ETV Bharat / bharat

ৰাহুল গান্ধীক AICCৰ সভাপতি হোৱাটো বিচাৰে দলৰ সামাজিক মাধ্যম বিভাগে

author img

By

Published : Sep 19, 2021, 11:07 AM IST

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব, তাক লৈ এতিয়া দেশজুৰি জল্পনা কল্পনা চলিছে । তাৰ মাজতে দলৰ একাংশই ৰাহুল গান্ধীক সভাপতি হিচাপে বিচাৰে । আৰু কোনে কোনে ৰাহুল গান্ধীক দলৰ সভাপতি হোৱাটো বিচাৰে ?

AICC
ৰাহুল গান্ধীক AICCৰ সভাপতি হোৱাটো বিচাৰে দলৰ সামাজিক মাধ্যম বিভাগ

নেশ্যনেল ডেস্ক, ১৯ ছেপ্তেম্বৰ : সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ (All India Congress Committee) সভাপতি কোন হ'ব ? সৰ্বত্ৰে এতিয়া ইয়াক লৈ চৰ্চা চলিছে । পিছে ইয়াৰ মাজতে সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম বিভাগে (Social Media Department) শনিবাৰে সৰ্বসন্মতি ক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতি বনোৱাৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰে ।

নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা 'দৃষ্টি ২০২১'ত এই প্ৰস্তাৱ গৃহীত হয় । সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰোহন গুপ্তাই স্বাক্ষৰ কৰা প্ৰস্তাৱটোত উল্লেখ থকা মতে কেৱল অধিকাৰ-আধাৰিত দৃষ্টিভংগী, ৰাহুল গান্ধীৰ ন্যায় বা এনৱাইৱাইৰ (NYAY) নীতিয়ে আজি দেশক বচাব পাৰিব ।

বিভাগটোৰ মতে তেওঁ হৈছে দেশৰ একমাত্ৰ নেতা যিয়ে সত্যতা আৰু নাগৰিকসকলৰ কল্যাণৰ বাবে সাহস আৰু দৃঢ়তাৰে কাম কৰিছে ।

কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগে উল্লেখ কৰা মতে ৰাহুল গান্ধীৰ নেতৃত্বই সমগ্ৰ ভাৰতত দলীয় কেডাৰসকলৰ মাজত এক নতুন শক্তি যোগাব । সেয়েহে ৰাহুল গান্ধীয়ে অতি সোনকালে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব ল'ব লাগে বুলি সৰ্বসন্মতভাৱে প্ৰস্তাৱটো গৃহীত কৰে কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগে ।

ইফালে, ইয়াৰ পূৰ্বে দিল্লী প্ৰদেশ মহিলা কংগ্ৰেছে একেধৰণৰ প্ৰস্তাৱ গৃহীত কৰিছিল । সোমবাৰে সন্ধিয়া দিল্লী মহিলা কংগ্ৰেছৰ মুৰব্বী অমৃতা ধাৱানৰ অধ্যক্ষতাত এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় য'ত তেওঁ সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি নেটা দেশুজাৰ উপস্থিতিত এই প্ৰস্তাৱটো ৰাখিছিল ।

এই সভাখনতেই দিল্লী প্ৰদেশ মহিলা কংগ্ৰেছৰ সকলো কাৰ্যালয় আৰু জিলা সভাপতিয়ে সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতি বনোৱাৰ বাবে তেওঁলোকৰ সন্মতি উপস্থাপন কৰিছিল ।

লগতে পঢ়ক :বল বুলি ভাৱি খেলিবলৈ গৈ বোমা বিস্ফোৰণত নাবালিকাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.