নিউজ ডেস্ক, 14 ডিচেম্বৰ: দিল্লীস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ কম্পিউটাৰ চাৰ্ভাৰত চীনৰ হেকাৰৰ চাইবাৰ আক্ৰমণ (AIIMS Delhi server attack originated from China) । চৰকাৰী সূত্ৰৰ তথ্য মতে, পাঁচটা চাৰ্ভাৰৰ তথ্য সফলভাৱে উদ্ধাৰ কৰা হৈছে । ২৩ নৱেম্বৰৰ পৰা চিকিৎসালয়খনৰ অনলাইন সেৱাসমূহ বাধাগ্ৰস্ত হৈছে (AIIMS Delhi server attack)।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক সূত্ৰই কয় যে, এইমছ দিল্লীৰ চাৰ্ভাৰত চীনা হেকাৰে আক্ৰমণ কৰিছিল । ১০০ টা চাৰ্ভাৰৰ ভিতৰত (৪০টা ফিজিকেল আৰু ৬০টা ভাৰ্চুৱেল) ৫টা ফিজিকেল চাৰ্ভাৰত হেকাৰে হেক কৰাৰ চেষ্টা কৰিছিল (Data from 5 servers safely recover)। কিন্তু ইয়াক সময়ত নিয়ন্ত্ৰিত কৰা হৈছিল । পাঁচটা চাৰ্ভাৰৰ তথ্য সফলভাৱে পুনৰুদ্ধাৰ কৰা হৈছে ।
-
AIIMS Delhi server attack | FIR details that the attack originated from China. Of 100 servers (40 physical & 60 virtual), five physical servers were successfully infiltrated by the hackers. Data in the five servers have been successfully retrieved now: Senior officials from MoHFW
— ANI (@ANI) December 14, 2022 " class="align-text-top noRightClick twitterSection" data="
">AIIMS Delhi server attack | FIR details that the attack originated from China. Of 100 servers (40 physical & 60 virtual), five physical servers were successfully infiltrated by the hackers. Data in the five servers have been successfully retrieved now: Senior officials from MoHFW
— ANI (@ANI) December 14, 2022AIIMS Delhi server attack | FIR details that the attack originated from China. Of 100 servers (40 physical & 60 virtual), five physical servers were successfully infiltrated by the hackers. Data in the five servers have been successfully retrieved now: Senior officials from MoHFW
— ANI (@ANI) December 14, 2022
এইমছ দিল্লীয়ে প্ৰথমবাৰৰ বাবে ২৩ নৱেম্বৰত ইয়াৰ চাৰ্ভাৰত এটা গ্লিচৰ খবৰ দিছিল । চাইবাৰ নিৰাপত্তা উলংঘাৰ অভিযোগত চাৰ্ভাৰসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা দুজন বিশেষজ্ঞকো নিলম্বন কৰা হয় । এইমছৰ বিষয়াসকলে এক বিবৃতিত কয় যে, ই-হাস্পতালৰ তথ্য পুনৰুদ্ধাৰ কৰা হৈছে । সেৱাসমূহ পুনৰুদ্ধাৰ কৰাৰ আগতে নেটৱৰ্ক পৰিষ্কাৰ কৰা হৈছে । তথ্যৰ পৰিমাণ আৰু চিকিৎসালয় সেৱাৰ বাবে বৃহৎ সংখ্যক চাৰ্ভাৰ/কম্পিউটাৰৰ বাবে এই প্ৰক্ৰিয়াটোৱে কিছু সময় লৈছে ।
বিবৃতিটোত কোৱা হৈছে যে, বহিঃৰোগী, আন্তঃৰোগী, পৰীক্ষাগাৰ আদিকে ধৰি সকলো চিকিৎসালয় সেৱা মেনুৱেল মোডত চলি থাকে । চলিত মাহৰ আৰম্ভণিতে দিল্লী আৰক্ষীৰ এটা বিশেষ কোষে দিল্লী এইমছৰ কম্পিউটাৰ চিষ্টেমত সংঘটিত চাইবাৰ আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছিল । চৰকাৰী সূত্ৰ অনুসৰি, এই মেলৱেৰ আক্ৰমণৰ উৎস চিনাক্ত কৰিবলৈ দিল্লী এইমছৰ আক্ৰান্ত চাৰ্ভাৰৰ তদন্তৰ বাবে চেণ্ট্ৰেল ফৰেনছিক লেবৰ (চিএফএছএল) এটা দল প্ৰেৰণ কৰা হৈছিল ।
লগতে পঢ়ক: Army alert on China Tibet border: টাৱাং সীমান্তৰ সংঘাতৰ পাচতেই উত্তৰাখণ্ডত সষ্টম ভাৰতীয় সেনা