নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: 2022 বৰ্ষৰ 22 জুলাইত সংঘটিত হৈছিল এটা হত্যাকাণ্ড ৷ উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ ক্ষত বিক্ষত মৃতদেহ ৷ ঘটনাৰ স্থান গুজৰাটৰ আহমেদাবাদ (Ahmedabad Crime) ৷ উদ্ধাৰ হোৱা মৃতদেহটো মনীষা দুধেলা নামৰ এগৰাকী মহিলাৰ বুলি চিনাক্ত কৰা হৈছিল ৷ ঘটনাৰ 6 মাহ উকলি যোৱাৰ পিছত মহিলাগৰাকীৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিছে মহিলাগৰাকীৰ স্বামীক (IB Officer gives order to kill his wife) ৷
২০২২ বৰ্ষৰ ২২ জুলাইত ভেজলপুৰ থানা এলেকাৰ শ্ৰীনন্দ নগৰস্থিত এটা বাসগৃহত উদ্ধাৰ হৈছিল মনীষা দুধেলা নামৰ মহিলাৰগৰাকীৰ মৃতদেহ । কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি মাতৃ লক্ষ্মীবেনে ভেজলপুৰ থানাত ৰুজু কৰিছিল গোচৰ ৷ ইয়াৰ পিছতে এই ঘটনাৰ তদন্তত নিয়োজিত হৈছিল অনুসন্ধানকাৰীৰ এটা বিশেষ দল ।
তদন্তত নিয়োজিত আৰক্ষীৰ অপৰাধ শাখাৰ দলটোৱে এই ঘটনা সন্দৰ্ভত ২০২২ চনৰ ৬ আগষ্টত তেলেংগানাৰ পৰা খলিলুদ্দিন চৈয়দ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । তাৰ পিছতেই আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছিল এক ভয়ংকৰ তথ্য ৷ কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰোত কৰ্মৰত মহিলাগৰাকীৰ স্বামী ৰাধা কৃষ্ণ মধুকৰ দুধেলাই চুপাৰী দি হত্যাকাণ্ড সংঘটিত কৰিছিল পত্নী মনীষাক ।
ঘটনাৰ বিৱৰণী অনুসৰি, ২০১৪ চনত অনলাইন বিবাহ ছাইটৰ (Matrimonial Site) জৰিয়তে মনীষাৰ চিনাকি হৈছিল হায়দৰাবাদৰ সমীপৰ কুড্ডাপাহ গাঁৱৰ ৰাধাকৃষ্ণ দুধেলাৰ সৈতে ৷ বিবাহ ছাইটত ইজনে আনজনক লাইক কৰাৰ পিছত দুয়োৰে মাজতে আৰম্ভ হৈছিল কথা-বতৰা ৷ পৰবৰ্তী সময়ত দুয়োৰে মাজতে গঢ়ি উঠিছিল এক গভীৰ প্ৰেমৰ সম্পৰ্ক ৷ পিছত দুয়োৰে সম্পৰ্কৰ বিষয়ে অৱগত হয় পৰিয়ালৰ লোক ৷ কিন্তু পৰিয়ালবৰ্গই মানি লোৱা নাছিল দুয়োৰে সম্পৰ্ক ৷ সেয়েহে পৰিয়ালৰ বিৰুদ্ধে গৈ ৰাধাকৃষ্ণ দুধেলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল মনীষা ৷
বিয়াৰ পিছত স্বামীৰ সৈতে হায়দৰাবাদলৈ গুচি যায় মনীষা ৷ তাতেই স্বামীৰ সৈতে থাকিবলৈ লয় মনীষা ৷ কিছুদিন দুয়োৰে মাজত সকলো ঠিকেই আগুৱাইছিল ৷ কিন্তু বেছিদিন সকলো ঠিকে ঠাকে থাকিব নোৱাৰিলে ৷ লাহে লাহে দুয়োৰে মাজত সৃষ্টি হয় মতানৈক্য ৷ ফলস্বৰূপে পৰবৰ্তী সময়ত দুয়োৰে মাজত বৃদ্ধি হয় কাজিয়া ৷ অৱশেষত কাজিয়া অধিক বৃদ্ধি পোৱাত বিয়াৰ এবছৰ পিছত অৰ্থাৎ ২০১৫ চনত মাকৰ ঘৰলৈ উভতি আহে মনীষা ৷ পিছত মাকৰ সৈতেই থাকিবলৈ লয় মনীষা ৷
ইয়াৰ পিছত আদালতত স্বামীৰ বিৰুদ্ধে জীৱিকাৰ গোচৰ ৰুজু কৰে মনীষাই (IB Officer killed his wife in Ahmedabad) ৷ যাৰ পৰিপ্ৰেক্ষিতত স্বামীয়ে মনীষাক প্ৰতিমাহে ৪০ হাজাৰ টকা হিচাপে ভৰণ পোষণৰ ধন আদায় দিবলগীয়া হৈছিল । কিন্তু এই ভৰণ পোষণৰ ধন আদায় দিবলৈ বিচৰা নাছিল স্বামীয়ে ৷
যিহেতু আদালতে নিৰ্দেশ, গতিকে ভৰণ পোষণৰ ধন আদায় দিবলৈ বাধ্য হৈছিল স্বামী ৰাধাকৃষ্ণ দুধেলা ৷ 2015 চনৰ পৰা 2021 চনলৈ ভৰণ পোষণৰ ধন প্ৰতি মাহে আদায় দি আহিছিল যদিও মনত তীব্ৰ ক্ষোভ আছিল পত্নী মনীষাৰ বিৰুদ্ধে ৷ সেয়েহে ভৰণ পোষণৰ ধন আদায় নিদিবলৈ স্বামীয়ে এদিন পৰিকল্পনা কৰিলে এক পৰিকল্পনা যি পৰিকল্পনা আছিল অতিকৈ ভয়ানক ৷
সেয়া হৈছে মনীষাক প্ৰাণে মৰাৰ পৰিকল্পনা (IB officer hired contract killer to murder wife) ৷ যাতে ভৰণ পোষণৰ ধন আদায় দিয়াৰ পৰা পৰিত্ৰাণ পায় ৰাধাকৃষ্ণ দুধেলাই ৷ সেই পৰিকল্পনা অনুসৰিয়েই স্বামীয়ে তিনিজন লোকক মনীষাক প্ৰাণে মৰাৰ চুপাৰী প্ৰদান কৰিছিল ৷ সেই অনুসৰিয়েই তিনি হত্যাকাৰীয়ে আহমেদাবাদৰ মাতৃগৃহত মনীষাক প্ৰথমে অনুসৰণ কৰে ৷ তাৰ পিছত তিনিজনৰ এজনে ঘৰৰ বাহিৰত থাকি টহল দিয়ে আৰু আন দুজনে সুযোগ বুজি ঘৰৰ ভিতৰত সোমাই হত্যা কৰে মনীষাক ৷
ইয়াৰ পিছতেই মাতৃৰ অভিযোগ ভিত্তিত আৰক্ষীৰ অনুসন্ধানকাৰী দলে জোৰদাৰ তদন্তৰ অন্তত আটক কৰে তিনি অভিযুক্তক ৷ তিনি অভিযুক্তৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে অৱশেষত আটক কৰে হত্যাকাণ্ডৰ মূল অভিযুক্ত মনীষাৰ স্বামী ৰাধাকৃষ্ণ দুধেলাক (Murder in Ahmedabad) ৷
কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰ’ত কৰ্মৰত ৰাধাকৃষ্ণ দুধেলাক আদালতত হাজিৰ কৰোৱাৰ পিছত ১৪ দিনৰ নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰা হৈছে বুলি জানিব দিয়ে আৰক্ষীয়ে । জানিব পৰা মতে ৰাধাকৃষ্ণ দুধেলাৰ মাহেলি দৰমহা আছি ১.৫ লাখ টকা ৷ পত্নীক হত্যাৰ বাবে স্বামীয়ে এমাহৰ দৰমহা ১.৫ লাখ টকাৰ বিনিময়ত চুপাৰী প্ৰদান কৰিছিল হত্যাকাৰীক ৷
ইফালে অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমানো অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ জানিব পৰা ধৃত অভিযুক্ত ৰাধাকৃষ্ণ দুধেলাই তিনিবাৰকৈ বিবাহ সম্পন্ন কৰিছিল ৷ তাৰ ভিতৰত মনীষা আছিল দ্বিতীয় পত্নী (IB officer arrested for ex wife’s murder in Ahmedabad) ৷
লগতে পঢ়ক: Chirang woman molestation: জঘন্য ! মহিলাৰ দেহৰ কাপোৰ ফালি ভিডিঅ’ ভাইৰেল কৰিলে সামাজিক মাধ্যমত