ETV Bharat / bharat

কৃষি আইন বাতিল নকৰা পৰ্যন্ত বাহাল থাকিব প্ৰতিবাদ: টিকাইত

author img

By

Published : Feb 11, 2021, 11:06 AM IST

সিংঘু সীমান্তত প্ৰতিবাদী কৃষকসকলক সম্বোধন কৰি বুধবাৰে BKU ৰ নেতা ৰাকেশ টিকাইতে মন্তব্য কৰিছে যে যেতিয়ালৈকে কেন্দ্ৰই কৃষকসকলৰ সমস্যা সমাধান নকৰে, তেতিয়ালৈকে কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থাকিব কৃষি বিৰোধী প্ৰতিবাদ ৷

Agitating farmers not for change in power at Centre but solution to their issues: Tikait
কৃষি আইন বাতিল নকৰা পৰ্যন্ত বাহাল থাকিব প্ৰতিবাদ:টিকাইত

নিউজ ডেস্ক,11 ফেব্ৰুৱাৰী: দিল্লীৰ কৃষক আন্দোলনৰ জুই এতিয়াও মাৰ যোৱা নাই ৷ দিল্লীৰ কৃষক আন্দোলনে এতিয়াও কঁপাই আছে দেশ ৷ এনে সময়তে বুধবাৰে BKU ৰ নেতা ৰাকেশ টিকাইতে দাবী কৰিছে যে, আন্দোলনকাৰী কৃষকসকলৰ কেন্দ্ৰৰ কোনো ক্ষমতাকে পৰিৱৰ্তন কৰাৰ লক্ষ্য নহয় ৷ কিন্তু তেওঁলোকৰ সমস্যাৰ সমাধান হোৱাটো বিচাৰিছে কৃষকসকলে ৷ কিন্তু এই কৃষক আন্দোলনৰ সুবিধা লৈ একাংশ নেতাই দেশৰ বিভিন্ন প্ৰান্তত আন্দোলনৰ অপ-প্ৰচাৰত নামিছে ৷ এইবুলি মন্তব্য কৰিছে BKU ৰ নেতা ৰাকেশ টিকাইতে ৷

BKU ৰ নেতা গৰাকীৰ মতে, গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীৰ ৰাজপথলৈ ওলাই অহা ট্ৰেক্টৰ ৰেলীৰ সময়ছোৱাত লালকিল্লাত পতাকা উৰুৱাই থকা লোকক গুলী কৰি দিয়া উচিত আছিল ৷ এই কাম কৰিবলৈ যুৱক-যুৱতীসকলক একপ্ৰকাৰ বাধ্য কৰিছিল দুষ্ট চক্ৰই ৷ সিংঘু সীমান্তত প্ৰতিবাদী কৃষকসকলক সম্বোধন কৰি নেতা গৰাকীয়ে কয় যে, যেতিয়ালৈকে কেন্দ্ৰই কৃষকসকলৰ সমস্যা সমাধান নকৰে, তেতিয়ালৈকে কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থাকিব কৃষি বিৰোধী প্ৰতিবাদ ৷

সিংঘু সীমান্তত কৃষক নেতাগৰাকীয়ে মন্তব্য কৰে যে, এই আন্দোলন বহু দীঘলীয়া হ’ব ৷ যেতিয়ালৈকে ভাৰত চৰকাৰে কৃষক আন্দোলনৰ নেতাসকলৰ লগত আলোচনাত মিলিত নহয়, তেতিয়ালৈকে এই আন্দোলন বাহাল থাকিব ৷ আনহাতে, গণতন্ত্ৰ দিৱসৰ দিনা লালকিল্লাত ঘটা ঘটনাৰ সৈতে চৰকাৰ জড়িত আছে ৷ এই আন্দোলন বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে এই কাৰ্য সংঘটিত কৰিছিল চৰকাৰে ৷ এইবুলি গৰ্জি উঠিছে কৃষক নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.