ়াৰ দৃশ্যাংশ অন্তৰ্ভুক্ত কৰা হৈছিল ৷ বেকগ্ৰাউণ্ডত বাজিছিল লক্ষ্য চিনেমাৰ 'কান্ধোন ছে মিলতে হেইন কান্ধে' গীতটো ৷ টুইটাৰত এক ভিডিঅ' শ্বেয়াৰ কৰি 'পৰিৱৰ্তন আকোৱালি ল'বলৈ" সাহস দেখুৱাবলৈ আহ্বান জনায় । দলটোৰ “মূল্যবোধ আৰু আনুগত্য” পৰৱৰ্তী সময়তো একেই থাকিব বুলি স্পষ্ট কৰি দিয়ে ৷ তদুপৰি সভাপতি নিৰ্বাচিত হ'লেও গান্ধী পৰিয়ালৰ পৰামৰ্শ আৰু সমৰ্থন লোৱাত লাজ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷

গান্ধী পৰিয়ালৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজত খাৰ্গেক প্ৰিয় বুলি গণ্য কৰা হয় যদিও গান্ধীসকল নিৰপেক্ষ আৰু কোনো "আনুষ্ঠানিক প্ৰাৰ্থী" নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: Manish Sisodia : গ্ৰেপ্তাৰ হ’ব নেকি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.