ETV Bharat / bharat

অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব

author img

By

Published : Jun 18, 2022, 1:33 PM IST

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশত প্ৰতিবাদ অব্যাহত আছে (Protest over Agnipath Scheme)। বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে । ইয়াৰ মাজতে চৰকাৰে ঘোষণা কৰিছে যে অগ্নিবীৰসকলৰ বাবে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত ১০ শতাংশ খালী পদ সংৰক্ষণ কৰা হ'ব ।

agniveer
অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব

নেশ্যনেল ডেস্ক,১৮ জুন : দেশজুৰি নতুন অগ্নিপথ আঁচনিক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে (Protest over Agnipath Scheme)। কোনো কোনো ৰাজ্যত প্ৰতিবাদে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে (Ministry of Home Affairs announcement for Agniveer)। গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা মতে অগ্নিবীৰসকলৰ বাবে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত ১০ শতাংশ খালী পদ সংৰক্ষণ কৰা হ'ব (Agniveer to get 10 percent reservation in Assam rifles)।

গৃহ মন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে এই কথা ঘোষণা কৰে । গৃহ মন্ত্ৰালয়ে টুইট কৰি লগতে কয় যে অগ্নিবীৰসকলক দুয়োটা বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমাৰ পৰা ৩ বছৰ ৰেহাই দিয়া হ'ব । অগ্নিবীৰৰ প্ৰথম গোটৰ বাবে, বয়সৰ উৰ্ধসীমাৰ পৰা ৫ বছৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব (Relaxation for Agniveer)। আনহাতে অগ্নিবীৰসকলক পুনৰ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হ'ব বুলিও এক চৰ্চা চলিছে ।

চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এতিয়াও দেশৰ ভিন্ন প্ৰান্তত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । বিহাৰ, উত্তৰ প্ৰদেশ, তেলেংগানা আদি ৰাজ্যবোৰত আন্দোলনে হিংসাত্মক ৰূপ লৈছে । বিহাৰ, তেলেংগানা আদি ৰাজ্যত প্ৰতিবাদকাৰীয়ে ৰে'লত অগ্নিসংযোগ কৰিছে যাৰ বাবে ৰে'লসেৱা স্তব্ধ হৈ পৰিছে । ইফালে তেলেংগানাৰ আন্দোলনৰ মাজতে শুকুৰবাৰে এগৰাকী ছাত্ৰৰো মৃত্যু হৈছে ।

মুঠতে অগ্নিপথ আঁচনিক লৈ তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে তিনিওটা বাহিনীৰ শীৰ্ষ বিষয়াসকলে এই আঁচনি অধীনত যোগদান কৰিবলৈ যুৱপ্ৰজন্মক আহ্বান জনাইছে । আনহাতে একাংশই দাবী কৰা মতে এই আঁচনিৰ অধীনত চাকৰিৰ কাৰ্যকাল হ্ৰস্বম্যাদী হ'লেও বিভিন্ন সুবিধা থাকিব । অগ্নিবীৰসকলে লাভ কৰা প্ৰশিক্ষণে তেওঁলোকক আন আন নিৰাপত্তা বাহিনীত পৰৱৰ্তী সময়ত যোগদানৰ বাবে সহায় কৰিব ।

লগতে পঢ়ক :Agnipath scheme: অগ্নিপথত কি হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.