ETV Bharat / bharat

Congress slams BJP : পেগাচাছৰ পাছত নতুন স্পাইৱেৰৰ সন্ধানত বিজেপি, কংগ্ৰেছৰ অভিযোগ - Congress slams BJP on spyware issue

কংগ্ৰেছৰ অভিযোগ অনুসৰি বিজেপি নতুন স্পাইৱেৰ অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে (Centre trying to buy new spyware)। ইয়াৰ বাবে ৯৮৬ কোটি টকা ব্যয় কৰিবলৈও ইচ্ছুক বিজেপি চৰকাৰ । এই নতুন স্পাইৱেৰটো আচলতে কি ?

Congress slams BJP
পেগাচাছৰ পাছত নতুন স্পাইৱেৰৰ সন্ধানত বিজেপি
author img

By

Published : Apr 10, 2023, 9:23 PM IST

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল : পেগাচাছৰ পাছত এইবাৰ নতুন এটা স্পাইৱেৰ ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে কেন্দ্ৰীয় চৰকাৰে ! এই গুৰুতৰ অভিযোগ কংগ্ৰেছৰ । গণতন্ত্ৰ বিৰোধী পদক্ষেপ বুলি অভিহিত কৰিছে কংগ্ৰেছে সোমবাৰে কয় যে, কেন্দ্ৰই ইজৰাইলৰ পৰা পেগাচাছ স্পাইৱেৰ ক্ৰয় কৰাৰ পাছত কগনাইট নামৰ এক নতুন স্পাইৱেৰ ক্ৰয় কৰাৰ চেষ্টা চলাইছে (Centre trying to buy spyware cognyte)।

কংগ্ৰেছেৰ প্ৰশ্ন স্পাইৱেৰ পেগাচাছ, কেমব্ৰিজ এনালাইটিকা আৰু টীম জৰ্জৰ দৰে মোডী চৰকাৰে মিডিয়া হাউচ, নাগৰিক অধিকাৰ কৰ্মী, ন্যায়পালিকা আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত স্নুপ কৰিবলৈ কগনাইট নামৰ এটা নতুন স্পাইৱেৰ ক্ৰয় কৰিছে নেকি ? চৰকাৰে নতুন স্পাইৱেৰৰ বাবে ৯৮৬ কোটি টকা খৰচ কৰিবলৈ ইচ্ছুক বুলিও কংগ্ৰেছে অভিযোগ কৰিছে । কংগ্ৰেছৰ সংবাদ মাধ্যমৰ মুৰব্বী পৱন খেৰাই কয় যে, চৰকাৰে পেগাচাছতকৈ সৰু প্ৰ'ফাইলৰ এটা নতুন স্পাইৱেৰ বিচাৰি আছে যাক বেছিভাগ দেশৰ দ্বাৰা ব্লেকলিষ্ট কৰা হৈছে (Congress slams BJP on spyware issue)।

খেৰাৰ মতে, প্ৰতিৰক্ষা আৰু চোৰাংচোৱা বিষয়াসকলে এনএছপি গোটৰ কম উন্মুক্ত প্ৰতিযোগীৰ পৰা নতুন স্পাইৱেৰ অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে, যি পেগাচাছ স্পাইৱেৰৰ গৰাকী আৰু ইয়াৰ বাবে ৯৮৬ কোটি টকা ব্যয় কৰিবলৈ ইচ্ছুক । খেৰাৰ প্ৰশ্ন, "মোডী চৰকাৰে নতুন স্পাইৱেৰ চূড়ান্ত কৰিবলৈ আলোচনাৰ উন্নত পৰ্যায়ত আছে নেকি ? এইটো সঁচা নেকি যে, প্ৰতিৰক্ষা মন্ত্ৰালয়েও এই সন্দৰ্ভত প্ৰস্তাৱৰ বাবে কৰা অনুৰোধৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে ।"

কংগ্ৰেছ নেতাৰাকীয়ে লগতে কয় যে, ২০১৮ চনত দলটোৱে কেমব্ৰিজ এনালাইটিকা আৰু বিজেপিৰ মাজৰ সন্দেহজনক সম্পৰ্ক প্ৰমাণ কৰিছে । তেওঁ কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আৰু বিহাৰ, ঝাৰখণ্ড, দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ আন পাঁচখন ৰাজ্যত চিএয়ে কেনেকৈ বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল সকলোৱে জানে । তেওঁ কয় যে শেহতীয়াকৈ, ইজৰাইলৰ হেকাৰৰ এটা দলক কংগ্ৰেছে টীম জৰ্জ নামেৰে উন্মোচিত কৰিছিল যাক বিজেপিৰ পৰিস্থিতি তন্ত্ৰই লক্ষ্যপূৰ্ণ অপপ্ৰচাৰ কৰি ভাৰতীয় নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰিছিল ।

তেওঁ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অবৈধ আৰু অসাংবিধানিক নিৰীক্ষণ ৰেকেটত নিজৰ ভূমিকাৰ বাবে বিজেপি চৰকাৰ আকৌ এবাৰ ৰাষ্ট্ৰৰ সন্মুখত উন্মোচিত হৈছে । নাম নোলোৱাকৈ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লক্ষ্য কৰি কয়, "দেশত দুজন চোৰাংচোৱা আছে আৰু তেওঁলোকে কাকো বিশ্বাস নকৰে । সেয়েহে, তেওঁলোকে গুপ্তচৰ ছফ্টৱেৰ ক্ৰয় কৰিবলৈ কোটি কোটি টকাৰ ৰাজহুৱা ধন ব্যৱহাৰ কৰে । তেওঁলোকে এনে কৰিছে কিয়নো তেওঁলোকে ভয় কৰে যে তেওঁলোকৰ মিছা কথা বোৰ উন্মোচিত হ'ব পাৰে ।"

খেৰাই লগতে কয় যে, যদি মোডীয়ে মানুহৰ ওপৰত স্নুপ কৰিবলৈ স্পাইৱেৰৰ ওপৰত ইমান খৰচ কৰি আছে, তেন্তে তেওঁ কিয় দেশবাসীক ক'ব নোৱাৰে যে আদানি শ্বেল কোম্পানীবোৰত ২০০০০ কোটি টকা কাৰ ? কংগ্ৰেছ নেতাজনে চৰকাৰক প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী বা এনএচএয়ে আগতে অবৈধ স্পাইৱেৰ পেগাচাছক কিয় কৰ্তৃত্ব প্ৰদান কৰিছিল আৰু এতিয়া নতুন স্পাইৱেৰ কগনাইট বা প্ৰিডেটৰ বা কোৱাড্ৰীমক কৰ্তৃত্ব প্ৰদান কৰি আছে ।

তেওঁৰ প্ৰশ্ন, "নাগৰিকসকলৰ বিৰুদ্ধে অবৈধ স্পাইৱেৰ ক্ৰয় আৰু মোতায়েন কৰাৰ বাবে দোষী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা উচিত ? মন্ত্ৰীসকল অপৰাধমূলকভাৱে দোষী নহয় নেকি আৰু টেলিগ্ৰাফ আইন, ১৮৮৫ ৰ ধাৰা ২৪, ২৫ আৰু ২৬ আৰু আইটি আইন ২০০০-ৰ ধাৰা ৬৬ ৰ ক্ষেত্ৰত শাস্তিৰ বাবে দায়বদ্ধ নেকি ?" কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ সমিতিয়ে পেগাচাছ গোচৰৰ তদন্ত কৰি আছে আৰু প্ৰাক্তন চিজেআইয়ে কৈছিল যে চৰকাৰে তদন্তত সম্পূৰ্ণ সহযোগিতা কৰা নাই । তদন্ত সমিতিৰ প্ৰতিবেদন এতিয়াও পোহৰলৈ অহা নাই ।

লগতে পঢ়ক :Karnataka Polls 2023: বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত ১০ দিনত নগদ ধনসহ ১০০ কোটি টকাৰ সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.