ETV Bharat / bharat

২০২২ৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আগৰতলা-আখাউৰা ৰে'ল প্ৰকল্প : JS Lakra

author img

By

Published : Nov 13, 2021, 10:16 AM IST

পূৰ্ণগতিত চলিছে আগৰতলা-আখাউৰা সংযোগী ৰে'ল প্ৰকল্প(Agartala-Akhaura railway project)ৰ কাম । ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ডিভিজনেল ৰে'ল প্ৰৱন্ধক জে এছ লাক্ৰা(JS Lakra)ই । দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে ত্ৰিপুৰাত উপস্থিত হৈছে লাক্ৰা ।

Agartala Akhaura Railway project to be completed by September 2022
২০২২ৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আগৰতলা আখাউৰা ৰে'ল প্ৰকল্প

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে ত্ৰিপুৰা(Tripura) ত উপস্থিত হৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ডিভিজনেল ৰে'ল প্ৰৱন্ধক জে এছ লাক্ৰা(JS Lakra) । প্ৰথম দিনটোত তেওঁ আগৰতলাৰ নিচিন্তপুৰ ৰে'লৱে য়াৰ্ড(Nischintapur railway yard) পৰিদৰ্শন কৰে । আগৰতলা-আখাউৰা সংযোগী ৰে'ল প্ৰকল্প(Agartala-Akhaura railway project) সন্দৰ্ভত তেওঁ ই টিভি ভাৰতৰ সাংবদিকৰ আগত কয় যে, এই প্ৰকল্পৰ কাম ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । নিৰ্মাণকাৰ্য সঠিকভাৱে চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

আনহাতে, নিচিন্তপুৰ অঞ্চলতো কাম সঠিকভাৱে চলি থকাক লৈ লাক্ৰাই সন্তুষ্টি ব্যক্ত কৰে । অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, নিচিন্তপুৰ হৈছে এক অতি গুৰুত্বপূৰ্ণ পৰিৱহণ ক্ষেত্ৰ । সেয়ে, নিশ্চিতভাৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য বৃদ্ধি কৰাত সহায়ক হ'ব ।

অঞ্চলটোৰ স্থানীয় লোকসকলক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰি তুলিব । ত্ৰিপুৰাত নতুন ৰে'ল চলাচলৰ আন কোনো পৰিকল্পনা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰয়োজন সাপেক্ষে নিশ্চিতভাৱে ৰে'ল সেৱা বৃদ্ধিৰ কৰাৰ কথা চিন্তা কৰিব বিভাগে ।

উল্লেখ্য যে, আগৰতলা-আখাউৰা ৰে'ল পথে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল(North-East)কে লাভান্বিত কৰিব । এই ৰে'ল পথে বাংলাদেশৰ গংগাসাগৰক ভাৰতৰ নিচিন্তপুৰৰ সৈতে আৰু নিচিন্তপুৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলা ষ্টেচনলৈ সংযোগ কৰিব । এই ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'ল পথৰ সংযোগে উত্তৰ-পূৰ্বাঞ্চলত প্ৰগতি আৰু উন্নয়নৰ সূচনা কৰিব । আখাউৰা-আগৰতলা ৰে'ল সংযোগে দুয়োখন দেশৰ মাজত ব্যাণিজ্যিক সম্পৰ্ক উন্নীত কৰাত সহায় কৰিব ।

আখাউৰা-আগৰতলা ৰে'ল প্ৰকল্পৰ প্ৰস্তাৱ ২০১০ চনতে গ্ৰহণ কৰা হৈছিল । তিনি বছৰৰ পিছত, ভাৰত আৰু বাংলাদেশ দুয়োখন দেশে ৰে'ল প্ৰকল্পৰ লগতে অন্যান্য বিষয় সম্পৰ্কীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে । শনিবাৰে জে এছ লাক্ৰা(JS Lakra)ই চাব্ৰুম ভ্ৰমণ কৰিব ।

লগতে পঢ়ক:fight against colonial powers : কিদৰে চেন্নাম্মা আৰু আব্বাক্কাই ৰক্ষা কৰিছিল দেশ মাতৃক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.