ETV Bharat / bharat

বায়ুসেনাৰ C-17এ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ আনিলে ক্ৰায়’জেনিক অক্সিজেন কন্টেইনাৰ - কৰ'ণা ভাইৰাচ

ভাৰতীয় বায়ু সেনাৰ (আইএএফ) চি-17 বিমানখনে সোমবাৰে জাৰ্মানীৰ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ চাৰিটা খালী ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ লৈ উভতি আহে ৷ ভাৰতীয় বায়ু সেনা বিভাগে জনোৱা মতে, আমেৰিকাৰ ব্ৰিজ নৰ্টনৰ পৰা চেন্নাইলৈ মুঠ 900 টা অক্সিজেন চিলিণ্ডাৰ অনাৰ বাবে ইতিমধ্যে সকলো কাম সম্পন্ন কৰা হৈছে ৷

জাৰ্মানীৰ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ অনা হ'ল 4টা খালী ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ

author img

By

Published : May 4, 2021, 10:24 AM IST

Updated : May 4, 2021, 11:54 AM IST

নেশ্যনেল ডেস্ক, 4 মে': কৰ'ণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতীয় বায়ু সেনাৰ (আইএএফ) চি-17 বিমানখনে সোমবাৰে জাৰ্মানীৰ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ 4 টা খালী ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ লৈ উভতি আহে ৷ ভাৰতীয় বায়ু সেনা বিভাগে জনোৱা মতে, ইংলেণ্ডৰ ব্ৰিজ নৰ্টনৰ পৰা চেন্নাইলৈ মুঠ 900 টা অক্সিজেন চিলিণ্ডাৰ অনাৰ বাবে ইতিমধ্যে সকলো কাম সম্পন্ন কৰা হৈছে ৷

ইয়াৰ লগতে, বায়ু সেনাৰ চি-17 বিমানেৰে হায়দৰাবাদৰ পৰা ভূৱনেশ্বৰলৈ 8 টা অক্সিজেন কন্টেইনাৰ কঢ়িয়াই নিয়া হৈছে ৷ ইয়াৰে বিজয়াড়াৰ, য়েলাহাংকা, হিন্দন আৰু ভুৱনেশ্বৰলৈ 2 টাকৈ কন্টেইনাৰ প্ৰেৰণ কৰা হ'ব ৷

ইয়াৰোপৰি, হিন্দনৰ পৰা ৰাঁচীলৈ 2 টা, আগ্ৰাৰ পৰা ৰাঁচীলৈ 1 টা, লক্ষ্ণৌৰ পৰা ৰাঁচীলৈ 1 টা আৰু ছণ্ডীগড়ৰ পৰা ৰাঁচীলৈ 2 টা অক্সিজেন কণ্টেইনাৰ বিমানেৰে নিয়াৰ বাবে যাৱতীয় সকলো কাম চলি আছে ৷ বায়ু সেনাৰ আইএল-76 বিমানৰ জৰিয়তে চুলুৰ ক'ইম্বাটুৰৰ পৰা পালামলৈ 2 টা অক্সিজেন প্ৰকল্প নিৰ্মাণৰ বাবে সা-সঁজুলিবোৰ বিমানেৰে নিয়াৰ যো-জা চলাইছে ৷

উল্লেখ্য যে, সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত বিগত 24 ঘণ্টাত 3,68,147 গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে 3,417 গৰাকী লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: কোভিড-19: দিল্লীত যোৱা 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ

Last Updated : May 4, 2021, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.