ETV Bharat / bharat

আফগানিস্তানৰ পৰা ভাৰতৰ নাগৰিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনেই ভাৰতৰ অগ্ৰাধিকাৰ: এছ জয়শংকৰ - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ

ভাৰতে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে । সমান্তৰালকৈ তাত আবদ্ধ ভাৰতীয় নাগৰিকক স্বদেশলৈ অনাৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে ।

Jaishankar
নাগৰিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ ওপৰত গুৰুত্ব দিছে ভাৰতে
author img

By

Published : Aug 19, 2021, 2:08 PM IST

নেশ্যনেল ডেস্ক , ১৯ আগষ্ট : আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিকলৈ চিন্তিত বিশ্ববাসী । ইতিমধ্যে আফগানিস্তাত থকা বিভিন্ন দেশৰ নাগৰিকে স্বদেশলৈ ৰাওনা হৈছে । ভাৰত চৰকাৰেও আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ওভতাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সমান্তৰালকৈ আফগানিস্তানত থকা বহু কেইগৰাকী বিষয়া, কৰ্মচাৰী, কূটনীতিবিদক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (External Affairs Minister S Jaishankar) বৃহস্পতিবাৰে টুইটযোগে কয় যে, ভাৰতে কাবুলৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । লগতে দেশবাসীৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দিছে ভাৰতে । ইফালে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকতো (UNSC) 'সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি' সন্দৰ্ভত বক্তব্য ৰাখি মন্ত্ৰী এছ জয়শংকৰে কয় যে সম্প্ৰতি কাবুল তালিবানে দখল কৰি লৈছে । সেয়ে সকলোৱে আফগানিস্তানৰ শান্তি আৰু নিৰাপত্তাৰ বাবে কাম কৰিব লাগিব ।

তেওঁৰ মতে বাকী দেশবোৰৰ দৰে ভাৰতেও আফগানিস্তানৰ উন্নয়নক অতি সাৱধানে অনুসৰণ কৰি আছে । লগতে আফগানিস্তানত নিৰাপত্তা নিশ্চিত কৰা আৰু ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ভাৰতে ।

আনহাতে যুদ্ধবিধ্বস্ত আফগানিস্তানত ভাৰতে কৰা বৃহৎ বিনিয়োগৰ বিষয়ে সোধাত জয়শংকৰে কয় যে, এই বিনিয়োগে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্ক সুদৃঢ় কৰে । আফগান লোকসকলৰ সৈতে সেই সম্পৰ্ক নিশ্চিতভাৱে অব্যাহত আছে । যাৰ বাবে অনাগত দিনত আফগানিস্তানৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী উল্লেখনীয় হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে নিৰাপত্তা পৰিষদৰ বৈঠকৰ পাচতে মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছক (UN Secretary-General Antonio Guterres) সাক্ষাৎ কৰে । টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে, দুয়োগৰাকীয়ে আফগানিস্তান সম্পৰ্কত আলোচনা কৰিছে । এই আলোচনাক লৈ যথেষ্ট আনন্দিত মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক :তালিবানে বন্ধ কৰিলে ভাৰতৰ সৈতে সামগ্ৰীৰ আমদানি-ৰপ্তানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.