ETV Bharat / bharat

১৩২ বছৰীয়া সেৱাৰ অন্তত বন্ধ হ'ল ভাৰতীয় সেনাৰ ফাৰ্ম - ১৩০ খন ফাৰ্ম

অৱশেষত ভাৰতীয় সেনাই বন্ধ কৰিলে ১৩০ খন ফাৰ্ম । ১৩২ বছৰীয়া সেৱাৰ অন্তত এই ফাৰ্ম বন্ধ কৰা হয় । ১৮৮৯ চনৰ ১ ফেব্ৰুৱাৰীত বিশুদ্ধ আৰু সতেজ গাখীৰ উৎপাদন কৰা আৰু জোৱানকসকলক গাখীৰ যোগান ধৰাৰ বাবে ব্ৰিটিছ সেনাই দেশৰ এই ফাৰ্ম স্থাপন কৰিছিল ।

১৩২ বছৰীয়া সেৱাৰ অন্তত বন্ধ হ'ল সামৰিক ফাৰ্ম

author img

By

Published : Mar 31, 2021, 7:55 PM IST

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: সুদীৰ্ঘ ১৩২ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছত বুধবাৰে ভাৰতীয় সেনাই সামৰিক ফাৰ্মসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰে । আম্বলা, কলকাতা, শ্ৰীনগৰ, আগ্ৰা, পাঠানকোট, লক্ষ্ণৌ, মিৰাট, এলাহাবাদ আৰু গুৱাহাটীৰ দৰে চহৰত ২০,০০০ একৰৰো অধিক প্ৰতিৰক্ষা ভূমিত এই ফাৰ্মসমূহ স্থাপন কৰা হৈছিল । লেফটেনেণ্ট জেনেৰেল শশাংক মিশ্ৰই কয় যে, প্ৰায় ১৩২ বছৰে সেৱা আগবঢ়োৱাৰ পিছত, সামৰিক ফাৰ্মসমূহৰ সেৱা সমাপ্ত কৰা হৈছে ।

১৮৮৯ চনৰ ১ ফেব্ৰুৱাৰীত এলাহাবাদত প্ৰথম সামৰিক ফাৰ্ম স্থাপন কৰা হৈছিল । ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰালৈকে ভাৰতত ১৩০ খন ফাৰ্ম আছিল । লেফটেনেণ্ট জেনেৰেল শশাংক মিশ্ৰই প্ৰকাশ কৰা মতে, সেই সময়ত এই ফাৰ্ম সেনাৰ বাবে অত্যন্ত লাভজনক আছিল, কিয়নো তেতিয়া হোৱাইট ৰিভ'ল্যুছন আৰম্ভ হোৱা নাছিল । ভাৰ্গিছ কুৰেইনৰ নেতৃত্বত ১৯৭০ চনত এই বিপ্লৱ আৰম্ভ হয় ।

মিশ্ৰই লগতে কয় যে, দুগ্ধজাত সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত সামৰিক ফাৰ্মবোৰ এক বিশেষ অৱদান আগবঢ়াইছিল । দেশৰ দুৰ্গম অঞ্চলত কৰ্তব্যৰত হৈ থকা সেনাক গাখীৰ যোগান ধৰাত এই ফাৰ্ম যথেষ্ট সহায়ক হিচাপে পৰিচিত হৈছিল । সামৰিক ফাৰ্ম বন্ধ কৰাক লৈ দুখ প্ৰকাশ কৰি লেফটেনেণ্ট জেনেৰেল শশাংক মিশ্ৰই কয় যে, বুধবাৰে পতাকাখন তললৈ নমোৱাৰ সময়খিনি সকলো সেনা জোৱানৰ বাবে এক অতি আৱেগিক মুহুৰ্ত ।

এই পতাকাখন সেনাৰ সংগ্ৰহালয়ত সামৰিক ফাৰ্মৰ ইতিহাসৰ বিচাপে সংৰক্ষণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে । ফাৰ্ম স্থাপন কৰা ভূমি এতিয়াৰে পৰা সেনাই সঠিকভাৱে ব্যৱহাৰ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে । ইফালে, সামৰিক ফাৰ্মত কাম কৰা লোকসকলক আন বিভাগলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক:ক’ভিড 19: ভাৰতত নতুনকৈ ৫৩,৪৮০ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.