আগৰতলা, 24 মাৰ্চ: ক'ভিড-19 ৰ পুনৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে ত্ৰিপুৰাত বিমানবন্দৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ পশ্চিম ত্ৰিপুৰাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ দেৱাশীষ দাসে মঙলবাৰে জানিবলৈ দিয়ে যে, ক'ভিড-19 কঢ়িয়াই অনা লোকক চিনাক্ত কৰাৰ বাবে আগৰতলা বিমানবন্দৰত যাত্ৰী সকলক পৰীক্ষা কৰাৰ বাবে স্ক্ৰিনিঙৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
দাসে কয় যে, পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ অধ্যক্ষতাত অনুষ্ঠিত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ দাসে জনোৱা মতে, অতি শেহতীয়াকৈ ৰাজ্যখনত 38 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ বহু লোকৰ সমাগম হোৱা ৰাজনৈতিক সভা সমিতিসমূহৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দাসে কয় যে, এই সকলোবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু এতিয়া এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে ৷
পূৰ্বৰ দৰেই সকলো সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি জানিবলৈ দি দাসে কয় যে, সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত কাম কৰি আছে ৷ উল্লেখ্য যে, ক'ভিড-19 ক প্ৰতিহত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে এক বিশেষ ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জানিব পৰা মতে, 24, 25 আৰু 26 মাৰ্চত বিশেষ ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব ৷ এই পৰ্যন্ত পশ্চিম ত্ৰিপুৰা জিলাত 14,664 গৰাকী স্বাস্থ্য কৰ্মীয়ে প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰাৰ পৰিৱৰ্তে 10,932 গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক: COVID-১৯ বিষয়ক নিৰ্দেশনা জাৰি উত্তৰ প্ৰদেশ চৰকাৰৰ