নেশ্যনেল ডেস্ক, 19 আগষ্ট : কংগ্ৰেছৰ অসম গোট(Assam unit of Congress)ত এক বৃহৎ প্ৰভাৱ পেলাই কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেব(former Congress MP Sushmita Deb)ক দলত অন্তৰ্ভুক্ত কৰি সফলতাক আৰু আগুৱাই নিয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে তৃণমূল কংগ্ৰেছ(Trinamool Congress) ৷ প্ৰাক্তন সাংসদগৰাকীয়ে তৃণমূলত যোগদান কৰাৰ পাচতে বৰাকৰ আৰু বহু কংগ্ৰেছ কৰ্মীয়ে তৃণমূলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, অসমৰ বৰাক উপত্যকা(Barak Valley of Assam)ৰ প্ৰায় 25 গৰাকী কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে আৰু আগন্তুক কিছুদিনৰ ভিতৰতে এইসকল কংগ্ৰেছ কৰ্মীয়ে তৃণমূলত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ তৃণমূলত যোগদান কৰাৰ পাচত সুস্মিতা দেবক এতিয়া অসম কংগ্ৰেছত বৃহৎ পৰিৱৰ্তন অনাৰ বাবে তৃণমূলৰ মুখ্য মাধ্যম হিচাপে গণ্য কৰা হৈছে ৷ দেবে ইটিভি ভাৰতক সদৰী কৰা মতে, বৰাক উপত্যকাত কংগ্ৰেছ কাৰ্যালয়ৰ কৰ্মীসকলে দলত্যাগ কৰিছে যদিও তৃণমূলত যোগদান কৰিবলৈ এতিয়াও বাকী আছে ৷
লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ
বৃহস্পতিবাৰে তেওঁ অসমত উপস্থিত হ'ব বুলি জানিবলৈ দি দেবে কয় যে, কংগ্ৰেছ কৰ্মীসকলে পদত্যাগৰ পূৰ্বে তেওঁক বিমানবন্দৰত লগ কৰিব বিচাৰিছে ৷ কিন্তু, তেওঁ এয়া কংগ্ৰেছ দলৰ দৃষ্টিকোণৰ পৰা এয়া সঠিক ন'হব বুলি কোৱাৰ পাচতে সকলোৱে দলৰ পৰা পদত্যাগ কৰিছে ৷
তৃণমূল কংগ্ৰেছৰ অসম গোট(Assam unit of Trinamool Congress)ক দেৱে আনুষ্ঠানিকভাৱে নেতৃত্ব দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে, তেওঁ কোনো চৰ্তৰ সৈতে তৃণমূল কংগ্ৰেছত যোগদান কৰা নাই ৷ তেওঁ কয়, "দলে মোৰ বাবে যি ভূমিকা বাছনি কৰিব, মই সেয়া গ্ৰহণ কৰিম ৷ এই পৰ্যন্ত কোনো নিৰ্দিষ্ট বিষয় সন্দৰ্ভত আলোচনা হোৱা নাই ৷ মই মাত্ৰ দলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছো" ৷
তৃণমূল কংগ্ৰেছত তেওঁৰ যোগদানে সংযুক্ত বিজেপি বিৰোধী মঞ্চ(united anti-BJP platform) হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ একেলগ হোৱা প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব নেকি সোধা প্ৰশ্নৰ উত্তৰত দেবে কয় যে, কংগ্ৰেছৰ পৰা তেওঁৰ প্ৰস্থান সন্দৰ্ভত এয়া অধিক ভবা হৈছে ৷ অৱশ্যে দেশখনত উদ্ভৱ হোৱা এই বৃহত্তৰ ছবিখনে সমগ্ৰ ৰাষ্ট্ৰৰ মনোভাৱ প্ৰতিফলিত কৰিছে বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক : সুস্মিতা হতাশগ্ৰস্ত : ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া
মোডীৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছে বুলি দাবী কৰি দেবে কয় যে, কংগ্ৰেছ দলৰ পৰা তেওঁৰ প্ৰস্থানে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ একেলগ হোৱা প্ৰক্ৰিয়াত কোনো আপোচ নকৰে ৷ অহা বছৰত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ সম্ভাৱনা সন্দৰ্ভত সোধাত দেবে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন(Tripura assembly elections)ত বিজেপিৰ কোনো সুযোগ নাই বুলি দাবী কৰে ৷ ত্ৰিপুৰাৰ ৰাইজে বিজেপিক এক অনন্য সুযোগ দিছিল যদিও বিজেপিয়ে একো নকৰিলে বুলি তেওঁ দাবী কৰে ৷
দেবে কয়, "দশকজুৰি বিশেষকৈ বিগত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচত মমতা বেনাৰ্জীয়ে যি ধৰণৰ বিশ্বাসযোগ্যতা আৰু ভাবমূৰ্তি বিকশিত কৰিছে , তাৰ পাচত বিজেপিৰ বাহিৰে সকলো ৰাজনৈতিক দলেই অনুভৱ কৰিছে যে, তৃণমূল কংগ্ৰেছেই একমাত্ৰ নিৰ্ভৰযোগ্য শক্তি" ৷
লগতে পঢ়ক : কংগ্ৰেছে কি দিয়া নাছিল সুস্মিতাক ?