আগৰতলা,১৪ জুলাই: ত্ৰিপুৰাত চৰম নিৰাপত্তাহীনতাত ভূগিছে কংগ্ৰেছ কৰ্মীসকলে(Tense situation in Tripura) । সেয়েহে অল ইণ্ডিয়া কংগ্ৰেছ কমিটীয়ে দলৰ জেষ্ঠ নেতা তথা কংগ্ৰেছ ভৱনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰে পত্ৰ । লগতে অনাগত সময়চোৱাত কংগ্ৰেছৰ দ্বাৰা আয়োজিত সকলো কাৰ্যসূচীত নিৰাপত্তা বেষ্টনী প্ৰদান কৰিবলৈ দাবী জনাই । বিশ্ৰামগঞ্জ বজাৰত দিনদুপৰতে BJP কৰ্মীয়ে দুখনকৈ বাহন ধ্বংস কৰাৰ পাছতে DGP লৈ পত্ৰ প্ৰেৰণ কৰে AICC য়ে (Congress leaders vehicle vandalized in Tripura) ।
পত্ৰখনত AICC য়ে উল্লেখ কৰে যে এয়া অতি উদ্বেগজনক বিষয় । দিন দুপৰতে ঘটনাটো সংঘটিত হোৱাৰ সময়ত সেই স্থানত কেইবাজনো আৰক্ষী জোৱান কৰ্তব্যৰত অৱস্থাত আছিল । কিন্তু তাৰ পাছতো দুৰ্বৃত্তক বাধা দিবলৈ সক্ষম নহ'ল । গুৰুত্বপূৰ্ণ বিষয় যে ঘটনাটো সংঘটিত হোৱাৰ পাছতেই প্ৰাক্তন বিধায়ক আশীষ কুমাৰ সাহাৰ PSO গৰাকীয়ে তৎক্ষণাৎ BJP ৰ দুৰ্বৃত্তৰ বিৰুদ্ধে বিশ্ৰামগঞ্জ আৰক্ষী থানাত অৱগত কৰাইছিল । কিন্তু লক্ষণীয়ভাৱে আৰক্ষীয়ে বিষয়টোত কোনো তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে ত্ৰিপুৰা কংগ্ৰেছে ।
লগতে পত্ৰখনত উল্লেখ কৰে যে, বিগত কিছু দিনৰ পৰা ত্ৰিপুৰাত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি ভয়ংকৰ ৰূপত অৱনতি ঘটিছে । এনে ধৰণৰ ঘটনাই সাধাৰণ জনতাৰ হৃদয়ত ভয় আৰু সন্ত্ৰাসৰ সৃষ্টি কৰে । এনেবোৰ ঘটনাই ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত নাগৰিকসকলৰ মাজত অবিশ্বাসৰ সৃষ্টি কৰিছে বুলিও পত্ৰখনত উল্লেখ কৰে ।
সেয়ে অনাগত দিনত ভাৰতীয় জাতীয় কংগ্ৰেছে আয়োজন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীত প্ৰশাসনৰ তৰফৰ পৰা পত্ৰযোগে ত্ৰিপুৰা কংগ্ৰেছৰ দায়িত্বত থকা এআইচিচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা জাৰিতা লাইটফ্লাঙে(AICC National Secretary Szarita Laitphlang) সুনিশ্চিত নিৰাপত্তা দাবী কৰিছে । যাতে সেই কাৰ্যসূচীসমূহত অংশগ্ৰহণকাৰী তথা আয়োজক সকল আশ্বস্ত হ'ব পাৰে ।
লগতে পঢ়ক: Congress-BJP clash in Tripura : দূৰ্বৃত্তই ভাঙিলে কংগ্ৰেছ নেতাৰ বাহন, বিজেপিলৈ অভিযোগৰ আঙুলি