ETV Bharat / bharat

Extra Marital Affairs: পত্নীৰ সন্মুখতে স্বামীলৈ প্ৰেমিকাৰ ভিডিঅ’ কল, পত্নীক হত্যাৰ উচটনি প্ৰেমিকাৰ

author img

By

Published : Nov 25, 2022, 1:00 PM IST

পত্নীৰ সন্মুখতে ভিডিঅ’ কলযোগে প্ৰেমিকাই উচটনি দিয়ে স্বামীক ৷ অন্য মহিলাৰে পৰকীয়া প্ৰেমত পৰি পত্নীক হত্যাৰ ভাবুকি (Provocation to kill wife)৷

Extra Marital Affairs
পত্নীৰ সন্মুখতে স্বামীলৈ প্ৰেমিকাৰ ভিডিঅ’ কল

নিউজ ডেস্ক, 15 নৱেম্বৰ : পত্নীৰ সন্মুখতে স্বামীৰ প্ৰেমিকাৰ ভিডিঅ’ কল ৷ ভিডিঅ’ কলত পত্নীক অত্যাচাৰ কৰিবলৈ দাবী প্ৰেমিকাৰ ৷ প্ৰেমিকাৰ ফৰমাইছ অনুসৰি পত্নীক হত্যাৰ চেষ্টা স্বামীৰ ৷ এই ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

ঘটনাৰ স্থান আগ্ৰা ৷ আগ্ৰাৰ এগৰাকী মহিলাই চেওঁৰ স্বামী, স্বামীৰ প্ৰেমিকাৰ আৰু প্ৰেমিকাগৰাকীৰ মাতৃৰ বিৰুদ্ধে দাখিল কৰিছে গুৰুতৰ অভিযোগ ৷ আগ্ৰাৰ হৰিপাৰ্বতৰ এগৰাকী মহিলাৰ সৈতে অভিযোগকাৰী মহিলাগৰাকীৰ স্বামীৰ অবৈধ সম্পৰ্ক থকা বুলি এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত ৷ অভিযোগকাৰী মহিলাগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত প্ৰমাণো দাখিল কৰিছে । ইয়াৰ পাছতে আৰক্ষীয়ে অভিযুক্ত তিনিওকে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷

অভিযোগকাৰীয়ে এজাহাৰত দাখিল কৰা অনুসৰি, তেওঁ 10 বছৰ পূৰ্বে ৰবীন নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । ইয়াৰ পাছত বহু বছৰ সুখেৰেই পাৰ হৈছিল সংসাৰ ৷ কিন্তু সেই সুখৰ সংসাৰত আন এগৰাকী মহিলাৰ আগমণে আউল লগালে ৷

উক্ত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰে হোৱা বিবাদ আৰু বিচ্ছেদৰ কাহিনীৰ বৰ্ণনা দিবলৈ আৰম্ভ কৰে ৰবীনক । সংসাৰৰ দুখ-যন্ত্ৰণাৰ বৰ্ণনা কৰাৰ লগতে মহিলাগৰাকীয়ে ৰবীনৰ পৰা সহায় হিচাবে 1,000 টকাও বিচাৰিছিল আৰু সেই সহায় ৰবীনে আগবঢ়াইছিল । ইয়াৰ পাছতে সম্পৰ্ক আগবাঢ়ে ৰবীন আৰু মহিলাগৰাকীৰ মাজত ৷ দুয়োৰে মাজত ফোনযোগে বাৰ্তালাপ হ’বলৈ আৰম্ভ কৰে । লাহে লাহে মহিলাগৰাকী আৰু ৰবীনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে (Illegal relationship cases in Agra)।

দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক ইমানেই গাঢ় হৈ পৰে যে, ৰবীনে মহিলাগৰাকীক ওচৰৰে এটা ভাড়াঘৰলৈ লৈ আনে । য'ত প্ৰেমিকাৰ সৈতে ৰবীনে প্ৰায়েই শাৰিৰীক সম্পৰ্ক স্থাপন কৰা বুলিও ৰবীনৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছে । লগতে পত্নীৰ লগত ৰবীন থকাৰ সময়তে প্ৰায়েই ৰবীনলৈ ভিডিঅ’ কল কৰে প্ৰেমিকাই ৷ আৰু পত্নীৰ সন্মুখতে প্ৰেমিকাগৰাকীয়ে ৰবীনক শাৰীৰিক অত্যাচাৰ কৰাৰ বাবে উচটনি দিয়ে বুলিও পত্নীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Provocation to kill wife)৷

ৰবীনৰ পত্নীয়ে লগতে অভিযোগ কৰে যে, প্ৰেমিকাৰ মাতৃয়েও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে ৷ ৰবীনৰ প্ৰেমিকা আৰু মাতৃয়ে ৰবীনক একেধৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে ব্লেক মেইলিং কৰি ৰবীনৰ পৰা ধন লৈ অহাৰো অভিযোগ উত্থাপন কৰিছে ৰবীনৰ পত্নীয়ে ৷

ইয়াৰ পাছতে পত্নীয়ে স্বামী ৰবীন, প্ৰেমিকা আৰু প্ৰেমিকাৰ মাতৃৰ বিৰুদ্ধে হত্যাকে ধৰি বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰে । স্বামীয়ে ইতিমধ্যে ঘৰলৈ অহা বন্ধ কৰাৰ লগতে পত্নী আৰু সন্তানৰ খৰচ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে, ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি উক্ত মহিলাগৰাকী আৰু তেওঁৰ মাতৃয়ে পূৰ্বেও এজন যুৱকক প্ৰেমৰ জালত পেলাই ধন সৰকোৱাৰ লগতে ধৰ্ষণ আৰু অন্যান্য গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰোৱাইছিল ।

লগতে পঢ়ক : Mass marriage in Ghaziabad: একেলগে সম্পন্ন হ’ল 3003 খন সামূহিক বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.