ETV Bharat / bharat

AITC to hold block level protest:ত্ৰিপুৰাত ব্লক পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব তৃণমূল কংগ্ৰেছে - ত্ৰিপুৰাত ব্লক পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব তৃণমূল কংগ্ৰেছে

২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ত্ৰিপুৰাত অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছে তৎপৰতা আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে ৰাইজৰ কাষত থিয় দিছে তৃণমূল কংগ্ৰেছ । চৰকাৰৰ দুৰ্নীতি আৰু সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন সমস্যা দাঙি ধৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লৈছে দলটোৱে । অহা সপ্তাহৰ পৰা ৰাজ্যখনত ব্লক পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব দলটোৱে (AITC to hold block level protest in Tripura)। সংবাদমেলযোগে এই কথা ঘোষণা AITCৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকৰ ।

AITC
ত্ৰিপুৰাত ব্লক পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব তৃণমূল কংগ্ৰেছে
author img

By

Published : Feb 5, 2022, 1:05 PM IST

আগৰতলা,৫ ফেব্ৰুৱাৰী : অহা সপ্তাহৰ পৰা ত্ৰিপুৰাত আৰম্ভ হ'ব বৃহৎ প্ৰতিবাদ । অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছে (AITC) ৰাজ্যখনৰ প্ৰতিটো ব্লকতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব (AITC to hold block level protest in Tripura)। দুৰ্নীতি আৰু বিভিন্ন আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে হ'ব এই প্ৰতিবাদ । সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিলে AITCৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে ।

সুবল ভৌমিকে উল্লেখ কৰা মতে ক'ভিড মহামাৰীৰ ফলত প্ৰভাৱিত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সহায়ৰ বাবে আৰু ৰাজ্যখনত সঠিকভাৱে চৰকাৰী আঁচনি ৰূপায়ণৰ দাবীত হ'ব এই প্ৰতিবাদ । ইফালে এমএনৰেগা শ্ৰমিক, হকাৰ, পৰিবহণ খণ্ডৰ শ্ৰমিক, ঘৰুৱা শ্ৰমিক আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সাহায্য প্ৰদানৰ দাবী জনায় তৃণমূল কংগ্ৰেছে । AITCৰ নেতাগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্যখনৰ প্ৰায় ১৮ হাজাৰ ঠিকাভিত্তিক আশা কৰ্মী আৰু অংগনৱাড়ী কৰ্মীয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । সেয়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় নেতাগৰাকীয়ে ।

ক'ভিড মহামাৰীৰ বাবে বিগত দুবছৰত ব্যক্তিগত আৰু বিত্তীয় লোকচানৰ সন্মুখীন হৈছে শ্ৰমিকসকল । ভৌমিকৰ মতে ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বাবে এই লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ অধিক অৱনতি ঘটিছে । সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা সুবল ভৌমিকে ৰাজ্যখনত সংঘটিত বিভিন্ন দূৰ্নীতি সম্পৰ্কেও উল্লেখ কৰে ।

তেওঁৰ অভিযোগ ৰাইজৰ মাজত নিম্ন মানদণ্ডৰ সামগ্ৰী আৰু ৰেচন বিতৰণৰ লগতে কৃষকৰ বাবে কীটনাশক দ্ৰব্য, সাৰ আৰু বীজৰ নিৰন্তৰ যোগানত ব্যৰ্থ হৈছে প্ৰশাসন । এই বিতৰণ ব্যৱস্থাত দুৰ্নীতি সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যখনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ কৰে নেতাগৰাকীয়ে ।

সমগ্ৰ দুৰ্নীতি আৰু ৰাইজৰ প্ৰাপ্যৰ দাবীত সেয়েহে অহা ৯ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনত ব্যাপক আন্দোলন সাব্যস্ত কৰিব তৃণমূল কংগ্ৰেছে । ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰিবলগীয়া এই প্ৰতিবাদৰ জৰিয়তে দাবীসমূহ সমাধানৰ বাবে চৰকাৰলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিব দলটোৱে ।

ইফালে কলকাতাত অনুষ্ঠিত দলৰ শেহতীয়া সাংগঠনিক সভাত উপস্থিত আছিল ত্ৰিপুৰাৰ আহ্বায়কগৰাকী । আগন্তুত নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে দলৰ নেত্ৰী মমতা বেনাৰ্জী আত্মবিশ্বাসী আৰু দৃঢ়প্ৰতিজ্ঞ যে তৃণমূল কংগ্ৰেছে ২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব । ত্ৰিপুৰাত সৰ্বসাধাৰণ ৰাইজৰ ওপৰত চৰকাৰে কেনেদৰে দমন নীতি চলাইছে লগতে ৰাইজৰ বাক স্বাধীনতা সৰ্ব কৰা হৈছে সেই বিষয়ে নেত্ৰীগৰাকী ভালদৰে অৱগত বুলিও ভৌমিকে উল্লেখ কৰে ।

সেয়ে তৃণমূল কংগ্ৰেছ ত্ৰিপুৰাৰ ৰাইজক এটা উৎকৃষ্ট বিকল্প দিব বিচাৰে । তেওঁ উল্লেখ কৰা মতে পশ্চিমবংগৰ উন্নয়নৰ বাবে যিবোৰ আঁচনি লোৱা হৈছে সেই আঁচনিবোৰ ত্ৰিপুৰাতো ৰূপায়ণ কৰা হ'ব । ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে জীৱন মৰণৰ কথা চিন্তা নকৰি দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে কাম অব্যাহত ৰখাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :Indo-Bangla border haat: কমলপুৰ-কুৰমাঘাট সীমান্ত বজাৰৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.