নেচনেল ডেস্ক, ২৪ জুন: পুনৰ এআইএডিএমকেত সংঘাত । এইবাৰ দলীয় পদক হৈ আৰম্ভ হৈছে সংঘাত । এআইএডিএমকেৰ প্ৰভাৱশালী নেতা এডাপ্পাডি কে পালানিস্বামী (ইপিএছ) গোটে শুকুৰবাৰে কয় যে তেওলোকৰ দলটো দ্বৈত নেতৃত্বৰ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈছে ( AIADMKs dominant Edappadi K Palaniswami)। সাধাৰণ পৰিষদে একক নেতৃত্বৰ দাবীত দৃঢ়তাৰে থিয় দিয়াৰ এদিন পিছতে এআইএডিএমকেৰ প্ৰভাৱশালী নেতাগৰাকীয়ে এইদৰে সৰৱ হৈ পৰে । আনহাতে, তেওঁ সমন্বয়ক অ'পন্নীৰচেলভম (অ'পিএছ) আৰু যুটীয়া সমন্বয়ক ইপিএছৰ ওপৰত অৰ্পিত ক্ষমতা কৰ্তন কৰা বুলিও কয় ।
ইপিনে,সাধাৰণ পৰিষদে একক নেতৃত্বৰ দাবীত দৃঢ়তাৰে থিয় দিয়াৰ এদিন পিছতে জ্যেষ্ঠ নেতা আৰু ইপিএছ অনুগত চি ভে চানমুগামে কয় যে ২০২১ৰ ১ ডিচেম্বৰত দলীয় উপ-বিধি অনুসৰি কৰা শীৰ্ষ দুটা দলীয় পদৰ সৈতে সম্পৰ্কিত সংশোধনীবোৰ সাধাৰণ পৰিষদে অনুমোদন জনোৱা নাছিল ।
উল্লখ্য় যে যোৱা বছৰ অ'পিএছ আৰু ইপিএছৰ পক্ষত নেতৃত্বৰ দ্বৈত প্ৰণালীটো বৰ্তাই ৰাখিবলৈ আৰু অধিক শক্তিশালী কৰাৰ বাবে উপ-বিধিৰ সলনি কৰা হৈছিল । এই উপ-বিধি সংশোধন কৰাৰ পিছত অ'পিএছ আৰু ইপিএছক সমন্বয়ক আৰু সহ-সমন্বয়ক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰা বুলি ঘোষণা কৰা হৈছিল । এনে সংশোধনীয়ে সমন্বয়ক আৰু যুটীয়া সমন্বয়কাৰীৰ দুটা শীৰ্ষ পদৰ মনোনীত নেতাসকলক ভোটৰ জৰিয়তে দলৰ প্ৰাথমিক সদস্যসকলে নিৰ্বাচিত কৰাটো বাধ্যতামূলক কৰিছিল বুলিও চানমুগামে কয় ।
অৱশ্যে যিহেতু শীৰ্ষ দুটা দলৰ পদৰ সৈতে সম্পৰ্কিত এই সংশোধনীসমূহ বৃহস্পতিবাৰে সাধাৰণ পৰিষদে স্বীকৃতি আৰু সমৰ্থন কৰা নাছিল; সেয়েহে এই শীৰ্ষ দুটা পদ এতিয়া নিষ্ক্ৰিয় হৈ পৰিছে বুলি তেওঁ স্পষ্ট কৰি দিয়ে । সেয়েহে অ'পিএছ এতিয়া সমন্বয়ক নহয় বুলি উল্লেখ কৰি চানমুগামে ইপিএছ যুটীয়া-সমন্বয়ক হোৱাটো বন্ধ কৰা বুলি জানিবলৈ দি কয়, 'দুয়োজনে কেৱল কোষাধ্যক্ষ (অ'পিএছ) আৰু মুখ্য কাৰ্যালয় সচিব (ইপিএছ)ৰ আন পদসমূহ ধৰি ৰাখিছে ।' প্ৰাক্তন আইন মন্ত্ৰী চানমুগামে দলৰ নিয়ম পুস্তিকাৰ পৰা এই বিষয়ে ব্য়াখ্য়া কৰে ।
ইপিনে,দলটোৰ শীৰ্ষ নেতৃত্বই অহা ১১ জুলাইত অনুষ্ঠিতব্য় সাধাৰণ পৰিষদৰ বৈঠকত ইপিএছক সৰ্বোচ্চ নেতা হিচাপে গঢ়ি তুলিবলৈ সংকল্পৱদ্ধ বুলি কয় ।
লগতে পঢ়ক:বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে: বিজেপিৰ বিৰুদ্ধে অগ্নিবাণ মমতাৰ