ETV Bharat / bharat

দিল্লীৰ বায়ুমণ্ডলৰ গুণাগুণ অতি বেয়া !

SAFAR ৰ মতে মঙলবাৰে দিল্লীৰ বায়ু গুণাগুণ সূচাঙ্ক বহূ তললৈ নামি আহিছে । ময়ূৰ বিহাৰ আৰু অক্ষৰধাম মন্দিৰকে ধৰি চহৰখনৰ বহু অঞ্চলত ধোঁৱাৰ এক ডাঠ আৱৰণ দেখিবলৈ পোৱা গৈছে ।

দিল্লীৰ বায়ুমণ্ডলৰ গুণাগুণ অতি বেয়া !
দিল্লীৰ বায়ুমণ্ডলৰ গুণাগুণ অতি বেয়া !
author img

By

Published : Dec 22, 2020, 7:19 PM IST

নেশ্য়নেল ডেস্ক , ২২ ডিচেম্বৰ : System of Air Quality and Weather Forecasting And Research চমুকৈ SAFAR ৰ মতে মঙলবাৰে দিল্লীৰ বায়ু গুণাগুণ সূচাঙ্ক বহূ তললৈ নামি আহিছে । পুৱা ৭.৩০ বজাত বায়ুত থকা কণাৰ উপাদানৰ মাত্ৰা ৩২৯ পোৱা যায় । তাৰ পিছতে দিল্লীবাসীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে । ৰাজপথৰ এজন বাসিন্দাই কোৱা মতে দিল্লীত শীতৰ প্ৰকোপ বাঢ়ি যোৱৰ লগে লগে বায়ু প্ৰদূষণৰ মাত্ৰাও বাঢ়ি গৈছে যাৰ ফলত তেওঁ উশাহ লোৱাত কষ্ট অনুভৱ কৰিছে ; কিন্তু আগতে শীতৰ দিনত এনে হোৱা নাছিল ।

ময়ূৰ বিহাৰ আৰু অক্ষৰধাম মন্দিৰকে ধৰি ৰাজধানী চহৰৰ বহু অঞ্চলত ধোঁৱাৰ এক ডাঠ আৱৰণ দেখিবলৈ পোৱা গৈছে । যোৱা ২-৩ টা দিনত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱাৰ লগতে দৃশ্য়মান শূন্য় হৈ গৈছে বুলি ময়ূৰ বিহাৰলৈ প্ৰাতঃভ্ৰমণৰ বাবে অহা এজন ব্য়ক্তিয়ে জানিবলৈ দিয়ে । আন এজনৰ মতে আকৌ হিমাচলৰ মনালিত তুষাৰপাত হৈছে যাৰ বাবে দিল্লীৰ বতৰত প্ৰভাৱ পৰিছে । ক’ভিড ১৯ ৰ সংক্ৰমণ অব্য়াহত থকাৰ সময়চোৱাতে চিকিৎসকসকলে ৰাইজক অধিক সাৱধান হ'বলৈ আহ্বান জনাইছে, কাৰণ তাপমাত্ৰা কমি যোৱাৰ লগে লগে আৰু প্ৰদূষণ বাঢ়ি অহাৰ লগে লগে শ্বাস প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি পায়।

উল্লেখ যে কোনো এটা অঞ্চলৰ বায়ু গুণাগুণ সূচাঙ্ক যদি ০-৫০ হয় তেতিয়া তাৰ পৰিৱেশ ভাল বুলি বিবেচনা কৰা হয় ৷ ঠিক তেনেদৰে ৫১-১০০ পালে ই সন্তোষজনক, ২০১-৩০০ ত মধ্য়ম, ৩০১-৪০০ ত বহুত বেয়া আৰু ৪০১-৫০০ হলে ভয়ানক বুলি ধৰা হয় ।

লগতে পঢ়ক :৪ বছৰত দেশত নাহৰফুটুকীৰ সংখ্য়া ৬০ শতাংশৰো অধিক বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.