ETV Bharat / bharat

Aditya L1 mission: সুকলমে আছে আদিত্য এল-১; স্বাভাৱিক প্ৰক্ৰিয়াৰে কৰিছে কাম - Solar mission of India

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকাটা স্পেচপোৰ্টৰ পৰা সফল উৎক্ষেপণ প্ৰায় কেইঘণ্টামান পাছতে আদিত্য এল-১ সফলতাৰে পিএছএলভি ৰকেটৰ পৰা পৃথক হৈছে । সম্প্ৰতি মহাকাশযানখনৰ অৱস্থা সুস্থিৰ আছে ।

Aditya L1 mission
সুকলমে আছে আদিত্য এল-১
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 3:35 PM IST

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে জনাইছে যে আদিত্য-১ অভিযানৰ উপগ্ৰহটোৰ অৱস্থা সুস্থিৰ আৰু সাধাৰণভাৱে কাম কৰি আছে ।

পৃথিৱীৰ চাৰিওফালে ই প্ৰদক্ষিণ কৰি আছে । ইছৰ’ৱে জনোৱা মতে মহাকাশযানখন নতুন মানুৱেৰ বা কক্ষপথত উপনিত হৈছে । নতুন কক্ষপথটো ২৪৫ কিঃমিঃ x ২২৪৫৯ কিঃমিঃ বিস্তীৰ্ণ ।

  • Aditya-L1 Mission:
    The satellite is healthy and operating nominally.

    The first Earth-bound maneuvre (EBN#1) is performed successfully from ISTRAC, Bengaluru. The new orbit attained is 245km x 22459 km.

    The next maneuvre (EBN#2) is scheduled for September 5, 2023, around 03:00… pic.twitter.com/sYxFzJF5Oq

    — ISRO (@isro) September 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পৰৱৰ্তী মানুৱেৰ (ইবিএন#২) ৫ ছেপ্টেম্বৰত ভাৰতীয় সময় প্ৰায় ৩ বজাত উপনীত হ'ব । অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকাটা স্পেচপোৰ্টৰ পৰা সফল উৎক্ষেপণৰ প্ৰায় কেইঘণ্টামান পাছতে শনিবাৰে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে আদিত্য এল-১ সফলতাৰে পিএছএলভি ৰকেটৰ পৰা পৃথক হৈছে ।

ইছৰোৰ মুৰব্বীয়ে কয় যে মহাকাশযানখন সঠিক কক্ষপথত সুমুৱাই দিয়া হৈছে । সোমনাথে ভাৰতৰ প্ৰথম সূৰ্য অন্বেষণৰ এই সফল উৎক্ষেপণত অৱদান আগবঢ়োৱা সকলো বিজ্ঞানীক অভিনন্দনো জ্ঞাপন কৰে ।

উল্লেখ্য যে চন্দ্ৰযান-৩ৰ সফল অৱৰণৰ পাছতে ইছৰোৱে ভাৰতৰ প্ৰথম সূৰ্য অন্বেষণ অভিযান আৰম্ভ কৰে আৰু আদিত্য এল-১ মহাকাশযান সফলভাৱে উৎক্ষেপণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ সফলতা আৰু দেশৰ সৌৰ অভিযান আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ক অভিনন্দন জ্ঞাপন কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে শনিবাৰে পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা আদিত্য-এল-১ক লৈ যোৱা পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি)ৰ সফল উৎক্ষেপণৰ দৃশ্য প্ৰত্যক্ষ কৰে । তেওঁ কয় যে আদিত্য এল-১ মহাকাশযানক ২৩৫x১৯,৫০০ কিলোমিটাৰ উপবৃত্তাকাৰ কক্ষপথত সুমুৱাই দিয়া হৈছে যিটো পিএছএলভিৰ দ্বাৰা অতি সঠিকভাৱে কৰা হৈছে ।

লগতে পঢ়ক :Aditya L1 launch : আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ পাছত ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.