ETV Bharat / bharat

AIIMS Delhi SOP: সাংসদসকলৰ চিকিৎসা সুবিধাৰ বাবে দিল্লী এইমছৰ বিশেষ পদক্ষেপ

সাংসদসকলৰ বাবে চিকিৎসা সুবিধা সুশৃংখল কৰাৰ বাবে এইমছ দিল্লীৰ বিশেষ এছঅ'পি (AIIMS Delhi SOPs for MPs) ।

AIIMS
AIIMS
author img

By

Published : Oct 20, 2022, 12:45 PM IST

নিউজ ডেস্ক, ২০ অক্টোবৰ : সাংসদসকলৰ কাৰণে চিকিৎসা সুবিধাবোৰ সুশৃংখল কৰাৰ বাবে এইমছ দিল্লীয়ে এক standard operating procedures অর্থাৎ মানক অপাৰেটিং প্ৰক্ৰিয়া (SOP) প্ৰস্তুত কৰিছে । ইয়াত চিকিৎসা সেৱা ব্যৱস্থাৰ সমন্বয় আৰু সুবিধাৰ বাবে এজন নোডেল বিষয়া নিয়োগ কৰা হৈছে (treatment facilities for MPs in AIIMS Delhi) ।

অৱশ্যে এই পদক্ষেপ গ্ৰহণৰ ফলত চিকিৎসকসকলৰ এটা অংশৰ পৰা এইমছ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে । তেওঁলোকৰ ভাষাত এয়া হৈছে মুখ্য স্বাস্থ্য প্ৰতিষ্ঠানখনত "ভিআইপি সংস্কৃতি" (VIP culture) । লোকসভা সচিবালয়ৰ যুটীয়া সচিব ৱাই এম কন্দপাললৈ শেহতীয়াকৈ লিখা এখন পত্ৰত এইমছৰ সঞ্চালক এম শ্ৰীনিবাসে বহিৰ্বিভাগ (OPD), জৰুৰীকালীন পৰামৰ্শ আৰু লোকসভা আৰু ৰাজ্যসভা (MPs of Lok Sabha and Rajya Sabha) দুয়োটাৰে অন্তৰ্ভুক্ত বৰ্তমানৰ সাংসদসকলৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে SOP তালিকাভুক্ত কৰিছে ।

পত্ৰখনত ডাঃ শ্ৰীনিবাসে কৈছে যে চিকিৎসালয় প্ৰশাসন বিভাগৰ কৰ্তব্যৰত বিষয়াসকল এইমছৰ নিয়ন্ত্ৰণ কক্ষত (AIIMS control room) ২৪ ঘণ্টাই উপলব্ধ থাকিব যাতে ব্যৱস্থাৰৰ সমন্বয় আৰু সুবিধা হয় । ফেডাৰেচন অব ৰেছিডেণ্ট ডক্টৰ্ছ এছ'চিয়েচনে (Federation of Resident Doctors Association, FORDA) অৱশ্যে এই পদক্ষেপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে সাংসদসকলৰ বাবে বিশেষ বিশেষাধিকাৰৰ মূল্য হয়তো সাধাৰণ ৰোগীয়ে ভৰিব লাগিব পাৰে ।

এটা টুইটত সংস্থাটোৱে কৈছে, "আমি ভিআইপি সংস্কৃতিক গৰিহণা দিছোঁ । আনৰ বিশেষাধিকাৰৰ মূল্য কোনো ৰোগীয়ে ভুগিব নালাগে । এইটো কোৱা হৈছে যে বস্তুবোৰ সুশৃংখল কৰাৰ বাবে প্ৰটোকল থকাটো অপমানজনক বুলি গণ্য কৰিব নালাগে, যদিহে ই ৰোগীৰ যত্নত বাধা নিদিয়ে ।" উল্লেখ্য, এইমছৰ সঞ্চালকজনে পত্ৰখনত কৈছে যে সাংসদজনৰ কৰ্মচাৰীসকলে 011-26589279, 011-26593308, 011-26593574 বা 9868397016 নম্বৰত কৰ্তব্যৰত বিষয়াজনৰ সৈতে কথা পাতিবলৈ যোগাযোগ কৰিব পাৰে ।

পত্ৰখনত লগতে কোৱা হৈছে যে বিষয়াজন এজন অৰ্হতা সম্পন্ন পেছাদাৰী চিকিৎসক হ'লেও তেওঁ বিশেষজ্ঞ বা অতি-বিশেষজ্ঞ চিকিৎসক বা সংশ্লিষ্ট বিভাগৰ মুৰব্বীৰ সৈতে এপইণ্টমেণ্ট ঠিক কৰিবলৈ কথা পাতিব । আনহাতে, জৰুৰীকালীন অৱস্থাত লোকসভা বা ৰাজ্যসভা সচিবালয় বা সাংসদৰ কৰ্মচাৰীসকলে কৰ্তব্যৰত বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে, যিয়ে তেওঁলোকক জৰুৰীকালীন সেৱাৰ বাবে নিৰ্দেশনা দিব । পত্ৰখনত এই কথাও কোৱা হৈছে ।

লগতে পঢ়ক :MLA MP as tea maker: পদপথৰ হোটেলত বিধায়কে চাহ বনাই খুৱালে সাংসদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.