ETV Bharat / bharat

1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ

কৰ'ণা মহামাৰীৰ বাবে বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ । অনলাইনযোগে চলিছে পাঠদান । এতিয়া ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাছত পুনৰ শিক্ষানুষ্ঠানতে আনুষ্ঠানিক পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে চৰকাৰৰ শিক্ষা বিভাগে ।

1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ
1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ
author img

By

Published : Aug 24, 2021, 10:16 AM IST

নেশ্যনেল ডেস্ক, ২৪ আগষ্ট : অৱশেষত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত ল'লে চৰকাৰে । ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ । সেয়ে ১ ছেপ্তেম্বৰৰ পৰা সকলো শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে । মুখ্যমন্ত্ৰীৰ নেতৃত্বত আয়োজিত এক বৈঠকযোগে ঘোষণা কৰা হয় এই কথা ৷

এই বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী, মুখ্য সচিব আৰু শিক্ষা বিভাগৰ একাংশ বিষয়াৰ লগতে ৰাজ্য চৰকাৰৰ আন আন উচ্চ পদস্থ বিষয়াসকলে ৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, বিষয়াসকলে চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ দায়িত্ব ল'ব আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ হৈছে নে নাই নিৰীক্ষণ কৰিব ।

আনহাতে, ৩০ আগষ্টৰ পূৰ্বে শিক্ষানুষ্ঠানসমূহ সঠিকভাৱে ছেনিটাইজ কৰা হৈছে নে নাই সেয়া পৌৰ সভা আৰু পঞ্চায়তীৰাজ বিভাগসমূহে নিশ্চিত কৰিব বুলিও বৈঠকত সদৰী কৰে ৷ শিক্ষানুষ্ঠানসমূহ কেইবামাহো ধৰি বন্ধ হৈ থকাৰ ফলত একাংশ শিক্ষাৰ্থী মানসিকভাৱে হতাশ হৈ পৰাৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷

উল্লেখ্য যে, ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে সকলো প্ৰকাৰৰ শিক্ষানুষ্ঠানসমূহ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল ৷ যোৱা জুলাই মাহত চৰকাৰে শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছিল যদিও উচ্চ ন্যায়ালয়ে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে ৷ সেয়ে চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হয় ৷

পিছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেলেংগানা চৰকাৰেহে ৷ ইয়াৰ বিপৰীতে ৰাজস্থানতো ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত নিয়মীয়া পাঠদান আৰম্ভ হ'ব ৷ সম্প্ৰতি দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে পাঠদান আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.