বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট নিজৰ উজ্বল ছালৰ বাবে পৰিচিত । কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে । বিশেষ কথাটো হ’ল যে আলিয়া ভাটে তেওঁৰ ছালৰ যথেষ্ট যত্ন লয় (Summer beauty care)। প্ৰাকৃতিক আৰু ঘৰুৱা উপায়েৰে ছালৰ যত্ন লয় আলিয়া ভাটে । আলিয়া ভাটে কয় যে, তেওঁ নিজৰ উজ্বল ছালৰ বাবে স্বাস্থ্যসন্মত খাদ্য মানি চলে (Alia Bhatt)।
ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট পানী খায় । আলিয়া ভাটে নিজৰ ছাল অনুযায়ী প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰে । তেওঁৰ ছালৰ সৌন্দৰ্যৰ ৰহস্য কৈছে আলিয়া ভাটে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ছালখন শিথিল কৰিবলৈ ব্যৱহাৰ কৰে মুলতানি মাটিৰ ফেচ পেক । ইয়াৰ উপৰিও তেওঁ মুখমণ্ডলত বৰফ ব্যৱহাৰ কৰে (Alia Bhatt skincare)।
মুখৰ বাবে উপকাৰী মুলতানি মাটিৰ ফেচ পেক
আলিয়া ভাটে স্বাভাৱিকভাৱে নিজৰ ছালৰ যত্ন লয় । এই ঘৰুৱা উপায় তেওঁৰ বৰ প্ৰিয় । মুলতানি মাটি ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াৰ ফলত ছালৰ অতিৰিক্ত তেল আঁতৰি যায় (Alia Bhatt skincare routine)। ইয়াৰ উপৰিও ব্ৰণত ই অতি উপকাৰী ।
মুলতানি মাটিৰ ফেচ পেকৰ সামগ্ৰী
- মুলতানি মাটি পাউদাৰ
- পিহি লোৱা অমিতা
তৈয়াৰৰ পদ্ধতি
- প্ৰথমে এটা পাত্ৰত এচামুচ মুলতানি মাটি পাউদাৰ লৈ লওক
- মুলতানি মাটিত অমিতাৰ পাল্প দিয়ক
- অলপ ডাঠ হোৱালৈকে মিহলাই লওক
- ইয়াত গোলাপৰ পানীও দিব পাৰে
- ভালদৰে মিহলাই মাস্ক তৈয়াৰ কৰি লওক
- এতিয়া এই পেষ্টটো মুখত লগাওক
- শুকুৱালৈকে অপেক্ষা কৰক
- ভালদৰে শুকুৱাই লোৱাৰ পিচত পানীৰে ধুই পেলাওক
- সপ্তাহত ৩ বাৰ এই পেক প্ৰয়োগ কৰিব পাৰে
বৰফেৰে কৰক মালিচ
ছালৰ ছিদ্ৰবোৰ টান কৰি ৰাখিবলৈ ছালত বৰফেৰে মুখমণ্ডল মালিচ কৰক । ইয়াৰ ফলত ছালখনো টান হৈ থাকে । ইয়াৰ উপৰিও টেনিং কৰিলেও ছালত কোনো প্ৰভাৱ নপৰে । গতিকে আপুনিও আলিয়া ভাটৰ এই সৌন্দৰ্য্যতাৰ গোপন মুলমন্ত্ৰ অনুসৰণ কৰিব পাৰে ।
লগতে পঢ়ক: World Thyroid Day 2023: থাইৰয়ড কি ? ইয়াৰ লক্ষণ ইতিহাস তথা নিৰাময়ৰ উপায় জানো আহক